বিজয় মাৰ্চেণ্ট ট্ৰফী : বিহাৰৰ বিৰুদ্ধে অসমৰ মূল্যৱান তিনি পইণ্ট

Mangaldai-Stadium

ফটো : নৰ্থ-ইষ্ট নাও

মঙলদৈ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ১৬ অনূৰ্ধ্ব বিজয় মাৰ্চেণ্ট ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ অসম আৰু বিহাৰৰ মাজৰ মেচখন মঙলবাৰে ড্ৰ ৰূপে সমাপ্ত হয়। দেওবাৰৰ পৰা অনুষ্ঠিত হোৱা মেচখনত ঘৰুৱা দল অসমে প্ৰথম ইনিংছৰ অগ্ৰগতিৰ বাবে মূল্যৱান তিনি পইণ্ট লাভ কৰে।

মেচখনৰ অন্তিম অৰ্থ্যৎ তৃতীয় দিনা আলহী দল বিহাৰে নিজৰ দ্বিতীয় ইনিংছত ৮ উইকেট হেৰুৱাই ১২৫ ৰানত বেটিং কৰি থকা অৱস্থাত দিনান্তৰ খেল শেষ হোৱাত মেচখন ড্ৰ ৰূপে পৰিসমাপ্তি পৰে।

বিহাৰৰ হৈ দ্বিতীয় ইনিংছত শ্ৰমান নিগ্ৰোধে সৰ্বাধিক ৪০ ৰান কৰাৰ বিপৰীতে য়াছৰাজ সিঙে ২১ আৰু ৰৌষণ কুমাৰ সিঙে ১৯ ৰানৰ অৱদান আগবঢ়ায়।

আনহাতে অসমৰ হৈ শিৱম মিট্টালে ১৬ ৰানত তিনিটা উইকেট দখল কৰে। শিৱমৰ উপৰি জেকি আলী আৰু ৰিষভ দীপকেও দুটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়।

ইফালে প্ৰথম ইনিংছত আলহী দল বিহাৰে মাত্ৰ ১৬৮ ৰানতে ইনিংছ সামৰাৰ বিপৰীতে অসমেও গুৰুত্বপূৰ্ণ ২৫ ৰানৰ অগ্ৰগতি লাভ কৰাৰ পাছত নিজৰ প্ৰথম ইনিংছত মাত্ৰ ১৯৭ ৰানতে সামৰে।

অসমৰ হৈ শিৱম মিট্টালে সৰ্বাধিক ৪৪ ৰান কৰাৰ উপৰি ধ্ৰুৱ ৰাজ বৰাই ২৬, অংকুশ মজুমদাৰৰ ২৫ আৰু নিহাৰ নৰহৰ ২০ ৰানৰ সহায়তে অসমে বিহাৰৰ বিৰুদ্ধে প্ৰথম ইনিংছত গুৰুত্বপূৰ্ণ ২৫ ৰানৰ অগ্ৰগতি লয়। মেচখন ড্ৰ হ’ল যদিও উক্ত ২৫ ৰানৰ অগ্ৰগতিৰ বাবেই অসমে মূল্যৱান ৩ পইণ্ট লাভ কৰে।