• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ পূবৰ ৩ খন ৰাজ্যত এনডিএৰ পৰাজয়ৰ বাবে কাক জগৰীয়া কৰিলে হিমন্ত বিশ্বই? সৰৱ গৌৰৱ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 7, 2024 10:29 am
সাংবাদিকৰ সৈতে মুখ্যমন্ত্ৰীৰ বাৰ্তালাপ। ফটোঃ ক্ৰীণশ্বট।

সাংবাদিকৰ সৈতে মুখ্যমন্ত্ৰীৰ বাৰ্তালাপ। ফটোঃ ক্ৰীণশ্বট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰ, নাগালেণ্ড আৰু মেঘালয়ত বিজেপিৰ নিৰ্বাচনী বিপৰ্যয়ৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই ‘বিশেষ ধৰ্ম’ক জগৰীয়া কৰে। ইয়াৰ পিছতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনীতিত বিতৰ্কৰ সূত্ৰপাত হৈছে।

বৃহস্পতিবাৰে এই সন্দৰ্ভত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে। এসময়ৰ দলীয় সতীৰ্থ কটাক্ষ কৰি গৌৰৱে কয়, ‘পৰাজয়ৰ দায়িত্ব গ্ৰহণ কৰাৰ পৰিপক্কতা অসমৰ মুখ্যমন্ত্ৰীৰ নাই।’

তদুপৰি, গৌৰৱে মণিপুৰ, নাগালেণ্ড আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীক হিমন্তৰ মন্তব্যক গৰিহণা দিবলৈ আহ্বান জনাইছে। মন কৰিবলগীয়া যে এই তিনিখন ৰাজ্যত বিজেপি বা এন ডি এৰ মিত্ৰজোঁটৰ অংশীদাৰ চৰকাৰ চলি আছে।

লগতে পঢ়কঃ এক্সিট প’লৰ জৰিয়তে শ্বেয়াৰ দুৰ্নীতিৰ অভিযোগ; জেপিচি দাবীৰে আৰম্ভণিতে মোডীক চাপত পেলালে ৰাহুলে!

উল্লেখ্য যে মণিপুৰ, নাগালেণ্ড আৰু মেঘালয়ত বিজেপিৰ দুৰ্বল ফলাফলৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত হিমন্তই কৈছিল, ‘সেই ৰাজ্যবোৰত এটা বিশেষ ধৰ্মই মুকলিকৈ আমাৰ চৰকাৰৰ বিৰুদ্ধে গৈছিল আৰু সেই ৰাজ্যবোৰত সেই বিশেষ ধৰ্মৰ বহু লোক আছে। গতিকে ই এটা পাৰ্থক্য আনিলে। এয়া কোনো ৰাজনৈতিক পৰাজয় নহয়। কাৰণ কোনেও ধৰ্মৰ লগত যুঁজিব নোৱাৰে। ধৰি লওক কাইলৈ ​​যদি সকলো শংকৰাচাৰ্যই বহি কয় যে হিমন্তক পৰাজিত কৰিবই লাগিব, তেন্তে মই কেনেকৈ চাৰিজন শংকৰাচাৰ্যৰ লগত যুঁজিম? সাধাৰণতে তেওঁলোকে ৰাজনীতিত হস্তক্ষেপ নকৰে। কিন্তু এইবাৰ যি কাৰণতেই নহওক কিয়, তেওঁলোকে অসমৰ ৰাজনীতিতো হস্তক্ষেপ কৰিছে। ইয়াত আমি সেই বিশেষ ধৰ্মৰ ভোট নাপালোঁ।’

লগতে পঢ়কঃ ICC T20 World Cup: চলিত বিশ্বকাপত প্ৰথমটো অঘটন! ছুপাৰ অভাৰত পাকিস্তানক পৰাস্ত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই

হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক গৰিহণা দি গৌৰৱ গগৈয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্টত লিখিছে, ‘অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বহীন আৰু অসংলগ্ন বক্তব্যক গৰিহণা দিছো। মণিপুৰ, মেঘালয়, নাগালেণ্ডত এন ডি এৰ পৰাজয়ৰ দায়িত্ব ল’ব পৰা পৰিপক্কতা তেওঁৰ নাই। মই সংশ্লিষ্ট ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলক এই মন্তব্যক ৰাজহুৱাভাৱে গৰিহণা দিবলৈ আহ্বান জনাইছো। আমি একেলগে উত্তৰ-পূৰ্বাঞ্চলৰ অনন্য পৰিচয় ৰক্ষা কৰিব লাগিব।’

I condemn the irresponsible and reckless statement of the Chief Minister of Assam Himanta Biswa Sarma. He does not have the maturity to accept the responsibility for the losses of the NDA in Nagaland , Meghalaya and Manipur. I appeal to the Chief Ministers of the respective… https://t.co/Qn2i2LhDKn

— Gaurav Gogoi (@GauravGogoiAsm) June 6, 2024

মণিপুৰ, নাগালেণ্ড আৰু মিজোৰামত কংগ্ৰেছ আৰু আঞ্চলিক দলসমূহৰ মাজত বিজেপি আৰু ইয়াৰ মিত্ৰ দলসমূহৰ বিপৰ্যয় ঘটিছে। নাগালেণ্ড আৰু মেঘালয় প্ৰধানকৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী। আনহাতে মণিপুৰতো খ্ৰীষ্টান জনসংখ্যা উল্লেখযোগ্য।

এই পৰিস্থিতিত মেঘালয়ত ভয়েচ অৱ পিপল পাৰ্টি আৰু কংগ্ৰেছে জয়লাভ কৰে। নাগালেণ্ডৰ একমাত্ৰ লোকসভা আসনত কংগ্ৰেছ প্ৰাৰ্থী এছ চুপংমেৰেন জমিৰে শাসকীয় নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ প্ৰাৰ্থী চুমেন মুৰীক ৫০ হাজাৰৰো অধিক ভোটত পৰাস্ত কৰিছে। মণিপুৰতো বিজেপিয়ে লোকসভাৰ দুয়োখন আসন হেৰুৱাইছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

September 12, 2025 9:55 pm
“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

September 12, 2025 9:00 pm
ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

September 12, 2025 8:18 pm
নেপালত ৰাষ্ট্ৰপতিক সাক্ষাৎ সেনা প্ৰধানৰ : অতি সোনকালে হ’ব পাৰে ডাঙৰ ঘোষণা

নেপালত ৰাষ্ট্ৰপতিক সাক্ষাৎ সেনা প্ৰধানৰ : অতি সোনকালে হ’ব পাৰে ডাঙৰ ঘোষণা

September 12, 2025 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

September 12, 2025 9:55 pm
“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

September 12, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd