NORTHEAST NOW (Assamese)

অসমত এহেজাৰ স্পৰ্শ কৰাৰ দিশত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা

December 9, 2020 11:15 am · এন ই নাও নিউজ

অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাই প্ৰায় এহেজাৰ স্পৰ্শ কৰাৰ দিশে গতি কৰিছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত পুনৰ দুগৰাকী লোকৰ মৃত্যু হৈছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা ব্যক্তি দুগৰাকী হৈছে ক্ৰমে গোলাঘাটৰ ৰুদ্ৰ খাউণ্ড (৭৫) আৰু কাৰ্বি আংলঙৰ মনোমতী টেৰাংগপি (৬১)।

অসমত বৰ্তমানলৈ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মুঠ ৯৯৭ গৰাকী লোকৰ মৃত্যু হৈছে।

মঙলবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ৯৪ গৰাকী লোক ক’ৰ’না প’জিটিভ হয়।

অসমত বৰ্তমানলৈ মুঠ ২১৪০১৯ গৰাকী লোক কোভিড প’জিটিভ হোৱাৰ বিপৰীতে চিকিৎসাৰ অন্তত ২০৯৪৪৪ গৰাকী লোক সুস্থ হৈ উঠিছে।

ৰাজ্যত এতিয়া ৩৫৭৫ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।

Related News