NORTHEAST NOW (Assamese)

আজি মহাবীৰ লাচিতৰ জন্ম দিৱস; জালুকবাৰীত মুখ্য মন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

November 24, 2019 2:42 pm · এন ই নাও নিউজ

আজি অসমৰ সৌৰ্য-বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিতৰ জন্ম দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি উলহ-মালহেৰে পালন কৰা হয় লাচিত দিৱস। সমান্তৰালভাৱে ৰেইডৰ উদ্যোগত জালুকবাৰীৰ লাচিত উদ্যানতো পালন কৰা হয় লাচিত দিৱস।

ৰেইডৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জালুকবাৰীত বীৰ লাচিতৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায়। অনুষ্ঠানত মুখ্য মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত লাচিত বৰফুকনৰ আদৰ্শৰ কথাও উল্লেখ কৰে।

আজি লাচিত দিৱসৰ লগত সংগতি ৰাখি উদ্যোক্তাসকলে ৰক্ত দানৰ শিবিৰো অনুষ্ঠিত কৰে। অনুষ্ঠানটোত স্থানীয় ৰাইজ, শিক্ষাৰ্থী, কণ কাণ শিশু, প্ৰশাসনৰ লোককে ধৰি বহু গণ্য-মান্য লোক উপস্থিত থাকে।

ইফালে শিলচৰত এইবাৰ প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয়ভাৱে লাচিত দিৱস উদযাপন কৰে। হিন্দু যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম বেংগলী হিন্দু এচ’ছিয়েশ্যন’ (আভা) ৰ যুটীয়া উদ্যোগত শিলচৰৰ গান্ধীবাগ পথাৰত লাচিত দিৱস উদযাপন কৰা হৈছে।

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামী।

Related News