ৰঞ্জী ট্ৰফীত ব্যৰ্থতাৰ ধাৰা অব্যাহত : ঝাৰখণ্ডৰ বিৰুদ্ধে এক ইনিংছ আৰু ৬৭ ৰাণত শোচনীয় পৰাজয় অসমৰ

Ranji trophy

ৰঞ্জী ট্ৰফীৰ খেল

ৰঞ্জী ট্ৰফীৰ চলিত ছিজনৰ দ্বিতীয়খন খেলত ঝাৰখণ্ডৰ হাতত এক ইনিংছ আৰু ৬৭ ৰাণত শোচনীয়ভাৱে পৰাস্ত হয় অসম।

ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত হোৱা খেলখনত অসমে প্ৰথমে বেটিং কৰি মাত্ৰ ১৬২ ৰাণতে নিজৰ প্ৰথম ইনিংছ সামৰে।

অসমৰ ১৬২ ৰাণৰ প্ৰতুত্তৰত ঝাৰখণ্ডে নাজিম ছিদ্দিকিৰ ১৭৩ ৰাণৰ সহায়ত প্ৰথম ইনিংছত ৯ টা উইকেট হেৰুৱাই ৪১৫ ৰাণ সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে।

প্ৰথম ইনিংছত বিশাল ব্যৱধানত পিছপৰি থকা অসমে নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰি বেটছমেন সকলৰ পুনৰ শোচনীয় প্ৰদৰ্শনেৰে মাত্ৰ ১৮৬ ৰাণতে দ্বিতীয় ইনিংছ সামৰি এক ইনিংছ আৰু ৬৭ ৰাণৰ বৃহৎ ব্যৱধানত পৰাজয় বৰণ কৰে।

অসমৰ হৈ প্ৰথম ইনিংছত ৰিয়ান পৰাগে অৰ্ধশতৰাণ কৰাৰ বিপৰীতে দ্বিতীয় ইনিংছত কোনো এজন বেটছমেনে অৰ্ধশতৰাণো কৰিবলৈ সমৰ্থ নহ’ল।

ঝাৰখণ্ডৰ বিৰুদ্ধে ৰঞ্জী খেলখনত অসমৰ বাবে একমাত্ৰ যোগাত্মক দিশটো হ’ল ৰঞ্জী ট্ৰফীত অসমৰ বেগী বলাৰ অৰূপ দাসৰ ২০০ উইকেট দখল।

অৰূপ দাসে ঝাৰখণ্ডৰ বিৰুদ্ধে ২০০ টা প্ৰথম শ্ৰেণীৰ উইকেট দখল কৰা অসমৰ প্ৰথম গৰাকী বেগী বলাৰত পৰিগণিত হয়।

অৰূপ দাসৰ পূৰ্বে স্পীনাৰ আৰ্লেন কোঁৱৰে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ২০০ উইকেট দখল কৰিছিল।