• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চ্যুকাফাক চীনা আক্ৰমণকাৰী সজোৱা বঙালী বুদ্ধিজীৱি গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 19, 2020 4:30 pm
2.2k
VIEWS
Share on FacebookShare on Twitter

বৰ অসমৰ ভেটি গঢ়োঁতা স্বৰ্গদেউ চাওল্যুং চ্যুকাফাক চীনা আক্ৰমণকাৰী সজোৱা কলিকতাৰ তথাকথিত আৰু বিতৰ্কিত বুদ্ধিজীৱি গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উল্লেখযোগ্য যে চুকাফাৰ লগতে আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে সামাজিক মাধ্যমত কটু মন্তব্য কৰিছিল চেটাৰ্জীয়ে।

আনকি চীনা আক্ৰমণকাৰীৰ বাবে বিশেষ দিনৰ কিয় প্ৰয়োজন বুলি সোণোৱালক প্ৰশ্ন কৰি কটাক্ষ কৰিছিল গৰ্গে।

সেয়েহে পশ্চিমবংগৰ গৰ্গক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি অসমলৈ আনিবলৈ গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তক মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

পশ্চিমবংগৰ এইগৰাকী ব্যক্তিক গ্ৰেপ্তাৰৰ বাবে আজিয়েই মহানগৰ আৰক্ষীক কলকাতালৈ ৰাওনা হোৱাৰ বাবে মহানগৰ আৰক্ষী আয়ুক্তক নিৰ্দেশ দিয়ে মুখ্য মন্ত্ৰীয়ে।

উল্লেখযোগ্য যে, গৰ্গৰ বিৰুদ্ধে কালি ডিব্ৰুগড় সদৰ থানাত ভাস্কৰ জ্যোতি গগৈ নামৰ যুৱক এজনে গোচৰ দি তেওঁক গ্ৰেপ্তাৰৰ দাবী জনাইছিল।

লগতে পঢ়ক চ্যুকাফা চীনা আক্ৰমণকাৰী! অসমীয়াৰ বুকুত কামোৰাৰ সাহস কৰা কোন এই গৰ্গ চেটাৰ্জী?

ইপিনে যোৱা ১৭ জুনৰ দিনা ৯:১৪ ত অসমৰ ইতিহাসৰ বিষয়ে সম্যক জ্ঞান নথকা গৰ্গ য়ে প্ৰথমটো টুইটত লিখিছিল “ভাৰতত এখন ৰাজ্য আছে য’ত অসম বিজেপিয়ে ‘ৰাজ্য দিৱস’ৰ দিনটোত চীনা আক্ৰমণকাৰীক শ্ৰদ্ধা জনায়। যিজনে ভাৰতক চীনা সৈন্য লগত লৈ অতি নৃশংসভাৱে আক্ৰমণ কৰিছিল। এইজন আক্ৰমণকাৰীক নায়ক সজাই ভাৰত বিৰোধী সশস্ত্ৰ সংগঠন আলফাই।‘ অসম সম্পৰ্কে সম্যক জ্ঞান নথকা তথাকথিত বুদ্ধিজীৱিগৰাকীয়ে প্ৰথম টুইটত এই দৰে লিখে।

অৱশ্যে, কিছু সময় পাছত তেওঁ এই পোষ্টটো ডিলিট কৰি তাতে ক্ষান্ত নাথাকি পুনৰ সৰ্বানন্দ সোণোৱালক উদ্দেশ্যি এটা টুইট লিখে বিতৰ্কিত বুদ্ধিজীৱীগৰাকীয়ে।

তেওঁ লিখি কৈছিল “কি কাৰণত সৰ্বানন্দ সোণোৱালে নিয়মীয়াকৈ চীনা আক্ৰমণকাৰী আৰু তেওঁৰ সৈন্যবাহিনীৰ জন্মদিৱস উদযাপন কৰে? ঠিক সেইদৰে কিয় নিষিদ্ধ ঘোষিত সংগঠন আলফাই চীনা আক্ৰমণকাৰীসকলৰ দিৱস উদযাপন কৰে? কিয় বিজেপি চৰকাৰে ভাৰত চৰকাৰৰ ধন চীনা আক্ৰমণকাৰীৰ মূৰ্তি নিৰ্মাণ কৰাৰ নামত খৰচ কৰে?’

Recent News

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

প্ৰাপ্তবয়স্ক অভিনেত্ৰী কাইলী পেজৰ ২৮ বছৰ বয়সত মৃত্যু, অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ধন সংগ্ৰহ কৰিছে পৰিয়ালে

প্ৰাপ্তবয়স্ক অভিনেত্ৰী কাইলী পেজৰ ২৮ বছৰ বয়সত মৃত্যু, অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ধন সংগ্ৰহ কৰিছে পৰিয়ালে

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd