• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চুবুৰীয়া ভূটানত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী : এডভান্টেজ অসম ২.০ৰ সন্দৰ্ভত আয়োজিত ব্যৱসায়িক সম্মিলন আৰু ৰোড শ্ব’ত অংশগ্রহণ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 17, 2024 8:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা সোমবাৰে চাৰিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে চুবুৰীয়া দেশ ভূটানত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসম চৰকাৰৰ উদ্যোগত অহা বৰ্ষৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আসাম ইনভেষ্টমেন্ট এণ্ড ইনফ্রাস্ট্রাকচাৰ চামিট-২০২৫ ৰ লগত সংগতি ৰাখি ভূটানৰ ৰাজধানী থিফুৰ লা মেৰিডিয়ান হোটেলত আয়োজন কৰা এক ব্যৱসায়িক সন্মিলনত ভূটানৰ প্ৰধানমন্ত্ৰী দশো শ্বেৰিং টবগেৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বাণিজ্যিক কথা-বতৰা আলোচনা কৰে।

উক্ত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী শৰ্মাই কয় যে অসমে আজি আন্তঃগাঁথনিৰ ৰূপান্তৰ সাধন কৰি বাণিজ্য আৰু বিনিয়োগৰ অংশীদাৰিত্বৰে নতুন সুযোগ সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্ব প্রদান কৰিছে। ভাষণ প্রসংগত তেওঁ উল্লেখ কৰে যে অসমে এক্ট ইষ্ট পলিচিৰ জৰিয়তে বিভিন্ন খণ্ডত হোৱা সফলতা লাভ কৰিছে। এডভান্টেজ আসাম ইনভেষ্টমেন্ট এণ্ড ইনফ্রাস্ট্রাকচাৰ চামিট-২০২৫ৰ প্ৰসাৰৰ হকে ভূটানৰ পৰা আৰম্ভ কৰা ৰোড শ্ব’ই যুগ যুগ ধৰি অব্যাহত থকা অসম আৰু ভূটানৰ ঐতিহাসিক বন্ধুত্বমূলক সম্পর্ক তথা অর্থনৈতিক আদান প্ৰদানৰ দিশটোও অধিক ত্বৰান্বিত কৰিব।

তেওঁ লগতে ৰয়েল ভূটান চৰকাৰৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱসত অংশগ্ৰহণৰ বাবে আমন্ত্রণ লাভ কৰাৰ বাবে নিজকে সৌভাগ্যৱান বুলি কয়। তেওঁ কয় যে দুয়োটা ভৌগোলিক ভূখণ্ডক সংযোগ কৰা প্রাচীন বাণিজ্যিক পথসমূহ কেৱল চাহ, ৰেচম আৰু অন্যান্য সামগ্ৰী সৰবৰাহৰ পথ নাছিল বৰং ই আছিল পাৰস্পৰিক বুজা বুজি আৰু আন্তনিৰ্ভৰশীলতাৰ জীৱন ৰেখা।

যোৱা বছৰৰ ৯ নৱেম্বৰ মাহত ভূটানৰ ৰজাৰ অসম ভ্রমণে অসম আৰু ভূটানৰ ঐতিহাসিক বন্ধুত্বপূর্ণ সম্পর্ক অধিক শক্তিশালী কৰি তোলাৰ লগতে পাৰস্পৰিক বুজা বুজি আৰু গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিত দুয়োখন দেশকে নতুন পদক্ষেপৰ সন্ধানত অনুপ্ৰেৰণা যোগাব বুলি শৰ্মাই উল্লেখ কৰে।

তেওঁ কয় যে অহা বৰ্ষৰ ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অসমত এডভান্টেজ আসাম ইনভেষ্টমেন্ট এন্ড ইনফ্রাস্ট্রাকচাৰ চামিট আয়োজন কৰা হ’ব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া এই সম্মিলনে সমগ্র দক্ষিণ এছিয়াত বিনিয়োগ আৰু অংশীদাৰিত্ব গঢ়ি তোলাত এক নতুন মাত্রা প্রদান কৰিব। তেওঁ অসমত অনুষ্ঠিত হোৱা এডভান্টেজ আসামৰ যোৱা সংস্কৰণত ভুটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেৰ উপস্থিত থকাৰ বাবে অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লগতে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীক অহা বৰ্ষৰ ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আসাম ইনভেষ্টমেন্ট এণ্ড ইনফ্রাস্ট্রাকচাৰ সম্মিলত অংশগ্ৰহণৰ কৰি অনুষ্ঠানটোৰ শোভাবর্ধন কৰিবলৈ আমন্ত্রণ জনায়।

অসম আৰু ভূটানে সহযোগিতাৰে শক্তিখণ্ড, জলবিদ্যুৎ, নবীকৰণ যোগ্য শক্তি আদি ক্ষেত্রসমূহত উল্লেখযোগ্য পদক্ষেপেৰে অর্থনৈতিক বিকাশ সাধন কৰিব পৰাৰ অৱকাশ আছে বুলিও মুখ্যমন্ত্রীয়ে কয়।

অসম আৰু ভুটানে সহযোগিতাৰে প্রাকৃতিক আৰু সাংস্কৃতিক ক্ষেত্রখনতো আগুৱাই যাব পাৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পর্যটন ক্ষেত্ৰত ভূটানৰ প্ৰাচীন ভূ-প্রাকৃতিক স্থানসমূহৰ লগত অসমৰ কাজিৰঙা, মানস ৰাষ্ট্ৰীয় উদ্যানৰ লগতে মাজুলীৰ সৈতে সংযোগ কৰি এক পৰ্যটন চাৰ্কিটৰ পৰিৱেশ গঠনেৰে পৰ্যটন খণ্ডক সংবর্ধন আৰু সংৰক্ষণৰ প্ৰসাৰ ঘটাব পৰা যায়।

দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীত স্বাস্থ্যখণ্ডত কেন্সাৰ কেয়াৰ নেটৱৰ্ক গঢ় লৈ উঠা ব্যাপক ব্যৱস্থাপনাই ভূটানৰ ৰোগীসকলক সময়োপযোগী আৰু মানসম্পন্ন চিকিৎসা সেৱা আগবঢ়াই আহিছে বুলিও মুখ্যমন্ত্রীয়ে কয়।

 শিক্ষা আৰু দক্ষতা বিকাশ খণ্ডৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ শিক্ষানুষ্ঠানসমূহে ভূটানৰ ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনোৱাৰ লগতে চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভূটানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৫ খন আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে। অসমে ভূটানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এএনএম আৰু জিএনএমৰ প্ৰশিক্ষণৰ বাবেও বিশেষ কাৰ্যসূচী আগবঢ়োৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় এই সুযোগ-সুবিধাসমূহে ভূটানৰ যুৱক-যুৱতীসকলক বিশ্বমানৰ দক্ষতা আৰু জ্ঞানেৰে সবল কৰি তুলিব।

মুখ্যমন্ত্রীয়ে কয় যে অসমত ইথান’ল উৎপাদন আৰু কৃষিখণ্ডত প্রয়োজনীয় কুঁহিয়াৰ আৰু বাঁহকে ধৰি কৃষিজাত সামগ্ৰীৰ যোগানে ভূটানৰ বাবে এক সুযোগৰ সৃষ্টি কৰিছে। অসম চৰকাৰে ভূটানৰ উদ্যোগসমূহক খাদ্য আৰু পানীয়, হাঁহ-কুকুৰা আৰু খনিজ পদাৰ্থৰ দৰে খণ্ডত অসমৰ বজাৰ অন্বেষণ কৰাৰ ক্ষেত্ৰটো উৎসাহিত কৰি আহিছে বুলিও তেওঁ সদৰী কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে ভূটানৰ দূৰদৰ্শী নেতৃত্ব আৰু ইয়াৰ আৰ্থ-সামাজিক সংস্কাৰে দুয়োখন ভূ-খণ্ডৰে আঞ্চলিক প্ৰগতিক অধিক আগুৱাই নিব। আগন্তুক এডভান্টেজ আসাম ইনভেষ্টমেন্ট এন্ড ইনফ্রাস্ট্রাকচাৰ চামিটে দুয়োখন দেশৰে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে সহযোগিতাৰ এক পৰিৱৰ্তনশীল মঞ্চ হিচাপে চিহ্নিত কৰিব বুলিও মুখ্যমন্ত্রীয়ে কয়। তেওঁ লগতে ভূটানৰ উদ্যোগী, ব্যৱসায়িক অংশীদাৰসকলক এই চামিটত অংশগ্রহণ কৰিবলৈ আমন্ত্রণ জনায়।

উক্ত সন্মিলনত ৰয়েল ভূটান চৰকাৰৰ কেবিনেট মন্ত্রীসকল, ভূটানস্থিত ভাৰতৰ ৰাষ্ট্রদূত সুধাকৰ দালেলা, ভূটানৰ উদ্যোগী, ব্যৱসায়িক অংশীদাৰ আৰু জ্যেষ্ঠ বিষয়াসকলক উপস্থিত থাকে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd