নতুন বছৰৰ প্ৰথমটো দিনতে নলবাৰীত মুখ্য মন্ত্ৰী সোণোৱালক ক’লা পতাকা প্ৰদৰ্শন

Black-Flag-to-Sonowal

মুখ্য মন্ত্ৰীক নলবাৰীত ক'লা পতাকা

ইংৰাজী ২০২০ বৰ্ষৰ প্ৰথমটো দিনতে নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰতিবাদকাৰী সকলৰ ক’লা পতাকাৰ সন্মুখিন হ’বলগীয়া হয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

সৰ্থেবাৰীৰ নসত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমলৈ গৈ থকা অৱস্থাত নলবাৰীত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে সোণোৱালৰ কনভয়ক ক’লা পতাকা দেখুৱায়।

সোণোৱাল পথেৰে সৰ্থেবাৰীলৈ আহিব বুলি গম পাই আৰক্ষীয়ে নিৰাপত্তা বেহু কটকটীয়া কৰি তুলিছিল।

আৰক্ষীৰ সুৰক্ষা বেহুৰ মাজতে আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে সোণোৱালক ক’লা পতাকা প্ৰদৰ্শন কৰাত আৰক্ষীয়ে বৰ্বৰভাৱে প্ৰতিবাদকাৰী সকলক খেদি খেদি আক্ৰমণ কৰে।

আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চন্দন বেজবৰুৱা।

উল্লেখযোগ্য যে, লোকসভা আৰু ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছতে অসমত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি জনগোষ্ঠীয় সংগঠনসমূহৰ নেতৃত্বত প্ৰতিবাদ তীব্ৰ হৈ পৰে।

আছুই বিভিন্ন স্থানত জনসভা অনুষ্ঠিত কৰি চৰকাৰৰ স্থিতিৰ বিৰুদ্ধে জনমত গঢ়ি তোলাৰ মাধ্যমেৰে গণতান্ত্ৰিক পদ্ধতিত আন্দোলন আগুৱাই নিছে।

ইপিনে, উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব (সংশোধনী)আইনৰ বিৰোধিতাৰে বিভিন্ন পক্ষই আবেদন দাখিল কৰিছে। পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে কি ৰায় দিয়ে সেয়া লক্ষ্যণীয় হ’ব।