এছ অ’ এছ শিশু গাঁৱৰ শিশুসকলক উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান

এছ অ’ এছ শিশু গাঁৱলৈ গৈ শিশুসকলক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে উপহাৰ আৰু ফলমূল

DSC_9366

শিশু দিৱসৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মহানগৰীৰ আজাৰাস্থিত এছ অ’ এছ শিশু গাঁৱলৈ গৈ শিশুসকলক উৎসাহ আৰু প্ৰেৰণা যোগায়৷

মুখ্যমন্ত্ৰীয়ে শিশুসকলৰ মাজত ফল-মূলৰ লগতে উপহাৰো বিতৰণ কৰে। মুখ্যমন্ত্ৰীয়ে শিশুসকলক শিশু দিৱসৰ লগতে দীপাৱলীৰ আন্তৰিক শুভেচ্ছাও জ্ঞাপন কৰে।

শিশুসকলক উদ্দেশ্যি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে শিশুসকলে কঠোৰ পৰিশ্ৰমেৰে অধ্যয়নত মগ্ন হোৱাৰ বাবে প্রতিজ্ঞাবদ্ধ হ’ব লাগিব। উপযুক্ত শিক্ষা লাভ কৰি জ্ঞান আহৰণৰ জৰিয়তে সমাজখনলৈ নিষ্ঠাৰে সেৱা আগবঢ়াব লাগিব বুলিও তেওঁ কয়।

শিশুসকল দেশৰ ভবিষ্যৎ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আদৰ্শ নাগৰিক হিচাপে নিজকে গঢ় দিয়াৰ বাবে প্রয়াস চলাব লাগিব। শিক্ষা, সংস্কৃতি, ক্ৰীড়া, সাহিত্য, বিজ্ঞান, বৌদ্ধিক জগতকে ধৰি সকলো ক্ষেত্ৰতে পাকৈত আৰু যোগ্যতাসম্পন্ন নাগৰিক হিচাপে নিজকে গঢ় দিয়াৰ বাবে শিশুসকলে সংকল্প ল’ব লাগিব বুলিও তেওঁ কয়।

তেওঁ কয় যে শিশু দিৱস উদযাপনে জীৱনত সঠিক বাটত আগবাঢ়ি যোৱাৰ বাবে শক্তি প্রদান কৰে। প্রাক্তন প্রধানমন্ত্ৰী জৱহাৰলাল নেহৰুৰ জন্ম দিৱসত শিশু দিৱস উদ্যাপনৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ল’ৰালিকালৰে পৰা সঠিক যত্ন ল’লেহে ভাল মানুহ গঢ়াতো সম্ভৱ।

মহাত্মা গান্ধীয়ে অহিংসাৰ বাণীৰে মানৱতাৰ বীজ অংকুৰিত কৰি থৈ গৈছে। শিশুসকলক মহান মনীষী, বীৰ পুৰুষসকলৰ আদৰ্শৰে আগবঢ়াই লৈ যোৱাৰ বাবেও শিশুৰ যত্নত নিয়োজিত হৈ থকা সকলোকে মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে কয় যে এছ অ’ এছ শিশু গাঁৱে শিশুৰ উৎকৰ্ষ সাধনৰ বাবে কাম কৰি আহিছে। আগন্তক দিনত শিশুসকলে যাতে শৃংখলাবদ্ধ অধ্যয়ন, অনুশাসন মানি চলি জীৱনক সুন্দৰ কৰি তুলিব পাৰে আৰু এই ‘চৌহদে আদৰ্শবান ব্যক্তি গঢ় দিব পাৰে তাৰ বাবে দৃঢ়তাৰে সকলোৱে প্রয়াস চলাব লাগিব বুলিও তেওঁ কয়।