সাধাৰণ নাগৰিকৰ মূৰত মাধমাৰঃ মুখ্যমন্ত্ৰীয়ে নাজানে ঔষধৰ মূল্যবৃদ্ধিৰ কথা!

Himanta Biswa Sarma

যোৱা ১ এপ্ৰিলৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হোৱাকৈ বৃদ্ধি পাইছে প্ৰায় ৮০০ বিধ জীৱনদায়িনী ঔষধৰ মূল্য। কেন্দ্ৰৰ এই সিদ্ধান্তক লৈ ক্ষোভিত হৈ পৰিছে সৰ্বসাধাৰণ লোকসকল।

ঔষধৰ মূল্যবৃদ্ধিয়ে সাধাৰণ নাগৰিকসকলক সমস্যাত পেলালেও পিছে এই লৈ চিন্তিত নহয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বৰঞ্চ তেওঁ এতিয়াও লাভ কৰা নাই ঔষধৰ মূল্যবৃদ্ধিৰ খবৰ।

ডিফুত এক অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ আগত এই দাবী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্রীগৰাকীৰ মন্তব্য, তেওঁ ঔষধৰ মূল্যবৃদ্ধিৰ এনে কোনো খবৰ পোৱা নাই৷

তেওঁ লগতে কয় যে ঔষধৰ দাম সংশোধন কৰিলেও চৰকাৰে জনসাধাৰণক ৫ লাখ টকা পৰ্যন্ত সুবিধা প্ৰদান কৰা কাৰ্ড প্ৰদান কৰিছিল।

এই কাৰ্ডৰ জৰিয়তে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত মানুহে বিনামূলীয়াকৈ ঔষধ ক্ৰয় কৰিব পাৰে বুলিও তেওঁ দোহাৰে। এনে মন্তব্যৰে তেওঁ ঔষধৰ মূল্যবৃদ্ধিৰ বিষয়টোক প্ৰায় গুৰুত্বহীন কৰি তোলে।