অ’এনজিচিৰ অপহৃত বিষয়া ৰিতুল শইকীয়াৰ মুক্তিৰ বাবে তাৎক্ষণিক পদক্ষেপ ল’ব অসম চৰকাৰে: মুখ্যমন্ত্ৰী

1-1140x570

মাজুলীৰ আৱৰ্ত ভৱনত বৃহস্পতিবাৰে অ'এনজিচিৰ অপহৃত বিষয়া ৰিতুল শইকীয়াৰ পত্নীৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ।

বৃহস্পতিবাৰে মাজুলীৰ আৱৰ্ত ভৱনত কোলাত চাৰিমহীয়া সন্তান লৈ আলফা স্বাধীনে অপহৰণ কৰা অ’এনজিচিৰ বিষয়া ৰিতুল শইকীয়াৰ পত্নীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে।

ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই দিনজোৰা ভ্ৰমণসূচীৰে মাজুলীলৈ অহা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তিতাবৰৰ নৱ নিৰ্বাচিত বিধায়ক ভাষ্কৰজ্যোতি বৰুৱা সহ সাক্ষাৎ কৰে ৰিতুল শইকীয়াৰ পত্নীয়ে।

ৰিতুলৰ পত্নী শতাব্দী শইকীয়াই স্বামী ৰিতুলক উদ্ধাৰ কৰি আনিবলৈ মুখ্যমন্ত্ৰী গৰাকীক কাতৰভাৱে আহ্বান জনায়।

সাক্ষাৎকালত তিতাবৰৰ বিধায়ক ভাষ্কৰজ্যোতি বৰুৱাই আলফা আৰু এন এ চি এনৰ কৱলৰ পৰা ৰিতুলক উদ্ধাৰ কৰাৰ বাবে সেনা আৰু দেশৰ গৃহ মন্ত্ৰ্যালয়ৰ সৈতে আলোচনা কৰাৰ বাবেও মুখ্যমন্ত্ৰী গৰাকীক আহ্বান জনায়।

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত সাংবাদিকৰ আগত ৰিতুল শইকীয়াৰ পত্নীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে ম্যানমাৰত ৰিতুল কুশলে আছে বুলি আমাক কৈছে। মুখ্যমন্ত্ৰী গৰাকীয়ে মোৰ স্বামীক উদ্ধাৰ কৰাত সহায় কৰিব আমি আশাবাদী।

আনহাতে, তিতাবৰৰ বিধায়ক ভাষ্কৰজ্যোতি বৰুৱাই জানিবলৈ দিয়ে যে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক আশ্বাস দিছে। তেওঁ মুখ্যমন্ত্ৰীয়ে আলফা, এন এচ চি এনৰ লগতেই ৰিতুল শইকীয়া থকাৰ ইংগিত দিয়া বুলি সদৰী কৰে।

যোৱা ২১ এপ্ৰিলৰ পুৱতি নিশা লাকুৱাৰ অ’এনজিচিৰ ৮নং জিজিএছৰ পৰা মোহিনীমোহন গগৈ, ৰিতুল শইকীয়া আৰু অলকেশ শইকীয়া নামৰ তিনিগৰাকী বিষয়াক অপহৰণ কৰা হৈছিল ।

ইয়াৰ পাছতে ২৩ এপ্ৰিলৰ নিশা নাগালেণ্ডৰ মন জিলাৰ পৰা অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈক উদ্ধাৰ কৰা হয়। আনহাতে, বৰ্তমানেও সন্ধানহীন হৈ আছে আনগৰাকী বিষয়া ৰিতুল শইকীয়া।