বানপানী কাক কয়,অসমৰ জনগণক ক’বলগা একো নাই। এটা প্ৰজন্মৰ পিছত এটা প্ৰজন্ম গৈছে, কিন্তু অসমৰ বানপানী সলনি হোৱা নাই। অসমৰ বানপানীৰ সৈতে এটা বহুদিনীয়া দাবী সংযুক্ত হৈ আহিছে, সেইয়া হৈছে ভাৰত ৰাষ্ট্ৰই অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিব লাগে।
এই সম্পৰ্কে কিছু কথা আমি পাতিম, শেষত কেনেকৈ অসমৰ বানপানী নিয়ন্ত্ৰণ কৰিব পৰা যায়, তাৰ বাবে বিশ্বৰ অন্য প্ৰান্তত কেনেকৈ সফলতাৰে ভয়ংকৰ বানপানীক নিয়ন্ত্ৰণলৈ আনিছে, সেই সমন্ধে আলোচনা কৰিম। আমি কৈ আহিছোঁ যে যদি অসমৰ খাৰুৱা তেল, চাহ, কয়লা আদি আপুৰুগীয়া সম্পদসমূহ ৰাষ্ট্ৰৰ সম্পদ কিন্তু অসমৰ বানপানী ৰাষ্ট্ৰৰ সম্পদ কিয় নহয়?
এই প্ৰশ্নটোত অসমৰ অতদিনে দুৰ্ভোগ ভুগি অহা জনগণৰ যাতনা-কষ্ট-আৱেগ প্ৰতিফলিত হয়। আৰু সেইয়া হোৱাৰে কথা কিয়নো স্বাধীনতাৰ পিছতো কোনো এখন কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানী নিয়ন্ত্ৰণৰ সুদূৰপ্ৰসাৰী প্ৰচেষ্টা হাতত নললে। অসমৰ ৰাজ্য চৰকাৰ সমূহে সাহসেৰে কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰাবলৈ সক্ষম নহ’ল। গতিকে অসমীয়াৰ মনত ক্ষোভ নাথাকি, কি থাকিব?
সদায় ৰাজনৈতিক দলবোৰে অসমৰ মানুহৰ আৱেগক লৈ হেতালি খেলিছে, শাসনত থাকি একো নকৰাবোৰে বিৰোধীত থাকোঁতে মিছা গগন ফালে। এইবোৰ কাৰণত অসমৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ বানপানী আৰু গৰাখহনীয়াৰ সমাধানৰ কোনো ৰাস্তাই দেখা নাপালে।
এইবোৰ সকলোৱে জনা কথা,এতিয়া আমি আহোঁ মূল প্ৰসংগলৈ যে অসমৰ বানপানীক ভাৰত ৰাষ্ট্ৰই কিয় ৰাষ্ট্ৰীয় সমস্যা/ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা নকৰে? গুৰুত্বপূৰ্ণ কথাটো হৈছে ভাৰতৰ কোনো সমস্যাই ৰাষ্ট্ৰীয় সমস্যা ৰূপে তালিকাভুক্ত নহয়। সঁচা কথাটো হৈছে ৰাষ্ট্ৰীয় সমস্যা বুলি কোনো বস্তু কোনো আইন অথবা সংবিধানত উল্লেখ নাই। তেন্তে আমাৰ বহুদিনীয়া দাবীটো অমূলক নেকি? সংসদতো কোনো কোনো সাংসদে ৰাষ্ট্ৰীয় সমস্যা ৰূপে শ্ৰেণীবদ্ধ কৰিবলৈ দাবী উঠাই দেখোন! আচল কথাটো হৈছে ৰাজনৈতিক লাভালাভৰ স্বাৰ্থতহে এইধৰণৰ দাবীক ৰাজনৈতিক দল কিছুমানে অতদিনে ব্যৱহাৰ কৰি আহিছে।
এই বিষয়ত আমি কিছু গভীৰতালৈ যাব খুজিছোঁ- প্ৰথম কথাটো হৈছে ৰাষ্ট্ৰীয় দুৰ্যোগ(National Calamity) মানে কেইবাখনো ৰাজ্যজুৰি এটা দুৰ্যোগ বিয়পি পৰাক নুসূচায়। “ৰাষ্ট্ৰীয় সমস্যা” বুলি কোনো সংজ্ঞা বা কোনো নিৰ্দিষ্ট নিৰ্ণায়ক নীতি নাই। দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ (Disaster Management Act,2005)ত ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি কোনো দুৰ্যোগ লিপিবদ্ধ কৰা হোৱা নাই।
এই আইনখনত কৈছে- ‘Disaster’ means a catastrophe, mishap, calamity or grave occurrence in any area, arising from natural or man made causes,or by accident or negligence which results in substantial loss of life or human suffering or damage to,and destruction of property,or damage to,or degradation of environment and is of such a nature or magnitude as to be beyond the coping capacity of the community of the affected area. অৰ্থাৎ বিপৰ্যয় (Disaster) সম্পৰ্কে কৈছে যদিও তাত ৰাষ্ট্ৰীয় বিপৰ্যয় বা ৰাষ্ট্ৰীয় সমস্যা বুলি স্বীকৃতি দিয়া ব্যৱস্থা নাই। বৰং সেই আইনখনত কিছুমান দুৰ্যোগক ‘Calamity of severe nature’ অৰ্থাৎ ‘উগ্ৰ প্ৰকৃতিৰ দুৰ্যোগ’ ৰূপেহে কেতিয়াবা স্বীকৃতি দিয়ে।
এতিয়া কেতিয়া এটা দুৰ্যোগক ‘উগ্ৰ প্রকৃতিৰ দুৰ্যোগ’ বুলি চিনাক্ত কৰিব, তাৰো কোনো স্পষ্ট নীতি নিৰ্দেশনা ‘দুৰ্যোগ ব্যৱস্থাপনা আইন,২০০৫’ তে হওক National Disaster Response Fund(NDRF) বা State Disaster Response Fund (SDRF)ৰ নিৰ্দেশাৱলী(Guidelines)তো উল্লেখ নাই।
এই কথাটোকে ২০১৮ বৰ্ষৰ সংসদৰ বৰ্ষাকালীন অধিৱেশনত তেতিয়াৰ গৃহ দপ্তৰৰ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুয়ে কৈছিল-“The existing guidelines of State Disaster Response Fund(SDRF)/ National Disaster Response Fund(NDRF) don’t contemplate declaring a disaster as a National Calamity”(অৰ্থাৎ SDRF/NDRF ৰ বৰ্তমানৰ নিৰ্দেশাৱলীয়ে যিকোনো দুৰ্যোগ/বিপৰ্যয়ক ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰিবলৈ মনস্থ নকৰে)।
দশম বিত্তীয় আয়োগ (১৯৯৫-২০০০) ‘A national calamity of rarest severity’ (‘বিৰল উগ্ৰ প্ৰকৃতিৰ ৰাষ্ট্ৰীয় দুৰ্যোগ’) হিচাপে ঘোষণা কৰিবলৈ এক প্ৰস্তাৱ পৰীক্ষা কৰিছিল এনেধৰণে-“যদি কোনো দুৰ্যোগে ৰাজ্যখনৰ এক-তৃতীয়াংশ জনগণক প্ৰভাৱিত কৰে” কিন্তু এই প্ৰস্তাৱটো তেতিয়াৰ পেনেলেও ‘উগ্ৰ প্ৰকৃতিৰ দুৰ্যোগ’ৰ কোনো সংজ্ঞা নিৰূপণ নকৰিলে।
প্ৰস্তাৱটোত কৈছিল এনেকৈ- “…a calamity of rare severity would necessarily have to be adjudged on a case-to-case basis taking into account,inter-alia,the intensity and magnitude of the calamity,level of assistance needed, capacity of state to tackle the problem,the alternative and flexibility available within the plans to provide succour and relief etc.” ২০১৩ চনৰ উত্তৰাখণ্ডৰ ভয়াবহ বানপানী আৰু 1999 চনৰ উৰিষ্যাৰ ‘হুদহুদ’ ঘূৰ্ণিবতাহক ‘Calamity of severe nature’ ৰূপে ঘোষণা কৰা হৈছিল। 2001 চনৰ গুজৰাটৰ ভূমিকম্পক ‘a calamity of unprecedented severity’ (উগ্ৰ নজিৰবিহীন দুৰ্যোগ)ৰূপে গণ্য কৰা হৈছিল বুলি 2001 চনৰ তেতিয়াৰ কৃষিমন্ত্ৰী শ্ৰীপদ নায়কে সংসদক জনাইছিল।
২০১১চনত তেতিয়াৰ প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙৰ নেতৃত্বত দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় সমিতিয়ে (National Committee on Disaster Management) ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ সংজ্ঞাবদ্ধ কৰিবলৈ কি কি মাপকাঠী প্ৰয়োজন হ’ব,তাৰ বিষয়ে আলোচনা কৰিছিল যদিও কোনোধৰণৰ নিৰ্দিষ্ট মাপকাঠী নিৰ্ধাৰণ কৰিবলৈ সক্ষম নহ’ল।
এতিয়া মূল প্রশ্নটো হৈছে প্ৰত্যেক বছৰে ধাৰাবাহিকভাৱে অসমক বানপানী আৰু গৰাখহনীয়াই জুৰুলা কৰে, অৰ্থনৈতিক ভেটি ভাঙি চুৰ-মাৰ কৰে,বহু লোকৰ প্ৰাণহানি ঘটে,শ শ জীৱ-জন্তু মৃত্যুমুখত পৰে,তেনেস্থলত অসমৰ বানপানীক ‘উগ্ৰ প্ৰকৃতিৰ দুৰ্যোগ’ৰূপে ঘোষণা কৰিব নোৱাৰেনে? নে অসমত বানপানীৰ দ্বাৰা আক্ৰান্ত কোনোবা এটা নিৰ্দিষ্ট বৰ্ষৰ ক্ষয়-ক্ষতিকহে মাপকাঠী হিচাপে ব্যৱহাৰ কৰে? যদি সামগ্ৰিকভাৱে চোৱা হয়, অসমৰ মুঠ মাটিৰ ৩৯.৫৮%ই বানাক্ৰান্ত।
তেনেহ’লে দশম বিত্তীয় আয়োগৰ এক-তৃতীয়াংশ জনগন আক্ৰান্ত হ’ব লাগিব বুলি যি প্ৰস্তাৱ আছিল, সেই ফালৰ পৰাও অসমৰ বানপানী আৰু গৰাখহনীয়াক ‘উগ্ৰ প্ৰকৃতিৰ দুৰ্যোগ’ৰূপে শ্ৰেণীবদ্ধ কৰা নিশ্চয় থল আছে। অসমত প্ৰতিবছৰে গড়ে ৮০০০ হেক্টৰ স্থলভূমি খহনীয়াত জাহ যায়, অৰ্থাৎ ৭৮,৪২৩ বৰ্গ কি:মি:ৰ ৭% ইতিমধ্যেই নিশ্চিহ্ন হ’ল। ১৯৫৩-২০১৭ চনৰ ভিতৰত চৰকাৰী তথ্য মতে ৩০৯৩ জন লোক বানৰ ফলত মৃত্যু হ’ল। প্ৰতিবছৰে অসমৰ বানপানীৰ ফলত গড়ে ১২৮ কোটি টকাৰ সম্পত্তি নষ্ট হয়।
ইমান প্ৰলয়ংকাৰী অসমৰ বানপানীকো ‘National Calamity of severe nature’ ৰূপে কিয় শ্ৰেণীবদ্ধ কৰা নহয়? আৰু কিমান ধ্বংস হ’লে, কিমান লোকৰ প্ৰাণ ল’লে,অসমৰ কিমান অংশ মাটিকালি নদীত জাহ গ’লে অসমৰ বানপানী আৰু গৰাখহনীয়াক ‘উগ্ৰ প্ৰকৃতিৰ দুৰ্যোগ’ বুলি স্বীকৃতি দিয়া হ’ব? এইবোৰ প্ৰশ্ন আমি কেন্দ্ৰীয় চৰকাৰক সুধিব লাগিব। আমি অতদিনে ‘ৰাষ্ট্ৰীয় সমস্যা’ ৰূপে স্বীকৃতি দিব লাগে বুলি দাবী কৰা সলনি ‘উগ্ৰ প্ৰকৃতিৰ দুৰ্যোগ’ বুলি স্বীকৃতি দিব লাগে বুলি ক’লেহে বেছি শুদ্ধ হ’ব বুলি ভাবো।
আমি আহিব খুজিছোঁ মৌলিক প্রশ্নটোলৈ,অসমৰ বান-খহনীয়াক ‘বিৰল উগ্ৰ প্রকৃতিৰ দুৰ্যোগ/সমস্যা’ ৰূপে ঘোষণা কৰিলে অসমৰ কি লাভ হ’ব? অসমৰ বানপানী চিৰদিনলৈ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ব নেকি? এইখিনিতে এটা কথা গুৰুত্বপূৰ্ণ যে বানপানীৰ কেতিয়াও স্থায়ী সমাধান কৰিব নোৱাৰি, কৰিব পাৰি স্থায়ী নিয়ন্ত্ৰণহে।
যিকোনো দুৰ্যোগক(প্ৰাকৃতিক/কৃত্ৰিম) ‘Calamity with rare severity/severe nature’ ৰূপে স্বীকৃতি দিলে, দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্তৰ সকলো ক্ষতিপূৰণ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা যোগান ধৰা ব্যৱস্থা কৰা হয়। কেন্দ্ৰীয় চৰকাৰে NDRFৰ অধীনত অতিৰিক্ত টকা প্ৰদান কৰে। প্ৰথম অৱস্থাত ‘Calamity Relief Fund'(CRF) গঠন কৰি, তাৰ বাবে প্ৰথম অৱস্থাত ৩:১ অনুপাতত(কেন্দ্ৰ চৰকাৰ:ৰাজ্য চৰকাৰ) ধন মঞ্জুৰী দিয়ে, যদি সেইয়া পৰ্যাপ্ত নহয়, তেন্তে অতিৰিক্ত সমস্ত ধন NCCF(National Calamity Contingency Fund)ৰ অধীনত প্রদান কৰে, যিটো ১০০%ই কেন্দ্ৰীয় চৰকাৰে যোগান ধৰে।
আনকি দুৰ্যোগৰ দ্বাৰা আক্ৰান্ত ঋণগ্ৰস্ত ভুক্তভোগী থাকিলে এই fundৰ যোগেদি ভুক্তভোগীক সেই ঋণ ঘূৰাই দিয়া ক্ষেত্ৰতো ব্যৱস্থা লয় অথবা কোনো নতুনকৈ ঋণ প্ৰদানৰো ব্যৱস্থা কৰে এই ‘Fund’ৰ অধীনত। কেন্দ্ৰীয় চৰকাৰে কি প্ৰক্ৰিয়া দ্বাৰা পুঁজি মুকলি কৰে? National Policy on Disaster Management,2009ৰ অনুযায়ী ‘উগ্ৰ প্ৰকৃতিৰ’ দুৰ্যোগৰ বাবে কেন্দ্ৰীয় গৃহ সচিবক ইয়াৰ অধ্যক্ষ হিচাপে বাছনি কৰি এখন ‘Inter-ministrial’ সমিতি গঠন কৰা হয়। সেই সমিতিৰ প্ৰতিনিধি দল আক্ৰান্ত এলেকালৈ ক্ষয়-ক্ষতি নিৰ্ধাৰণ কৰিবলৈ ক্ষেত্ৰ পৰ্যবেক্ষণৰ বাবে উপস্থিত হয়। ইয়াৰ ফলত কিমান সাহায্য তৎক্ষণাত দৰকাৰ,সেইয়া তেওঁলোকে নিশ্চিত কৰে। NDRF/National Calamity Contingency Fund(NCCF)ৰ পৰা কিমান পুঁজি মুকলি কৰিব,সেইয়া এই সমিতিয়ে ধার্য কৰে। তেওঁলোকৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি বিত্ত মন্ত্ৰীক চেয়াৰমেন হিচাপে লৈ গৃহ মন্ত্ৰী,কৃষি মন্ত্ৰী,পৰিকল্পনা আয়োগৰ ডেপুটি চেয়াৰমেনৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ ধন অনুমোদন কৰে। এইখিনি প্ৰক্ৰিয়া আৰম্ভ হয় দুৰ্যোগ এটা সংঘটিত হোৱা পিছত,অৰ্থাৎ দুৰ্যোগ সংঘটিত হ’লেহে সেইয়া ‘উগ্ৰ প্ৰকৃতিৰ দুৰ্যোগ’ ৰূপে স্বীকৃতি পাব নে নাপাই নিৰ্ধাৰণ হয়।
অসমৰ বান-খহনীয়া দৃষ্টিৰে যদি চোৱা যায় ,তেন্তে অসমত প্ৰতিবছৰে ক্ষয়-ক্ষতি কম-বেছি হয়। কোনোবা বছৰ প্ৰলয়ংকাৰী ৰূপ লয়, কোনোবা বছৰ মাত্ৰা কম হয়। কিন্তু এটা কথাত আমি নিশ্চিত যে অসমত বান প্ৰতিবছৰে হয়,আগলৈকো হোৱা সম্ভাৱনাই অধিক, গতিকে সমগ্ৰ অসমৰ বান-খহনীয়াক উগ্ৰ প্ৰকৃতিৰ দুৰ্যোগৰ শাৰীত সন্নিৱিষ্ট কৰাত আপত্তি ক’ত? এতিয়া গোটেই গণ্ডগোলটো হৈছে ইয়াৰ ক্ষেত্ৰত কোনোধৰণৰ provision নাই। ঘোষণাটো সীমাবদ্ধ থাকে কেন্দ্ৰীয় চৰকাৰৰ মানসিকতাৰ ওপৰত। বানপানীত অসমৰ যিমান পৰিমাণৰ ক্ষয়-ক্ষতি হৈছে,সেই হিচাপত ইয়াক calamity of severe nature ৰূপে নিশ্চয় আখ্যা দিব পাৰে,যদিহে কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছা আৰু মানসিকতা থাকে।
আমেৰিকা যুক্তৰাষ্ট্ৰত ‘National Calamity'(ৰাষ্ট্ৰীয় দুৰ্যোগ) ঘোষণা কৰা নিয়ম আছে, ৰাষ্ট্ৰপতিয়ে তেনে ঘোষণা কৰিলেহে Federal Emergency Management Agencyয়ে ৰাজ্যসমূহক সহযোগ কৰিবলৈ অনুমতি লাভ কৰে। ভাৰতবৰ্ষত তেনে ব্যৱস্থা নাই। যি কি নহওঁক, এতিয়া আমাৰ দাবীটো হ’ল যেনেকৈ অসমত পোৱা সম্পদ সমূহৰ ক্ষেত্ৰত ভাৰত চৰকাৰে একচেতিয়া অধিকাৰ স্থাপন কৰিছে, অসমৰ দুৰ্বল অৰ্থনীতিক প্ৰতি বছৰে অধিক দুৰ্বল কৰা বান-খহনীয়াৰ নিয়ন্ত্ৰণৰ বাবে একচেতিয়াকৈ ভাৰত চৰকাৰে সম্পূৰ্ণ ব্যৱস্থা লওক।
এইবছৰৰ বানপানীত ক্ষতিগ্ৰস্তৰ বাবে প্ৰায় ২৫১ কোটি টকাৰ যি অনুদান কেন্দ্ৰীয় চৰকাৰে দিয়া কথা কৈছে বা তাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰধানমন্ত্ৰীক ধন্যবাদ যাচিছে, সেইবোৰ প্ৰকৃতাৰ্থত নাটক! কিয়নো যি টকা আগবঢ়াইছে, সেইয়া SDRFৰ পৰাহে মুকলি কৰি দিছে, ই অনুদান নহয়, অসমৰ প্ৰাপ্যহে। SDRFৰ টকা এনেও অসম চৰকাৰৰ প্ৰাপ্য টকা, তাক মুকলি কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে আহি হেলিকপ্টাৰত পৰ্যবেক্ষণ নকৰিলেও হয়। ভাৰত চৰকাৰৰ সদিচ্ছা থকা হ’লে, অসমৰ বানক গুৰুত্ব দিয়া হ’লে, NDRF বা NCCPৰ পৰাহে অতিৰিক্ত পুঁজি যোগান ধৰিলেহেতেঁন। প্রধান মন্ত্রীয়ে নিজাববীয়াকৈ কোটি টকীয়া অনুদান ঘোষণা কৰিলেহেতেঁন, যি ধৰণে অন্য ৰাজ্যৰ ক্ষেত্ৰত কৰে।
জানিব পৰা মতে অসম চৰকাৰে এতিয়াও কেইবা শ কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা SDRF ৰ অধীনত পাব লগা আছে। সেই দায়িত্ব ভাৰত চৰকাৰে পালন কৰক। অসমৰ মুখ্যমন্ত্ৰীয়ে ভীৰু নহৈ সাহসী হওক,মূৰ নোদোৱাকৈ কেন্দ্ৰীয় চৰকাৰক বান আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে সম্পূৰ্ণ ব্যৱস্থা লবলৈ বাধ্য কৰাওক। এতিয়া প্ৰশ্ন হ’ব, অসমৰ বান-খহনীয়া নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নে? শেহতীয়াকৈ ১৬ জুলাই তাৰিখে IOP Publishing নামৰ বিখ্যাত গৱেষণাধৰ্মী জাৰ্নেল খনত ইংলেণ্ডৰ পাঁচজনীয়া এদল গৱেষকে ব্ৰহ্মপুত্ৰ,গংগা আৰু মেঘনা বেচিনৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ ফলত কেনেকৈ প্ৰভাৱ পৰিব সেই সম্পৰ্কে বিস্তাৰিতভাৱে নিজৰ গৱেষণা পত্ৰ প্ৰকাশ কৰিছে। বৰ স্পষ্টকৈ কৈছে যে আগন্তুক দিনত ব্ৰহ্মপুত্ৰৰ ফলত ন ন অঞ্চলত বানপানীৰ প্ৰকোপ বৃদ্ধি পাব। কোনো দিন বানপানীত আক্ৰান্ত নোহোৱা ঠাই ভৱিষ্যতে বানপানীৰ ফলত বিধ্বস্ত হোৱা সম্ভাৱনা ব্যক্ত কৰিছে।
স্বাভাৱিক কথা যে জলবায়ু ব্যাপক পৰিৱৰ্তনে শেহতীয়াকৈ হিমালয়ক প্ৰভাৱিত কৰিছে, তাত থকা বৰফ সমূহ গলিবলৈ ধৰিছে তেনেস্থলত হিমালয়ৰ পাদদেশত থকা ব্ৰহ্মপুত্ৰৰ ওপৰত ইয়াৰ ঋণাত্মক প্ৰভাৱ নিশ্চয় পৰিব। এনেবোৰ কথা বিজ্ঞানীমহলে আমাক সোঁৱৰাই থাকে। ই প্ৰমাণ কৰে যে অনতিবিলম্বে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ বান নিয়ন্ত্ৰণৰ এক নিৰ্দিষ্ট বিজ্ঞানসন্মত কাৰ্যসূচী প্ৰয়োজন হৈছে। কিন্তু সেই কাৰ্যসূচী কৰিব কোনে? স্বাধীনতাৰ অতবছৰৰ পিছতো ব্ৰহ্মপুত্ৰক সম্পদলৈ ৰূপান্তৰৰ কোনো বাস্তৱ প্ৰতিফলন নহ’ল। প্ৰতিবছৰে বানপানী হয়,আমি বিজ্ঞানসন্মত অধ্যয়নৰ কথা কৈ কিবা কমিটি গঠন কৰোঁ, এইবাৰো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেনে কথা কৈছে।
২০১৭ চনৰ বানপানীৰ পিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ব্ৰহ্মপুত্ৰৰ বিজ্ঞানসন্মত অধ্যয়নৰ বাবে ১০০ কোটি টকা ঘোষণা কৰিছিল। সেই অধ্যয়নৰ ফলাফল কি হ’ল? যি সময়ত বিজ্ঞানসন্মত অধ্যয়নৰ প্ৰয়োজন, সেই সময়ত এইখন চৰকাৰে তথাকথিত ‘নমামী ব্ৰহ্মপুত্ৰ’ পাতি কোটি কোটি টকা নষ্ট কৰিলে। বিশ্বৰ কোনখন দেশত পূজা-পাতল কৰি বান-গৰাখহনীয়া নিয়ন্ত্ৰণ কৰা উদাহৰণ আছে? এজন কেন্দ্ৰীয় মন্ত্রীয়ে আহি ঘোষণা কৰিব ব্ৰহ্মপুত্ৰ খনন কৰি দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰিব, দুদিনৰ পিছত অন্য এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ক’বহি ব্ৰহ্মপুত্ৰ খনন অবৈজ্ঞানিক,অসম্ভৱ। বাস্তৱত কোনো অধ্যয়ন নকৰাকৈ এজন দায়িত্বশীল মন্ত্ৰীয়ে পোহাৰী চুপতি মাৰিছিল নেকি? আমাক আৰু কিমান দিনলৈ মূৰ্খ সজোৱা হ’ব? ব্ৰহ্মপুত্ৰৰ বান আৰু গৰাখহনীয়া নিয়ন্ত্ৰণ অসম্ভৱ নহয়, সম্ভৱ কৰি তুলিবলৈ কেতিয়াবা কোনোবাই চেষ্টা কৰিছেনে ? নাই মানসিকতা আৰু সাহসিকতা।
চুবুৰীয়া ম্যানমাৰৰ মাজেৰে ঠিক ব্ৰহ্মপুত্ৰৰ দৰে ইৰাৱতী নদী বৈ গৈছে। ম্যানমাৰে সেই স্ৰোতধাৰাক মূল আধাৰ ৰূপে লৈ গঢ়ি তুলিলে The irrawaty Flotilla। ফলত ই ম্যানমাৰক প্ৰাণচঞ্চল কৰি তুলিলে, এখন নদী আশীৰ্বাদলৈ পৰিণত হ’ল। যদি ম্যানমাৰে পাৰে আমি ভাৰতে নোৱাৰো কিয়? চীনে ভয়ংকৰ হোৱাংহো নদীক নিয়ন্ত্ৰণ কৰিবলৈ Huwai Rever Project গঢ়ি সফল হৈছে। আমি আজি আমেৰিকাত কেনেকৈ টেনিছ(Tennesse) নদীৰ প্ৰলয়ংকাৰী বান নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ল, অলপ চাবলৈ চেষ্টা কৰিম।
এসময়ত টেনিছ নদী উপত্যকা আমেৰিকা আটাইতকৈ পিছপৰা অঞ্চল আছিল, প্ৰত্যেক বছৰে বানে ধ্বংসলীলাত পৰিণত হৈছিল এই উপত্যকা। ১৯৩৩ চনৰ ১৮ মে’ তাৰিখে তেতিয়াৰ ৰাষ্ট্ৰপতি ফ্ৰানকলিন ৰুচেলভ(Franklin Roosevelt)এ টেনিছ ভেলী অৰ্থৰীতি আইন(Tennesse Valley Authority act) প্ৰস্তুত কৰে। TVA এই প্ৰজেক্টটোৰ উদ্দেশ্য আছিল টেনিছ নদীৰ বানপানী নিয়ন্ত্ৰণ কৰা, নৌ পৰিবহন চলাচলৰ উন্নত কৰা, দুয়ো পাৰে বনানিকৰণৰ কাৰ্যসূচী লোৱা, উপত্যকাৰ দাঁতি কাষৰীয়া অঞ্চলক সৎ প্ৰয়োগ কৰা, উপত্যকাৰ কৃষিখণ্ড উন্নয়ন আৰু উদ্যোগীকৰণৰ বাবে ফলপ্ৰসূ ব্যৱস্থা লোৱা। আৰ সেই তাহানিৰ পিছপৰা উপত্যকা আমেৰিকাৰ আজি অন্যতম উন্নত অঞ্চললৈ উন্নতি ঘটিল। অকল বান নিয়ন্ত্ৰণে নহয়, উপত্যকাটোৰ প্ৰতিগৰাকী কৃষকক সহায় কৰে, বিনামূল্য সাৰৰ যোগান ধৰে TVA য়ে। নদীখনত প্ৰায় ২৯ টা সৰু আৰু মজলীয়া নদীবান্ধ আছে। নদীবান্ধ কেইটাৰ মূলতঃ বান নিয়ন্ত্ৰণ উদ্দেশ্যেহে।
১৯৩৩তে গঢ়ি উঠা Tennesse Valley Authorityৰ ফলত কি কি লাভ হৈছে- ১)বানপানী সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আহিল।বানপানী প্ৰকমুহূৰ্তত আগজাননী দিয়া ব্যৱস্থা গঢ় লৈ উঠিল। ২) ৬৫২ মাইল দীঘল টেনিছ নদীত আজি বছৰি ২৫০০০-৩০০০০ জাহাজ/নাওঁ চলাচলৰ দ্বাৰা ৪০-৫০ মিলিয়ন টন সামগ্ৰী পৰিবহনৰ ফলত বছৰি ৪০০-৫০০ মিলিয়ন ডলাৰ পৰিবহন ব্যয় ৰাহি হয়। ৩) প্ৰায় ২৯ টা নদীবান্ধ,৩ টা নিউক্লিয়াৰ প্ৰকল্প, ১৫ টা সৌৰ শক্তি প্ৰকল্প, এটা বায়ু শক্তি প্ৰকল্পৰ ফলত প্ৰদূষণমুক্ত,নবীকৰণযোগ্য শক্তি উৎপাদন কৰিবলৈ সক্ষম হৈছে TVA অধীনত। ৪) জলসিঞ্চনৰ দ্বাৰা পানী যোগান আৰু প্ৰতিদিনে প্ৰায় ৫০ লাখ লোকক উপত্যকাৰ বাসিন্দা সকলক খোৱা পানী যোগান ধৰে। ৫) পৰ্যটন আৰু মনোৰঞ্জনৰ এক অনন্য স্থল ৰূপে গঢ়ি তুলিলে।
ওপৰত উল্লেখিত তেনে এক বহুমুখী প্ৰকল্প ব্ৰহ্মপুত্ৰক লৈ গঢ়ি তুলিব নোৱাৰে নে? কিহৰ অভাৱ? অসমৰ পৰা যে প্ৰতিবছৰে মন্ত্ৰী-আমোলা বিভিন্ন দেশলৈ ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ পঠিয়াই, তাৰ সলনি অসমৰ কেইজনমান সুদক্ষ অভিযন্তাক তেনে সফল প্ৰকল্পলৈ ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ পঠিয়াবলৈ চৰকাৰে ব্যৱস্থা ল’ব পাৰিব নে? বান নিয়ন্ত্ৰণত সফল হোৱা উদাহৰণ বিচাৰিলে অজস্ৰ পোৱা যাব, সেইবোৰ পৰা শিক্ষা লৈ অসম চৰকাৰ আগ নাবাঢ়ে কিয়? ভাৰত চৰকাৰ কোনো দিনে অসমৰ বিধ্বংসী বানপানীক লৈ চিৰিয়াছ নহয়, আমি বাধ্য কৰাবলৈকো সক্ষম হোৱা নাই। সঁচা অৰ্থত যদি বান-খহনীয়া নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰাব বিচাৰে, আমি সকলো একগোট হ’বই লাগিব।
এইখিনিতে এগৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী হিচাপে অসম চৰকাৰলৈ এটা অনুৰোধ থাকিব- যিহেতু অসমৰ বান-খহনীয়াৰ সৈতে যুঁজি থকা অভিযন্তাসকল মূলতঃ অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় কেইখনৰে পৰা উত্তীৰ্ণ, গতিকে অসমৰ অভিযান্ত্ৰিক পাঠ্যক্ৰমত বান-খহনীয়া নিয়ন্ত্ৰণ সম্পৰ্কীয় এক পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিবলৈ AICTEক হেঁচা প্ৰয়োগ কৰক।প্ৰতিবছৰে অসমৰ অভিযান্ত্ৰিক শিক্ষাৰ্থী বিশেষকৈ অসামৰিক (Civil Engineering) বিভাগৰ সকলক বান এলেকা সমূহত ক্ষেত্ৰ অধ্যয়ন কৰা ব্যৱস্থা অসম চৰকাৰে কৰক। শিক্ষাৰ্থী জীৱনতে ওচৰৰ পৰা ইয়াৰ ভয়াবহতা প্ৰত্যক্ষ কৰিলে পৰৱৰ্তী সময়ত ইয়াৰ সুদূৰপ্ৰসাৰী ফলাফল পোৱাৰ সম্ভাৱনা আছে। এনে বহু অভিযান্ত্ৰিক শিক্ষাৰ্থী আছে, জীৱিকা কালতহে বানপানীৰ ভয়াবহতা অনুভৱ কৰেগৈ, যিটো আমি ভাবোঁ সদৰ্থক ভূমিকা লোৱাত সহায়ক নহয়।
লেখক যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ
ফোন : ৯১০১৪৯১৩০৩