NORTHEAST NOW (Assamese)

ৰাজ্যৰ শিক্ষা বিভাগলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন নিৰ্দেশ; কি কি আছে নিৰ্দেশসমূহত?

May 19, 2021 10:39 am · কল্পজ্যোতি শইকীয়া

শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত শিক্ষা বিভাগৰ কাম-কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নিম্নোল্লিখিত নিৰ্দেশনাসমূহ প্ৰদান কৰে —

▶️শিক্ষক নিযুক্তি আৰু বদলিকৰণ আইন কঠোৰভাৱে বলৱৎকৰণৰ নিৰ্দেশ।

▶️ মাদ্ৰাছাসমূহক সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰৰ প্ৰক্ৰিয়া দ্ৰুততৰ কৰাৰ নিৰ্দেশ।

▶️ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত অগ্ৰাধিকাৰ ভিত্তিত শিক্ষক নিযুক্তিৰ নিৰ্দেশ।

▶️ ৰাজ্যৰ ইঞ্জিনিয়াৰিং আৰু পলিটেকনিক শিক্ষানুষ্ঠানসমূহৰ বাবে এক স্বতন্ত্ৰ নিযুক্তি প্ৰদানকাৰী সংস্থা গঠনৰ নিৰ্দেশ।

▶️ ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ খালী পদসমূহত দ্ৰুততাৰে শিক্ষক নিযুক্তি সম্পূৰ্ণ কৰাৰ নিৰ্দেশ।

▶️নতুন আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠাৰ লগতে শিক্ষক ৰিটেনশ্যন পলিচী যুগুতৰ নিৰ্দেশ।

▶️ চাহ বাগিচা এলেকাৰ বিদ্যালয়সমূহৰ বাবে শিক্ষকৰ পদ সৃষ্টিৰ নিৰ্দেশ।

▶️ কলেজ শিক্ষকৰ নিযুক্তিক এক নিয়মীয়া প্ৰক্ৰিয়াৰূপে গ্ৰহণৰ নিৰ্দেশ।

▶️ গুণোৎসৱৰ ফলাফলৰূপে হাতত ল’বলগীয়া আন্তঃগাঁথনিমূলক কামসমূহ শীঘ্ৰে সমাপ্ত কৰাৰ নিৰ্দেশ।

▶️ নতুনকৈ গঠন কৰা জিলা আৰু মহকুমাসমূহৰ বাবে শীঘ্ৰে প্ৰশাসনিক পদসমূহ পূৰণৰ নিৰ্দেশ।

▶️ নৱনিযুক্ত শিক্ষকসকলে যাতে অহা ১ জুনৰ ভিতৰত দৰমহা লাভ কৰে, সেয়া সুনিশ্চিত কৰাৰ নিৰ্দেশ।

▶️ স্কুটী বিতৰণৰ বাকী কামসমূহ ১৫ জুনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ।

▶️ সকলো শিক্ষকক একেটা নিয়ন্ত্ৰণকাৰী সংস্থাৰ অধীনলৈ আনিব পৰা যায় নেকি সেয়া পৰীক্ষাৰ বাবে শিক্ষা বিভাগক নিৰ্দেশ।

Related News