খানাপাৰৰ কেন্দ্ৰীয় কাৰ্য্যসূচীত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্য মন্ত্ৰী সোণোৱালৰ

parade_15_Aug_2

খানাপাৰাৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত ৭২ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীৰ দৃশ্য।

নিশ্ছিদ্ৰ নিৰাপত্তাৰ মাজত ৭২ সংখ্যক স্বাধীনতা দিৱসৰ ৰাজ্য চৰকাৰে খানাপাৰাত অনুষ্ঠিত কৰা কেন্দ্ৰীয় কাৰ্য্যসূচীত মু্খ্য মন্ত্ৰী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে আৰু পেৰেডৰ অভিবাদন গ্ৰহণ কৰে।

বহু সংখ্যক লোকৰ উপস্থিতিত পালিত এই কাৰ্য্যসূচীৰ সময়ত আৰম্ভণিতে হেলিকপ্তাৰৰ সহায়ত পুষ্পবৃষ্টি কৰা হয়।

মঞ্চৰ পৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীক উদ্দেশ্যি স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া, কোশল কোঁৱৰ, কনকলতা বৰুৱা প্ৰমুখ্যে ৰাজ্যখনৰ চহিদসকলক স্মৰণ কৰে।

পতাকা উত্তোলনৰ পাছতেই দিয়া ভাষণত মুখ্য মন্ত্ৰীয়ে উপস্থিতসকলক চৰকাৰৰ কাম-কাজৰ থূলমূল খতিয়ান দিয়াৰ লগতে চৰকাৰে কি কি পৰিকল্পনা কৰিছে তাৰো চমু বিৱৰণ দাঙি ধৰে।

খানাপাৰাৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত ৭২ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীৰ দৃশ্য।

আনহাতে অলপতে চূড়ান্ত খচৰা প্ৰকাশ পোৱা এন আৰ চিৰ প্ৰসংগত মুখ্য মন্ত্ৰী সোণোৱালে কয়, “এন আৰ চি হৈছে ৰক্ষাকৱচ। সকলো বৈধ ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত হ’ব বুলি মই নিশ্চিত।” লগতে তেওঁ এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোত সহযোগ কৰা বাবে অসমৰ ৰাইজক শলাগে। এন আৰ চিৰ কামত নিয়োজিত ৫৫ হাজাৰ বিষয়া-কৰ্মচাৰীৰ নিষ্ঠা আৰু দায়বদ্ধতাৰো তেওঁ শলাগ লয়।

মুখ্য মন্ত্ৰীজনক ভাষণত কেইবাটাও প্ৰতিশ্ৰুতি দিয়া দেখা গ’ল। চলচ্চিত্ৰ উদ্যোগৰ উন্নয়নৰ বাবে মিনি চিনেমা হল স্থাপন, পুৰণি চিনেমা হলৰ উন্নয়নৰ কথা কয়।

আগৰ দৰেই ভাৰত-বাংলাদেশ সীমান্ত চীল কৰা হ’ব বুলি পুনৰ প্ৰতিশ্ৰুতি দিয়ে।

এইবোৰৰ উপৰি মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্মজয়ন্তী বৰ্ষজোৰা কাৰ্য্যসূচীৰে পালন কৰা, শদিয়াত ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি দিয়ে।

ইফালে চৰকাৰৰ সফলতাৰ তালিকাত এম জি এনৰেগা আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৩২ লাখ নিবনুৱাক কৰ্ম সংস্থাপন দিয়া, প্ৰধান মন্ত্ৰীৰ উজলা আঁচনিৰ সফল ৰূপায়ণ, ১৯খন কেন্সাৰ হস্পিটেল স্থাপন, উগ্ৰপন্থীৰ হাতত নিহত সংবাদ মাধ্যমৰ ৩১জন লোকৰ পৰিয়াললৈ ৫ লাখকৈ টকাৰ এককালীন সাহায্য প্ৰদান, স্বচ্ছ ভাৰত আঁচনিৰ অধীনত ৰাজ্যত ২৫ লাখ শৌচালয় নিৰ্মাণ আদিৰ উল্লেখ কৰে।

ভাষণত মুখ্য মন্ত্ৰীজনে অচিৰেই ৰাজ্যত নতুন ভূমি নীতি বলৱৎ কৰা হ’ব বুলিও জানিবলৈ দিয়ে।