ধৰ্মীয় উদাৰতাৰ নিদৰ্শনেৰে হাজাৰ বন্যাৰ্তলৈ দুৱাৰ খুলি দিলে ধুবুৰীৰ গুৰুদ্বাৰে

Assam floods: Dhubri Gurudwara Opens Door for flood victim, provides free food and shelter to thousands

গুৰুদ্বাৰটোত বন্যাৰ্তক আহাৰ বিতৰণৰ ছবি। নৰ্থ ইষ্ট নাও।

নিউ জিলেণ্ডৰ মছজিদত শেহতীয়া আক্ৰমণৰ সময়ত বা দুৰ্ভগীয়া ৰহিঙিয়াক আগবঢ়োৱা সাহায্যৰ অনুৰূপ নিদৰ্শন দাঙি ধৰি ধুবুৰীৰ গুৰু তেগ বাহাদুৰ সিং চাহিবে চলিত বানত আক্ৰান্ত ধুবুৰীৰ হাজাৰ হাজাৰ বন্যাৰ্তৰ বাবে খুলি দিছে গুৰুদ্বাৰৰ দুৱাৰ।

দৈনিক প্ৰায় তিনি হাজাৰ বন্যাৰ্তক খাদ্য আৰু বিশুদ্ধ পানী যোগানৰ লগতে গুৰুদ্বাৰৰ মজিয়াত কৰা হৈছে বাঢ়নী পানীত গৃ্হহাৰা হোৱা লোকসকলৰ থকাৰ ব্যৱস্থা।

অকল গুৰুদ্বাৰত আশ্ৰয় লোৱাসকলৰ বাবেই নহয়, আশে-পাশে থকা সকলো আশ্ৰয় শিবিৰৰ লোকৰ বাবেই ২৪ ঘণ্টাই মুকলি আছে গুৰুদ্বাৰৰ ভোজন “গুৰু কা লংগৰ”।

কিন্তু সংকীৰ্ণ ধৰ্মান্ধতাৰ বিপৰীতে শিখসকলৰ পৰিচিত ধৰ্মীয় নিষ্ঠাৰে দুৰ্গতৰ সহায়ৰ বাবে যুদ্ধসদৃশ তৎপৰতাৰে নামি পৰিছে শিখ প্ৰতিনিধি ব’ৰ্দ, পূব মণ্ডল।

দুৰ্গতসকলক সহায়ৰ বাবে অসমৰ সকলো ঠাইৰ শিখধৰ্মী লোকসকললৈ খবৰ পঠোৱা হৈছে।

বৃ্হস্পতিবাৰে সন্ধিয়া গুৰুদ্বাৰটোৰ আহি উপস্থিত হৈছেহি জিলাৰ বাহিৰৰ পৰা শিখ স্বেচ্ছাসেৱকৰ প্ৰথমটো দল, নৰ্থ ইষ্ট নাওক গুৰুদ্বাৰটোৰ পৰিচালক গুৰবিন্দৰ সিঙে জনায়।

বেয়াকৈ ক্ষতিগ্ৰস্ত জিলাখনৰ দুৰ্ভগীয়া লোকসকলক নিজৰ সৰ্বোত্তম সেৱা আগবঢ়াবলৈ ধুবুৰী গুৰুদ্বাৰ কৰ্তৃপক্ষক নিৰ্দেশ দিছে শিখ প্ৰতিনিধি ব’ৰ্দ, পূব মণ্ডলৰ অধ্যক্ষ চৰ্দাৰ হৰজিন্দৰ সিং মাথাৰুৱে।

ব’ৰ্দৰ সাধাৰণ সম্পাদক চৰ্দাৰ কুলৱন্ত সিঙে জনোৱা মতে, যোৱা দেওবাৰৰ পৰা গুৰুদ্বাৰটোৱে প্ৰতিদিনে ৩০০০হাজাৰতকৈ অধিক বন্যাৰ্তক খাদ্য যোগান ধৰি আহিছে।

গুৰুদ্বাৰৰ মজিয়াত বন্যাৰ্তক আশ্ৰয়দানৰ ছবি। নৰ্থ ইষ্ট নাও।

সকলোৰে বাবে কৰা হৈছে বিশুদ্ধ পানী আৰু খাদ্যৰ লগতে ২৪ ঘণ্টাই বিজুলীৰ ব্যৱস্থাও।

অসমৰ চলিত বানত আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত জিলাসমূহৰ অন্যতম ধুবুৰীৰ জিলা সদৰতো আনকি নোহোৱা হৈছে বিশুদ্ধ পানী।

জিলা কাৰাগাৰৰ কয়দীক ছোৱালী মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হৈছে। প্ৰায় সকলো অঞ্চল যোৱা চাৰিদিন ধৰি আছে পানীৰ তলত থকাত যোৱা সোমবাৰৰ পৰা সদৰঠাইত নাই বিজুলী যোগানো।

কিন্তু সকলো প্ৰতিকূলতাৰ মাজতো শিখ ধৰ্মাৱলম্বীসকলে আগবঢ়োৱা সহায়ৰ সকলোৱে শলাগ লৈছে।

তেওঁলোকৰ এই পদক্ষেপত জিলা প্ৰশাসন আৰু স্থানীয় লোকসকলে যৎপৰোনাস্তি সহায় আগবঢ়াইছে বুলিও জনাইছে গুৰুদ্বাৰ কৰ্তৃপক্ষই।

ইফালে ব্ৰহ্মপুত্ৰৰ জলস্তৰ কমিছে যদিও বৃহস্পতিবাৰেও ই বিপদসীমাৰ প্ৰায় ডেৰ মিটাৰ ওপৰেৰে বৈ আছে।