নিৰ্বাচনৰ পূৰ্বে AFSPAৰ অধীনত অসমক পুনৰ ‘অশান্ত অঞ্চল’ৰূপে ঘোষণা চৰকাৰৰ

624827-army-afp-050517-750x375

সমাগত ২০২১ৰ অসম বিধানসভাৰ নিৰ্বাচন।

মাৰ্চৰ প্ৰথমটো সপ্তাহতে অসমৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ কথা। স্বয়ং দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিলাপথাৰ জনসভাত এই কথা সদৰী কৰি গৈছে।

সেয়ে ধাৰণা কৰা হৈছে আগন্তুক এক ডেৰ মাহৰ ভিতৰতে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ ২০২১ৰ নিৰ্বাচন।

নিৰ্বাচনৰ উপলক্ষ্যে ইতিমধ্যে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে।

নিৰ্বাচনৰ পূৰ্বে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ৰ অধীনত অসমক অশান্ত অঞ্চল ৰূপে ঘোষণা কৰা হৈছে।

অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বলৱৎ কৰা এই আইন ২৭ ফেব্ৰুৱাৰিৰ পৰা কাৰ্যকৰী হৈ অহা ছমাহলৈকে বলৱৎ হৈ থাকিব।

“সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ৰ ধাৰা ৩ৰ অধীনত প্ৰদান কৰা ক্ষমতা অনুসৰি, অসমৰ ৰাজ্যপালে ২৭ ফেব্ৰুৱাৰি, ২০২১ৰ পৰা আগন্তুক ছয় মাহলৈকে সমগ্ৰ অসম ৰাজ্যক ‘অশান্ত অঞ্চল’ বুলি ঘোষণা কৰিছে, পৰৱৰ্তী নিৰ্দেশ ঘোষণা নকৰা পৰ্যন্ত এই নিৰ্দেশ বলৱৎ হৈ থাকিব।” ৰাজ্য চৰকাৰৰ এক বিবৃতিত এইদৰে কোৱা হৈছে।

উল্লেখ্য যে যোৱা আগষ্ট মাহতো অসমক ‘অশান্ত অঞ্চল’ৰূপে ঘোষণা কৰি এই আইন ছমাহৰ কাৰণে বলৱৎ কৰা হৈছিল।

আনহাতে চৰকাৰে অসমক ‘অশান্ত অঞ্চল’ৰূপে ঘোষণা কৰাৰ কোনো কাৰণ প্ৰকাশ কৰা নাই।