লুধিয়ানাত অনুষ্ঠিত হ’বলগীয়া ৭৩ সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ছিনিয়ৰ ফুটবল প্ৰতিযোগিতাৰ বাবে মঙলবাৰে অসম দলটো ঘোষণা কৰা হয়। প্ৰতিযোগিতাখনত গ্ৰুপ ‘বি’ত স্থান লাভ কৰিছে অসমে। ৯ এপ্ৰিলত পঞ্জাৱৰ বিৰুদ্ধে হ’বলগীয়া খেলেৰে প্ৰতিযোগিতাখনত অভিযান আৰম্ভ কৰিব অসমে।
অসমে মহাৰাষ্ট্ৰৰ বিৰুদ্ধে ১১ এপ্ৰিলত, ছিকিমৰ বিৰুদ্ধে ১৩ এপ্ৰিলত আৰু ১৫ এপ্ৰিলত কৰ্ণাটকৰ বিৰুদ্ধে খেলিব।প্ৰতিযোগিতাখনত অসম দলটোৰ ভাল প্ৰদৰ্শনৰ আশা ব্যক্ত কৰে প্ৰশিক্ষক সুবীৰ দেই। অবশ্যে আঘাতে কিছু চিন্তাত ৰাখিছে দল নিৰ্বাচক সমিতিক।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনৰ বাবে ঘোষিত অসম দলটো হ’ল- বিশাল ছাহু, খামডাম ব্ৰহ্ম, দীপেন মৰাণ, ছাম্পাউ ৰংমেই, শ্যাম নাৰ্জাৰী, হিতেশ্বৰ হাজোৱাৰী, শুভক্ষণ ৰাভা, উদিত বৰা, শ্যামজ্যোতি পেগু, পুলুং দৈমাৰী, ৰাকেব বসুমতাৰী, চিৰণদীপ মৰাণ, সাগৰ হাং লিম্পু, জিয়ানচুন ৰংমেই, ছিতু বসুমতাৰী, মিলন বসুমতাৰী, তুল্য দাস, অকৰং নাৰ্জাৰী, বিষ্ণু বৰদলৈ আৰু ইছাক চাংমা। দলটোৰ মেনেজাৰ হিচাপে আছে উত্তম ব্ৰহ্ম আৰু সহকাৰী প্ৰশিক্ষক হিচাপে আছে ৰাজকুমাৰ সিনহা।