জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি
অধিক সংকটজনক হৈ পৰিছে অসমৰ বান পৰিস্থিতি। চৰকাৰী তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত বানপানীৰ ফলত আন ১০ জন লোকৰ মৃত্যু হোৱাৰ লগে লগে বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান ৰাজ্যখনৰ ১১ খন জিলাৰ ৬ লাখ ৪০ হাজাৰৰো অধিক লোক বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে বুলি চৰকাৰীসূত্ৰই প্ৰকাশ কৰা হৈছে।
শেহতীয়া চৰকাৰী তথ্য অনুসৰি, নতুনকৈ মৃত্যু হোৱা লোকসকলৰ ভিতৰত শিৱসাগৰ জিলাৰ তিনিজন, যোৰহাটৰ তিনিজন, চৰাইদেউৰ দুজন, ধেমাজিৰ এজন আৰু কাৰ্বি আংলং জিলাৰ এজন লোক আছে। বৰ্তমান কাৰ্বি আংলং, গোলাঘাট, চৰাইদেউ, কামৰূপ, যোৰহাট, ডিব্ৰুগড়, নগাঁও, ধেমাজি, হোজাই, কামৰূপ (মহানগৰ) আৰু শিৱসাগৰ জিলা বানৰ কবলত পৰিছে। এই ১১ খন জিলাৰ ৪০ টা ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ ৯৩৯ খন গাঁৱৰ ৬,৪০,১২৯ জন লোক বানৰ ফলত দুৰ্দশাত ভুগিছে।
প্ৰাকৃতিক এই দুৰ্যোগে ৰাজ্যৰ কৃষিখণ্ডতো বিস্তৰ ক্ষতিসাধন কৰিছে। চৰকাৰী সূত্ৰৰ মতে, বৰ্তমানলৈকে ২৪,৮৯৭.২৭ হেক্টৰ কৃষিভূমি বানত ডুব গৈ আছে। ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ চাৰিখন জিলা ক্ৰমে কামৰূপ, দৰং, কামৰূপ (মহানগৰ) আৰু ডিব্ৰুগড়ত চহৰীয়া বা কৃত্ৰিম বানে জনজীৱন ব্যাহত কৰিছে। চহৰীয়া বানৰ ফলত ৬ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ১৬ টা অঞ্চল বা পৌৰ ৱাৰ্ডৰ ৯৫৮ জন লোক ক্ষতিগ্ৰস্ত হৈছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ভিতৰত কামৰূপ (মহানগৰ) জিলাৰ ১১ টা, কামৰূপৰ দুটা, ডিব্ৰুগড়ৰ দুটা আৰু দৰং জিলাৰ এটা অঞ্চল আছে।