ন্যায়ালয়ৰ নিৰ্দেশ উলংঘনঃ ৰাজ্যৰ ডিটেনছন কেম্পত শিশুৱে হেৰুৱাইছে সোণালী শৈশৱ

দুটি ফুলকুমলীয়া শিশু। কোনো অপৰাধ নকৰাকৈয়ে বন্দী হৈ ৰৈছে কাৰাগাৰৰ ভিতৰত।

যিটো সময়ত সিহঁতে মুকলি আকাশৰ তলত প্ৰাণ ভৰি খেলিব লাগিছিল সেই সময়ত সিহঁতে দিন নিয়াব লগীয়া হৈছে কাৰাগাৰৰ চাৰি বেৰৰ মাজত।

সিহঁতৰ পিতৃক বিদেশী বুলি অভিহিত কৰি বন্দী কৰি ৰখা হৈছে গোৱালপাৰা কাৰাগাৰত।

একে অভিযোগতে মাতৃ বন্দী কোকৰাঝাৰৰ কাৰাগাৰত।

অথচ ২০১৮ চনৰ ২ নৱেম্বৰত দেশৰ উচ্চতম ন্যায়ালয়ে বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা পৰিয়াল সমূহক একে লগ কৰিবলৈ ১০ দিনৰ সময়সীমা বান্ধি দিছিল অসম চৰকাৰক।

সেই সময়সীমা কেতিয়াবাই উকলিল যদিও আজি লৈকে বিচ্ছেদিত হৈ থকা পৰিয়াল সমূহক একত্ৰিত কৰা নহ’ল।

এই কথাতে আশ্চৰ্য ব্যক্ত কৰিছে আইন সম্পৰ্কীয় বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান ষ্টুডিঅ’ নীলিমাই।

ষ্টুডিঅ’ নীলিমাৰ সভাপতি আইনজীৱি নিলয় দত্তই এই প্ৰসংগত কয় যে গোৱালপাৰাৰ কাৰাগাৰৰ কথাটো জিলাখনৰ উপায়ুক্তক জনোৱা হৈছিল যদিও কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে।

ফলত কোকৰাঝাৰৰ কাৰাগাৰত বন্দী হৈ থকা মাতৃৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে কণমানি শিশু দুটি।

এয়া দেখ দেখ কৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ উলংঘন বুলি তেওঁ কয়।২০১৯ চনৰ ২২ নৱেম্বৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে অসমৰ ৬ টা ডিটেনছন কেম্পত ৯৮৮ গৰাকী লোক বিদেশীৰ সন্দেহত বন্দী হৈ থকা বুলি উল্লেখ কৰিছিল।

সেইসকলৰ পৰিয়াল সমূহৰ বহুতেই এতিয়াও উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো বিচ্ছেদিত হৈয়েই আছে।

ফলত বহু শিশুৱে হেৰুৱাইছে শৈশৱৰ মাদকতা।