হাউলীত পেকেজিং উদ্যোগ উদ্বোধন কৰিলে অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাসে

বৰপেটা জিলাৰ হাউলীত আজি দিনৰ ১০ বজাত অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাসে এম, এন উদ্যোগ আনুষ্ঠানিভাৱে উদ্ধোধন কৰে।

এই উপলক্ষে সমাজ কৰ্মী ইব্ৰাহীম আলীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা উদ্ধোধনী সভাত অসম বিত্তীয় নিগমৰ নলবাৰী শাখাৰ প্ৰৱন্ধক ফকৰুদ্দিন আলী আহমেদ, বৰপেটা জিলা উদ্দ্যোগিক কেন্দ্ৰৰ পৰিচালক কৃষ্ণ মোহন দাস, সহকাৰী পৰিচালক মুনীন দাস, মাজগাঁও নৱ শক্তি মহাবিদ্যালয়ৰ অধ্যক্ষ জেহিৰুল ইছলামকে ধৰি অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

আনহাতে উদ্যোগটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি অমস বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাসে এই উদ্যোগটোৰ জৰিয়তে স্থানীয় যুৱক-যুৱতী সকলে কৰ্ম সংস্থাপন লাভ কৰি উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে।

তাৰোপৰি বৰপেটা জিলা উদ্যোগিক কেন্দ্ৰ পৰিচালক কৃষ্ণ দাসে জিলাখনৰ উদ্যমী যুৱক-যুৱতী সকলক আগবাঢ়ি আহি উদ্যোগটো প্ৰতিষ্ঠা কৰি নিজকে আত্ম নিয়োগ কৰিবলৈ আহ্বান জনায়।