• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশিষ্ট সংগীতজ্ঞ প্ৰভাত শৰ্মাৰ পৰলোকপ্ৰাপ্তি : শোকস্তব্ধ অসংখ্য গুণমুগ্ধ

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
March 2, 2021 10:01 am
800px-Prabhat_Sarma
657
VIEWS
Share on FacebookShare on Twitter

অসমৰ বিশিষ্ট সংগীতজ্ঞ প্ৰভাত শৰ্মাৰ পৰলোকপ্ৰাপ্তি ঘটিছে।

পৰিয়ালৰ সূত্ৰ অনুসৰি মংগলবাৰে পুৱা ৬ বজাত গুৱাহাটীৰ অম্বিকাগিৰী নগৰৰ নিজা বাসভৱনত বিশিষ্ট সংগীতজ্ঞগৰাকীৰ শ্বাস-প্ৰশ্বাস বন্ধ হৈ মৃত্যু হয়।

মৃত্যুৰ সময়ত প্ৰভাত শৰ্মাৰ বয়স আছিল প্ৰায় ৯০ বছৰ।

প্ৰভাত শৰ্মা আছিল একেধাৰে এগৰাকী ভাৰতীয় সংগীতজ্ঞ, বাঁহী বাদক আৰু লোকসংগীতৰ সাধক।

৭ জুলাই ১৯৩৫ চনত বৰপেটাত জন্মগ্ৰহণ কৰিছিল প্ৰভাত শৰ্মাই। প্ৰভাত শৰ্মাই বৰপেটা চহৰৰ বিদ্যাপীঠত দশম শ্ৰেণীলৈ শিক্ষা গ্ৰহণ কৰে আৰু তাৰ পিছত তেওঁ সুন্দৰীদিয়া সত্ৰৰ গংগাধৰ দেৱ মিশ্ৰ আৰু সত্য কৃষ্ণ দেৱ মিশ্ৰৰ পৰা সত্ৰীয় সংগীতকে ধৰি বৰগীতৰ শিক্ষা গ্ৰহণ কৰে।

ভাৰতীয় সংগীতৰ প্ৰতি ৰাপ থকা শৰ্মাই অসমৰ লোকসংগীতৰো শিক্ষা গ্ৰহণ ইয়াৰ চৰ্চা কৰিবলৈ আৰম্ভ কৰে।

বিশিষ্ট সংগীত সাধক গৰাকীয়ে তেওঁ ১৯৬০ৰ দশকৰ পৰা ১৯৯০ৰ দশকৰ শেষচোৱালৈকে অসম চৰকাৰৰ তথ্য আৰু গণসংযোগ বিভাগত ষ্টাফ আৰ্টিষ্ট আছিল।

১৯৭৩ চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত যোগদান কৰি ১৯৯৮ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

প্ৰভাত শৰ্মা অসমৰ থলুৱা বাদ্যযন্ত্ৰীক লৈ ‘পাঞ্চজন্য শংখধ্বনি’ নামৰ এটি সুৰসমলয় দল গঠন কৰিছিল। পিছলৈ ইয়াক ‘দেৱগান্ধাৰ’ নামেৰে নামকৰণ কৰা হয়।

‘ব্লেকমানী’, ‘ব্লেকমানী’, ‘সন্তান’, ‘সন্ধ্যাৰাগ’, ‘সাৰথি’, ‘আপোনজন’, ‘মোহমুক্তি’, ‘অনল’,’কদমতলে কৃষ্ণ নাচে’, ‘শ্ৰীমন্ত শংকৰদেৱ’ ইত্যাদি অসমীয়া ছবিৰ সংগীত পৰিচালনা কৰিছিল প্ৰভাত শৰ্মাই।

দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীত প্ৰচাৰিত ধাৰাবাহিক ‘পথৰুঘাটে ৰিঙিয়ায়’ আৰু ‘বৃকোদৰ বৰুৱাৰ বিয়া’তো প্ৰভাত শৰ্মাই সংগীত পৰিচালনা কৰিছিল।

২০০১ চনত তেওঁক অসম চৰকাৰে ‘শিল্পী দিৱস বঁটা’ প্ৰদান কৰে। অসমীয়া লোকসংগীতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৪ চনত তেওঁ ‘সংগীত নাটক একাডেমী বঁটা’ লাভ কৰিছিল।

অসমৰ বিশিষ্ট সংগীত শিল্পী তৰালি শৰ্মাৰ প্ৰভাত শৰ্মাৰে সুযোগ্যা কন্যা।

বিশিষ্ট সংগীতজ্ঞগৰাকীৰ মৃত্যুৱে তেওঁৰ অসংখ্য গুমমুগ্ধক শোকস্তব্ধ কৰি তুলিছে।

Recent News

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd