শোণিতপুৰৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ লেহেমীয়া গতিত ক্ষুণ্ণ মুখ্য মন্ত্ৰী; ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান

Sonowal Assam CM

সৰ্বানন্দ সোণোৱালৰ ফাইল ফটো।

মুখ্য মন্ত্ৰী সৰ্বনন্দ সোণোৱালে শোণিতপুৰ জিলাত চলি থকা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যেৰে আজি তেজপুৰ বিমান কোঠত এন এইচ আই ডি চি এল আৰু গড়কপ্টানি বিভাগৰ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনামূলক বৈঠকত মিলিত হয়।

বৈঠকত মুখ্য মন্ত্ৰীয়ে জিলাখনত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কামৰ লেহেমীয়া গতিত অসন্তুষ্টি প্ৰকাশ কৰে। মুখ্য মন্ত্ৰীয়ে নিৰ্মাণ কাৰ্য্যৰ কাম খৰতকীয়া কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ এন এইচ আই ডি চি এলক আহ্বান জনায়।

আনহাতে, মুখ্য মন্ত্ৰীয়ে যিসকল ঠিকাদাৰে কামত সন্তোষজনক অগ্ৰগতি লাভ কৰিব পৰা নাই সেইসকলৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈও কয়। মুখ্য মন্ত্ৰীয়ে লগতে চাৰিলেন যুক্ত পথৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ নোহোৱা পৰ্যন্ত যান-বাহন চলাচলত অসুবিধা নোহোৱাকৈ বৰ্তমানৰ পথছোৱাও সঠিক কৰি ৰাখিবলৈ এন এইচ আই ডি চি এলৰ মহাপ্ৰবন্ধকক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

তদুপৰি, মুখ্য মন্ত্ৰীয়ে নগাঁও সংমণ্ডলৰ গড়কপ্টানি (ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ কাৰ্যবাহী অভিযন্তা গৰাকীক তেজপুৰৰ পৰা কলিয়াবৰলৈ নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে। সোণোৱালে লগতে মিশ্যন চাৰিআলিৰ পৰা জামুগুৰিলৈ এই পথছোৱা মেৰামতিৰ বাবেও প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে তেজপুৰ বিমান কোঠৰ সঞ্চালক গৰাকীৰ সৈতেও তেজপুৰলৈ বিমান পৰিবহনৰ  বিষয়টো পৰ্যালোচনা কৰে। তেওঁ কয় যে তেজপুৰ বিমান কোঠৰ পৰা নিয়মিতভাবে চলাচল কৰা বিমানৰ সংখ্যা বৃদ্ধি কৰা আৰু জনসাধাৰণৰ বিমান যাত্ৰাৰ সুবিধা হোৱাকৈ বিমানকোঠ আধুনিকীকৰণ কৰা বিষয় সমূহৰ সম্পৰ্কতো সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত আলোচনা কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব।

আজিৰ আলোচনাৰ সময়ত শোণিতপুৰ জিলাৰ উপায়ুক্ত নৰসিং পাৱাৰ সম্ভাজী উপস্থিত থাকে।