অসম ফিছাৰী উন্নয়ন নিগমৰ সহকাৰী অধীক্ষক উজ্জ্বল দাসক নিলম্বন। দাসৰ বিৰুদ্ধে আছিল ৮ কোটি টকা বিত্তীয় অনিয়মৰ অভিযোগ। মীন বিভাগৰ প্ৰাক্তন পৰিচালন সঞ্চালক আৰু বৰ্তমানৰ যুটীয়া সচিব নিৰ্মলকান্তি দেৱনাথৰ লগতে বিভাগৰ সহকাৰী অভিযন্তা মহিতুষ বৰ্মন, গাননিক বিষয়া তাৰিণী ডেকাও এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগ।
এওঁলোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ মীন বিভাগৰ ‘RIDF (XXI)’ আঁচনিৰ নামত বিত্তীয় খেলিমেলি কৰা বুলি গুৰুতৰ অভিযোগ আনিছিল অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে।
উল্লেখযোগ্য যে নৰ্থ-ইষ্ট নাওত উক্ত কেলেংকাৰী সন্দৰ্ভত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছিল। তাৰ পাছতে বুধবাৰে জাননীযোগে বিষয়া গৰাকীক নিলম্বন কৰা হয়।
অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ ৰাজ্যিক সভাপতি ৰুবুল দাসে বৰ্তমানৰ যুটীয়া সচিব নিৰ্মলকান্তি দেৱনাথ, মহীতুষ বৰ্মন আৰু সহকাৰী অধীক্ষক উজ্জ্বল দাস আৰু গাণনিক বিষয়া তাৰিণী ডেকাই কাৰ্য্যালয়ৰ নথি-পত্ৰ জাল কৰি উক্ত কেলেংকাৰি সংঘটিত কৰা বুলি অভিযোগ আনিছিল।
আজি বিষয়া গৰাকীক নিলম্বন কৰাৰ পাছতেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ ৰাজ্যিক সভাপতি ৰুবুল দাসে।
তেওঁ কয়, ‘মীন বিভাগত ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈ আছে। কেৱল সহকাৰী অধীক্ষক পৰ্যায়ৰ বিষয়াক নিলম্বন কৰিয়ে চৰকাৰে দায় সামৰিলে নহ’ব। ইয়াতকৈও উচ্চ পদস্ত বিষয়া এই কেলেংকাৰীৰ সৈতে জড়িত হৈ আছে। এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি অভিযুক্ত বিষয়াক গ্ৰেপ্তাৰ কৰিব লাগে।’