তিনিচুকীয়াত স্বেচ্ছাসেৱী মঞ্চ ‘প্ৰশান্তি’ৰ উদ্যোগত বান সাহায্য বিতৰণ

তিনিচুকীয়া জিলাৰ প্ৰাথমিক শিক্ষকসকলৰ উমৈহতীয়া স্বেচ্ছাসেৱী মঞ্চ ‘প্ৰশান্তি’ৰ উদ্যোগত আৰু তিনিচুকীয়া জিলাৰ শিক্ষক সমাজৰ সহযোগত আজি বান বিধ্বস্ত অঞ্চলত সাহায্য বিতৰণৰ কাৰ্যসূচী হাতত লোৱা হয়।

‘প্ৰশান্তি’ৰ উদ্যোক্তাসকলে জিলাখনৰ শিক্ষকসকলৰ পৰা মুঠ একলাখ দহ হেজাৰ টকা সংগ্ৰহ কৰি লাইকা অঞ্চলৰ বান বিধ্বস্ত সকলৰ মাজত ২২ কুইণ্টল চাউল, দুই কুইণ্টল দাইল, ৫৫ লিটাৰ মিঠাতেল, ১ কুইণ্টল নিমখ, ২ কাৰ্টন বিস্কুট বিতৰণ কৰে।

ইয়াৰ উপৰিও মঞ্চৰ সদস্যসকলে বানে উটুৱাই নিয়া দুখনকৈ বিদ্যালয়ৰ বাবে ৪ খন কৃষ্ণফলক, ২ টা টিনৰ বাকচ, ২ খন টেবুল, ৪ খন চকী, ২ টা দমকল তথা অঞ্চলটোৰ দুৰ্ভগীয়া ১১০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে এটাকৈ স্কুলবেগ, কিতাপ-বহী, কলম, পেঞ্চিল ইত্যাদি বিতৰণ কৰে।

এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলাত সহযোগিতা আগবঢ়োৱা শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আব্দুল জেলিলৰ লগতে তিনিচুকীয়া জিলাৰ শিক্ষক সমাজক ‘প্ৰশান্তি’ৰ সদস্যসকলে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।