NORTHEAST NOW (Assamese)

বিশিষ্ট সাংবাদিক, সাহিত্যিক প্ৰফুল্ল ৰাজগুৰুৰ মৃত্যুত মুখ্য মন্ত্ৰী সোণোৱালৰ শোক প্ৰকাশ

March 27, 2019 6:23 pm · এন ই নাও নিউজ
বিশিষ্ট শিক্ষাবিদ, সাংবাদিক প্ৰফুল্ল ৰাজগুৰু। ফটো উৎস: ফেচবুক

বিশিষ্ট সাংবাদিক, সাহিত্যিক, শিক্ষাবিদ প্ৰফুল্ল ৰাজগুৰুৰ পৰলোকপ্ৰাপ্তিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।

এক শোকবাৰ্তাত মুখ্য মন্ত্ৰী সোণোৱালে কয় যে প্ৰয়াত ৰাজগুৰুৱে ‘আমাৰ অসম’ যোৰহাট সংস্কৰণৰ আৱাসিক সম্পাদক আৰু ‘দৈনিক জনমভূমি’ত সম্পাদনা আৰু পৰামৰ্শদাতা হিচাপে অসমৰ সংবাদ জগতলৈ অনৱদ্য বৰঙণি আগবঢ়াই গৈছে। এগৰাকী সুবক্তা হিচাপে পৰিচিত প্ৰয়াত ৰাজগুৰুৱে শিক্ষা জগতখনলৈও অনন্য বৰঙণি আগবঢ়াই গৈছে।

তাৰোপৰি মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে যে, ‘প্ৰয়াত ৰাজগুৰুৱে সাহিত্য অকাডেমি মেকাৰ্ছ অৱ ইণ্ডিয়ান লিটাৰেচাৰ চিৰিজৰ ‘আনন্দচন্দ্ৰ বৰুৱা’ ৰচনা কৰাৰ লগতে ‘মুলক্ৰুজ আনন্দ’, ‘মবিদিক’ ইত্যাদিৰ দৰে গ্ৰন্থ অনুবাদ কৰি আমাৰ সাহিত্য জগতখনকো চহকী কৰি থৈ গৈছে। তেওঁৰ বিয়োগ আমাৰ জাতীয় জীৱন তথা সামাজিক ক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি।‘

মুখ্য মন্ত্ৰী গৰাকীয়ে প্ৰফুল্ল ৰাজগুৰুৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Related News