NORTHEAST NOW (Assamese)

অসমত কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৬০ গৰাকীলৈ বৃদ্ধি,আজি নতুনকৈ ১৫১৮ গৰাকী প’জিটিভ

October 5, 2020 10:14 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

ৰাজ্যত আজি পুনৰ ১১ গৰাকী লোকে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে।

ইয়াৰ ফলত অসমত বৰ্তমানলৈ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৬০ গৰাকীলৈ বৃদ্ধি পায়।

আজি ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা লোক কেইগৰাকী হ’ল ক্ৰমে- শিৱসাগৰৰ ঠাকুৰ দাস ৰয়(৫৮), ধেমাজীৰ বীৰেণ দলে(৪৪), লখিমপুৰৰ গুণাহাটী বৰুৱা(৬৫), বৰপেটাৰ অনিৰুদ্ধ ডেকা(৫৫), দৰং জিলাৰ গৌৰেশ্বৰী বড়ো(৬৫), কামৰূপ মেট্ৰ’ৰ হছেইন হাজৰিকা(৫২), গোলাঘাটৰ অখিলেশ দত্ত(৩২) আৰু লুচান বৰা(৬৫), মৰিগাঁৱৰ দুৰ্গেশ্বৰ মেধি(৫৬), ডিব্ৰুগড়ৰ খুকন দত্ত(৬৭) আৰু পৰেশ ভড়ালী(৫৭)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াযোগে ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা আটাইকেইগৰাকী ব্যক্তিৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

আনহাতে, আজি অসমত পুনৰ ১৫১৮ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰ ফলত ৰাজ্যত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ১৮৭৭১৮ গৰাকীলৈ বৃদ্ধি পায়।

আনহাতে, অসমত বৰ্তমানলৈ চিকিৎসাৰ অন্তত ১৫২১২৪ গৰাকী লোক ক’ৰ’না মুক্ত হৈছে।

বৰ্তমান অসমৰ বিভিন্ন চিকিৎসালয় আৰু হোম আইছ’লেশ্যনত ৩৪৮৩১ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।

Related News