অসমত ব্ৰহ্মপুত্ৰ নদীৰ অবিৰত খহনীয়া আৰু ৰাজনৈতিক বৈষম্যৰ ফলত হাজাৰ হাজাৰ মিয়া মুছলমান পৰিয়াল ভূমিহীন আৰু গৃহহীন হৈ পৰিছে। চৰকাৰৰ শেহতীয়া উচ্ছেদ অভিযানৰ জৰিয়তে বঙালী মূলৰ মুছলমানসকলক “অবৈধ অনুপ্ৰৱেশকাৰী” বুলি অভিযোগ কৰি তেওঁলোকৰ ঘৰবাৰী ভাঙি পেলোৱা হৈছে। বিশেষজ্ঞ আৰু পৰ্যবেক্ষকসকলে এই উচ্ছেদক পৰিৱেশ সংকট আৰু ৰাজনৈতিক পক্ষপাতৰ ফল বুলি আভিহিত কৰিছে।
উল্লেখ্য যে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই অসমৰ ভূমিৰ পৰিস্থিতিক জটিল কৰি তুলিছে। চৰকাৰী তথ্য অনুসৰি, ১৯৫০ চনৰ পৰা ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে ৪ লাখ ২৭ হাজাৰ হেক্টৰতকৈ অধিক ভূমি খহাই পেলাইছে। ৰাজ্যখনে বছৰি গড়ে ৮ হাজাৰ হেক্টৰ মাটি হেৰুৱাইছে, যাৰ ফলত অসমৰ প্ৰায় ৪০ শতাংশ এলেকা বানপীড়িত হৈ পৰিছে। এই খহনীয়াৰ ফলত হাজাৰ হাজাৰ পৰিয়ালে ঘৰ-বাৰী হেৰুৱাই চৰকাৰী ভূমিত আশ্ৰয় ল’বলৈ বাধ্য হৈছে। চৰকাৰী তথ্য অনুসৰি, ৭ লাখ ৪৬ হাজাৰৰো অধিক পৰিয়ালে চৰকাৰী মাটিত বসতি স্থাপন কৰিছে, যাৰ ফলত তেওঁলোক কাৰিকৰীভাৱে “অবৈধ বেদখলকাৰী” হিচাপে গণ্য হৈছে।
শেহতীয়া কৈ ‘Scroll’ ত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ৩৮ বছৰীয়া ছফিউৰ ৰহমান মণ্ডোলৰ কাহিনী এই সংকটৰ এক জ্বলন্ত উদাহৰণ। ২৫ বছৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ খহনীয়াত তেওঁৰ ঘৰ হেৰুৱাইছিল। শেহতীয়াকৈ চৰকাৰে শক্তি প্ৰকল্পৰ নামত তেওঁৰ নতুন ঘৰসহ ১৪০০ বঙালী মূলৰ মুছলমান পৰিয়ালৰ ঘৰ ভাঙি পেলাইছে। স্থানান্তৰৰ বাবে মাটি আৰু ক্ষতিপূৰণৰ প্ৰতিশ্ৰুতি স্বত্ত্বেও মণ্ডোলে একো লাভ কৰা নাই। তেওঁ প্ৰস্তাৱিত নদীৰ পাৰৰ অঞ্চলত বসতি স্থাপন কৰিবলৈ অস্বীকাৰ কৰিছে, কাৰণ তাত আকৌ খহনীয়াৰ আশংকা আছে।
ইফালে ২০১৬ চনত ভাৰতীয় জনতা পাৰ্টি (বিজেপি) ক্ষমতালৈ অহাৰ পিছৰে পৰা অসমত উচ্ছেদ অভিযান তীব্ৰতৰ হৈছে। বিগত পাঁচ বছৰত ১৬০ বৰ্গ কিলোমিটাৰ চৰকাৰী ভূমিৰ পৰা প্ৰায় ৫০ হাজাৰ লোকক উচ্ছেদ কৰা হৈছে, য’ত ১৫,২৭০ৰো অধিক পৰিয়ালৰ মাজত বেছিভাগেই বঙালী মূলৰ মুছলমান। শেহতীয়াকৈ বিগত ৪৫ দিনৰ ভিতৰত ৫৩৩৩টাতকৈ অধিক ঘৰ ভাঙি পেলোৱা হৈছে। এই অভিযানৰ সময়ত কমেও ৮ জন মুছলমানৰ মৃত্যু হৈছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই উচ্ছেদক “জনগাঁথনিগত আক্ৰমণ” আৰু “ভূমি জেহাদ”ৰ বিৰুদ্ধে যুঁজ বুলি বৰ্ণনা কৰিছে, যাৰ ফলত বঙালী মূলৰ মুছলমানসকলক “অবৈধ অনুপ্ৰৱেশকাৰী” হিচাপে চিত্ৰিত কৰা হৈছে। গোৱালপাৰাৰ বাসিন্দা আকিমন নেছাই ক্ষোভ প্ৰকাশ কৰি কয় যে তেওঁৰ পৰিয়ালে ৬০ বছৰ ধৰি বসবাস কৰাৰ পিছতো তেওঁলোকৰ ঘৰ ভাঙি পেলোৱা হৈছে আৰু তেওঁলোকক “বাংলাদেশী” বুলি লেবেল লগোৱা হৈছে।
ৰাজনীতি বিজ্ঞানী সঞ্জীব বৰুৱা আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি গুৱাহাটীৰ বসুন্ধৰা জয়ৰাথে যুক্তি দাঙি ধৰে যে কেৱল মিয়া মুছলমানেই নহয়, বহু খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকেও চৰকাৰী ভূমিত বসতি স্থাপন কৰিছে। কিন্তু উচ্ছেদৰ লক্ষ্য মূলতঃ বঙালী মূলৰ মুছলমানৰ বাসস্থানৰ ওপৰত কেন্দ্ৰীভূত। ধেমাজিৰ মিছিং জনগোষ্ঠীৰ বাসস্থানৰ দৰে বানপানী-প্ৰৱণ অঞ্চলত বসবাসকাৰী পৰিয়ালৰ সংখ্যা বেছি হোৱা সত্ত্বেও সেই অঞ্চলসমূহ উচ্ছেদৰ কেন্দ্ৰবিন্দু নহয়।
প্ৰসংগ ক্ৰমে অসমৰ ভূমি নীতিয়ে এই সংকটক আৰু জটিল কৰি তুলিছে। ঐতিহাসিকভাৱে, চৰকাৰে নিৰ্দিষ্ট সময়ৰ পিছত “বেদখলকাৰী”ৰ বাবে ভূমি বসতিৰ ব্যৱস্থা কৰিছিল। ১৯৬৫ চনৰ পৰা ৰাজ্যজুৰি কোনো কেডাষ্ট্ৰেল জৰীপ হোৱা নাই, যাৰ ফলত হাজাৰ হাজাৰ পৰিয়ালৰ ভূমিৰ পট্টা নাই। বৰ্তমানৰ মিছন বসুন্ধৰা আঁচনিয়ে “খিলঞ্জীয়া” লোকৰ বাবে ভূমিৰ পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে, কিন্তু “খিলঞ্জীয়া”ৰ সংজ্ঞা অস্পষ্ট হৈয়ে আছে। আহাতে বঙালী মূলৰ মুছলমানসকলক এই আঁচনিৰ পৰা বাদ দিয়া হৈছে, যাক বিধায়ক শ্বেৰমান আলী আহমেদ আৰু বিশেষজ্ঞসকলে আইনগতভাৱে অবৈধ বুলি মন্তব্য কৰিছে।
আছুডুবি গাঁৱৰ আব্দুল বাৰেকৰ কাহিনী এই বৈষম্যৰ উদাহৰণ। ১৯৮০ চনত ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ হেৰুৱাই তেওঁ চৰকাৰী ভূমিত বসতি স্থাপন কৰিছিল। যোৱা মাহত তেওঁৰ ঘৰসহ ১০৮০টা পৰিয়ালৰ ঘৰ ভাঙি পেলোৱা হৈছে। মিছন বসুন্ধৰাৰ অধীনত তেওঁৰ ভূমিৰ পট্টাৰ আবেদন নাকচ কৰা হৈছিল, কাৰণ তেওঁক “খিলঞ্জীয়া” বুলি গণ্য কৰা হোৱা নাছিল।
ইয়াৰোপৰি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তথ্যৰ অভাৱ আৰু আভ্যন্তৰীণ স্থানচ্যুত ব্যক্তিৰ বাবে নীতিৰ অনুপস্থিতিয়ে এই সংকটক তীব্ৰতৰ কৰিছে। সেয়ে চৰকাৰে মিয়া মুছলমানক “অবৈধ অনুপ্ৰৱেশকাৰী” হিচাপে চিত্ৰিত কৰাটো ৰাজনৈতিক এজেণ্ডাৰ অংশ হৈ পৰিছে।
ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সুপ্ৰকাশ তালুকদাৰে কয় যে চৰকাৰে খহনীয়াক প্ৰাকৃতিক দুৰ্যোগ হিচাপে স্বীকৃতি নিদিয়ে আৰু ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ বা পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰে, যাৰ ফলত তেওঁলোক চৰকাৰী ভূমিত বসতি স্থাপন কৰিবলৈ বাধ্য হয়।
বৈষম্যমূলক ভূমি নীতি আৰু খহনীয়াৰ ফলত স্থানচ্যুত লোকসকলৰ বাবে চৰকাৰী সহায়ৰ অভাৱে এই সমস্যাৰ জটিলতা বৃদ্ধি কৰিছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ সময়তো বঙালী মূলৰ মুছলমানসকলক ভূমিৰ পট্টা প্ৰদান কৰা নাছিল, যাৰ ফলত তেওঁলোকৰ ভূমিহীনতা অব্যাহত আছে।
এই উচ্ছেদ অভিযানে বঙালী মূলৰ মুছলমান সম্প্ৰদায়ৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। সমান্তৰাল ভাৱে ধেমাজিৰ জোনাইত মিছিং জনগোষ্ঠীৰ সংগঠনসমূহে বঙালী মূলৰ মুছলমানক উচ্ছেদৰ দাবী জনাই প্ৰতিবাদ কৰিছে। কিন্তু এই প্ৰতিবাদ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত হ’ব পাৰে বুলি অনুমান কৰা হৈছে। একাংশই দাবী কৰে যে উচ্ছেদৰ পিছতো ক্ষতিগ্ৰস্ত পৰিয়ালৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হোৱা নাই, আৰু তেওঁলোকৰ ভোটাৰ তালিকাৰ পৰাও নাম কাটি পেলোৱা হৈছে।
বিধায়ক শ্বেৰমান আলী আহমেদে এই উচ্ছেদক বৈষম্যমূলক বুলি সমালোচনা কৰি কয় যে “খিলঞ্জীয়া”ৰ সংজ্ঞাৰ অপব্যৱহাৰে মিয়া মুছলমানক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে। চৰ-বাসীৰ ভূমিৰ দাবী স্বীকৃতি নিদিয়াৰ ফলত তেওঁলোক ৰাজনৈতিকভাৱে দুৰ্বল আৰু ভূমিহীন হৈ পৰিছে।
ব্ৰহ্মপুত্ৰৰ খহনীয়া আৰু বৈষম্যমূলক ভূমি নীতিৰ ফলত সৃষ্ট এই সংকটৰ সমাধানৰ বাবে ফলপ্ৰসূ তথা উন্নত প্ৰযুক্তিৰ প্ৰয়োগ চৰকাৰৰ সদিচ্ছা আৰু স্থানীয় জনতাৰ সহযোগিতাৰ প্ৰয়োজন। বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে চৰকাৰে খহনীয়াৰ ক্ষতিগ্ৰস্তসকলৰ বাবে পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ ব্যৱস্থা কৰা উচিত। লগতে, নিয়মীয়া ভূমি জৰীপৰ জৰিয়তে ভূমিহীন পৰিয়ালৰ বাবে পট্টা প্ৰদানৰ ব্যৱস্থা কৰিলে এই সমস্যাৰ সমাধান হ’ব পাৰে।
অসমৰ এই জটিল সংকটৰ মূলতে আছে পৰিৱেশগত আৰু ৰাজনৈতিক কাৰণৰ সমন্বয়। ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত স্থানচ্যুত লোকসকলৰ পুনৰ সংস্থাপন আৰু ন্যায্য ভূমি নীতিৰ অভাৱে মিয়া মুছলমান সম্প্ৰদায়ৰ ওপৰত অপৰিমেয় ক্ষতিৰ সৃষ্টি কৰিছে। এই সমস্যাৰ সমাধানৰ বাবে সামগ্ৰিক আৰু ন্যায়সঙ্গত পদ্ধতিৰ প্ৰয়োজন।