বিদ্যালয়ৰ প্ৰধান শিক্ষকক আওপকীয়াকৈ ‘চাউল চোৰ’ সজালে শিক্ষা মন্ত্ৰীয়ে

“মই সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, ৰঙা চকু দেখুৱাই বিক্ষোভৰ ভয় দেখুৱাই মোক কোনেও বিচলিত কৰিব নোৱাৰে”

Siddhartha Bhatacharya education minister_1

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। ফাইল ফটো

নিজৰ বিভাগ চম্ভলাত সমূলি ব্যৰ্থ হোৱা শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই আজি অতি দাম্ভিকৰ দৰে আচৰণ কৰে ৰাজহুৱাকৈ।

মন্ত্ৰীজনে আজি মুকলিকৈ কয়, “মই সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, ৰঙা চকু দেখুৱাই বিক্ষোভৰ ভয় দেখুৱাই মোক কোনেও বিচলিত কৰিব নোৱাৰে”।

মধ্যাহ্ন ভোজনৰ কাম হাতৰ পৰা কাঢ়ি নি বেচৰকাৰী সংগঠনক দিয়া বাবে প্ৰতিবাদী কাৰ্য্যসূচী লৈ অহা ৰান্ধনী আৰু সহায়িকা সন্থাক উদ্দেশ্যি তেওঁ এই মন্তব্য কৰে।

বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ কাম ৰান্ধনী আৰু সহায়িকাৰ হাতৰ পৰা নি চৰকাৰে ১ নৱেম্বৰৰ পৰা কিছুমান এন জি অ’ক ঠিকাত দিয়াৰ পাছৰে পৰা ক্ষুভিত মধ্যাহ্ন ভোজনৰ ৰান্ধনী-সহায়িকা সন্থা প্ৰতিবাদমুখী হৈ আহিছে।

এই বিষয়টোত ১৪ নৱেম্বৰত সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক ৰান্ধনী-সহায়িকা সন্থাক আলোচনালৈ মাতিও অনুপস্থিত আছিল মন্ত্ৰীজন আৰু তাৰ পিছতে সন্থাই অধিক জোৰদাৰ আন্দোলনৰ কাৰ্য্যসূচী ঘোষণা কৰিছিল।

আজি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ এটা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীজনে ৰান্ধনী সন্থাক প্ৰত্যাহ্বান জনোৱাৰ সুৰত কয়, “মই সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, মোক যুক্তিৰে সকলো কথা কওক, মই মানি ল’ম। ৰঙা চকু দেখুৱাই, বিক্ষোভৰ ভয় দেখুৱাই মোক কোনেও বিচলিত কৰিব নোৱাৰে।”

প্ৰতিবাদমুখী ৰান্ধনীসকলক আওপকীয়াকৈ সকীয়াই দি তেওঁৰ মন্তব্য, “কোনোবাই শিশুৰ মুখৰ ভাত কাঢ়ি যদি নিজৰ স্বাৰ্থক প্ৰাধান্য দিছে সেই ব্যক্তিক কেতিয়াও ক্ষমা নকৰো।”

ইপিনে, মধ্যাহ্ন ভোজন আঁচনিৰ নামত কেলেংকাৰি সংঘটিত হৈছিল বুলি প্ৰমাণ কৰিবলৈ গৈ বিদ্যালয়বোৰৰ প্ৰধান শিক্ষকক আওপকীয়াকৈ ‘চাউল চোৰ’ সজায় শিক্ষা মন্ত্ৰীজনে।

মন্ত্ৰীজনৰ মতে, বিদ্যালয়ৰ শিক্ষক, প্ৰধান শিক্ষকেহে ৰান্ধনীসকলক প্ৰতিবাদ কৰিবলৈ উচটনি দিছে।

তেওঁ কয়, “আমাৰ হাতত ফটোগ্ৰাফ আছে, ভিজুৱেল আছে আৰু অডিঅ’ ক্লিপছ আছে য’ত আমাৰে প্ৰধান শিক্ষকসকলে এই মানুহখিনিক উচটাইছে। আপোনালোকে এইটো বিশ্বাস কৰিব পাৰে নে? এনেকুৱা মানসিকতাৰ মানুহ আছে যে এই আঁচনিখন কোনোবা স্বেচ্ছাসেৱী সংগঠনৰ (বেচৰকাৰী সংগঠন) হাতলৈ যায়, তেন্তে চাউল বিক্ৰী কৰাৰ গোটেই বস্তুখিনি নাইকিয়া হৈ যাব বা তেনেকৈ কৰা উপাৰ্জন নাইকিয়া হৈ যাব।”

ইপিনে, ২০১০ চনত মধ্যাহ্ন ভোজন আঁচনিৰ পৰা শিক্ষকসকলক সাঙুৰা ব্যৱস্থাটো আঁতৰ কৰিবলৈ প্ৰাথমিক শিক্ষক ঐক্য সন্মিলনীয়ে চৰকাৰৰ ওচৰত দাবী তুলিছিল বুলি সদৰী কৰি ভট্টাচাৰ্য্যই লগতে কয়, “পৰৱৰ্তী সময়ত ২০১৭ চনত সমগ্ৰ ভাৰততে দুৰ্নীতি, অনিয়মৰ প্ৰসংগবোৰ উত্থাপিত হৈছিল। তেতিয়া কেন্দ্ৰীয় চৰকাৰে অনুভৱ কৰিছিল যে বিকল্পৰ চিন্তা কৰিব হ’ল। সেই বিকল্প চিন্তা কৰিয়েই কেন্দ্ৰীয় চৰকাৰে এটা গাইডলাইন প্ৰস্তুত কৰিছিল যে স্বেচ্ছাসেৱী সংগঠনক(বেচৰকাৰী সংগঠন) দায়িত্ব দিয়া হ’ব। ৰাজ্য চৰকাৰলৈ এই সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ দায়িত্ব দিছিল।”

“‘আজি মোক সমালোচনা কৰি থকা সকলে এটা কথা চিন্তা কৰিব যে ২০১৭ চনত মই শিক্ষা মন্ত্ৰী নাছিলো। মোৰ হঠকাৰী সিদ্ধান্ত বুলি ক’লেও ২০১৭ চনতে কেন্দ্ৰীয় চৰকাৰে চিন্তা-চৰ্চা কৰিবৰ বাবে কমিটি গঠন কৰি দিছিল। সেই কমিটিয়ে তেতিয়াৰে পৰা সকলো দিশ চালিজাৰি চাই আহিছিল। ৰাজস্থান, মধ্য প্ৰদেশত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ নহয় যদিও এন জি অ’ৰ দ্বাৰা মধ্যাহ্ন ভোজনৰ আঁচনি ৰূপায়ণ কৰি আহিছে।” শিক্ষা মন্ত্ৰী ভট্টাচাৰ্য্যৰ মন্তব্য।

ৰাজ্যৰ কোনো এটা এন জি অ’ই মধ্যাহ্ন ভোজন আঁচনিৰ দায়িত্ব ল’বলৈ আগুৱাই নাহিল বুলি শিক্ষা মন্ত্ৰীজনে ভাষণ প্ৰসংগত প্ৰকাশ কৰে।

“আমাৰ ফালৰ পৰা কোৱা হৈছিল যে আমি যিবোৰ চৰ্ত নিৰ্ধাৰণ কৰি দিছো সেইসমূহ মানি চলিলে আপোনালোকে দায়িত্ব ল’ব পাৰে। কিন্তু অসমৰ এটাও স্বেচ্ছাসেৱী সংগঠন (বেচৰকাৰী সংগঠন) আগুৱাই নাহিল। তাৰ বাবে মই দায়ী নেকি?”, প্ৰশ্ন মন্ত্ৰীজনৰ।