• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিক ভোট নিদিলে চলোৱা হ’ব উচ্ছেদ : হাইলাকান্দিৰ সংখ্যালঘু গাঁৱত বন বিষয়াৰ জংঘলৰাজ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 26, 2024 9:40 pm
5.9k
VIEWS
Share on FacebookShare on Twitter

গাদী দখলৰ বাবে যেন দেশৰ আইন-কানুন ধোৱা চাঙত তুলিছে ভাৰতীয় জনতা পাৰ্টিয়ে। হাইলাকান্দি জিলাত চৰকাৰী বিষয়াই সংঘটিত কৰিছে চকু কপালত উঠা এক ভয়ংকৰ কাণ্ড। অভিযোগ অনুসৰি জিলাখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে বাস কৰা এখন গাঁৱত বিজেপিক ভোট নিদিলে বুলড’জাৰ চলাই গাঁওবাসীক উচ্ছেদ কৰাৰ ভাবুকি দিছে বিতৰ্কিত আই এফ এছ বিষয়া এম কে যাদৱ আৰু আন ৮ জন বন বিষয়াই।

বিষয়া সকলে বুটুকুছি গাঁৱৰ বাসিন্দাক এইদৰে উচ্ছেদৰ ভাবুকি দিয়াৰ পিছত মুখ্য সচিব (বন) এম কে যাদৱ আৰু আন ৮ জন বন বিষয়াৰ বিৰুদ্ধে স্থানীয় আদালতত অভিযোগ দাখিল কৰিছে গাঁৱৰ বাসিন্দা সকলে।

এম কে যাদৱৰ লগতে গাঁওবাসীক ভাবুকি দিয়া আন ৮ জন বন বিষয়া হৈছে শিলচৰৰ মুখ্য বন সংৰক্ষক ৰাজীৱ কুমাৰ দাস, হাইলাকান্দি বন সংমণ্ডলৰ জিলা বন বিষয়া অখিল দত্ত, কাছাৰ সংমণ্ডলৰ ডি এফ অ’ বিজয় টিম্বক পালভে, চেৰঙী ৰেঞ্জৰ ৰাতাবাৰী উপ-ভাৰপ্ৰাপ্ত বিষয়া মনোজ সিনহা, চেৰঙী ৰেঞ্জৰ বনকৰ্মী অজিত পল, দুল্লৱচিৰা বিট বিষয়া ফৈজ আহমেদ বৰভূঞা, বনকৰ্মী তপস দাস, বিট বিষয়া আব্দুন নুৰ আৰু বনকৰ্মী ফৈজুদ্দিন লস্কৰক।

বুটুকুছি গাঁৱৰ অভিযোগকাৰীসকলে যোৱা ২৪ এপ্ৰিলত কৰিমগঞ্জৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এই ঘটনাৰ স্বতন্ত্ৰ আৰু নিৰপেক্ষ তদন্ত বিচাৰি আবেদন দিছে।

এই ঘটনাৰ তদন্ত বিচাৰি আদালতত আবেদন দিয়া ব্যক্তি সকল হৈছে চয়দুল আলী, দিলৱাৰ হুছেইন, মজমুন নেহৰ আৰু আলিমুন নেছা।

এই আবেদনত এম কে যাদৱ আৰু ৮ জন বন বিষয়াৰ লগতে প্ৰায় ৪০-৫০ গৰাকী বহু বনকৰ্মী আৰু আৰক্ষী জোৱানৰ কথাও উল্লেখ কৰিছে আবেদনকাৰীসকল।  

অভিযোগকাৰীসকলে আদালতত দাখিল কৰা আবেদনত স্পষ্টভাৱে উল্লেখ কৰিছে যে যোৱা ২১ এপ্ৰিলৰ পৰা চুবুৰীয়া আন আন মুছলমান অধ্যুষিত গাঁৱতো এই বিষয়াসকলে একেধৰণৰ ভাবুকি দিছে।

আবেদনত আবেদনকাৰী সকলে উল্লেখ কৰা মতে যোৱা তিনিদিনৰ পৰা বন বিষয়া সকলে প্ৰায় ৪০-৪৫ গৰাকী অসম আৰক্ষীৰ কমাণ্ডো আৰু বন বাহিনীৰ সৈতে বুটুকুছি, ৰংপুৰ, চেৰঙী, জালালাভাদ আৰু নিভিয়া গাঁৱত দিনে নিশাই ঘৰে ঘৰে গৈ বিজেপিক ভোট নিদিলে উচ্ছেদ চলোৱাৰ ভাবুকি দিছে। লগতে সোণাপুৰ, কালামগুৰা, কলগাং, ভিতৰ বালিয়া, বালিয়া, চুটো বালিয়া, বড়ো বালিয়া, গুৱা উৰা, চৌটিশ, মনিষ্ট’পুৰ, মনপুৰ আদি অঞ্চলৰ লোকসকলক ঘৰৰ পৰা বাহিৰলৈ উলিয়াই আনি ফটো তোলাৰ লগতে বিজেপিক ভোট নিদিলে ২০২৪ চনত ৭ জুনৰ পিছত তেওঁলোকৰ ঘৰত বুলজ’জাৰ লগাই উচ্ছেদ চলোৱা ভাবুকি দিছে।”

ইয়াৰ উপৰিও গাঁৱৰ বাসিন্দা সকলক বন বিষয়াই ‘শৰণাৰ্থী’ আৰু ‘বাংলাদেশী’ বুলি কোৱাৰ লগতে অশ্লীল ভাষাৰে গালি-গালাজ কৰাৰ কথাও উল্লেখ কৰিছে আবেদনকাৰীসকলে।

অভিযোগ অনুসৰি বন বিষয়া সকলে গাঁৱৰ বাসিন্দা সকলক কয় যে আপোনালোকে যদি ইয়াত সুখ-শান্তিৰে বাস কৰিব বিচাৰে তেন্তে বিজেপিক ভোট দিব লাগিব। অন্যথা বুলড’জাৰ লগাই আপোনালোকক ইয়াৰ পৰা উচ্ছেদ কৰা হ’ব।

আবেদনকাৰীসকলে আদালতত এই কথাও কয় যে বন বিষয়াই ভাবুকি দিয়াৰ বহু ফটো আৰু ভিডিঅ’ গাঁওবাসীৰ হাতত আছে আৰু আদালতে বিচাৰিলে সেইবোৰ আদালতত দাখিল কৰা হ’ব। 

আবেদনকাৰী সকলৰ মতে, বিষয়াসকলৰ বিৰুদ্ধে তেওঁলোকৰ হাতত যথেষ্ট প্ৰমাণ আছে। 

খবৰ অনুসৰি, বিষয়াসকলে বনাঞ্চলৰ ভূমিত যোৱা ৫০-৬০ বছৰে বাস কৰা বাসিন্দা সকলৰ ঘৰবোৰো চিনাক্ত কৰে। 

স্থানীয় লোকে জনোৱা মতে, বন বিষয়া সকলে নিশাৰ ভাগত এই অঞ্চলসমূহত এখন বৈঠকৰ আহ্বান জনাইছিল। সেই বৈঠকত কামাণ্ড সকলে গাঁৱৰ বাসিন্দাসকলক ঘেৰাও কৰি ৰাখিছিল।  ইয়াৰ উপৰিও বৈঠকৰ সময়ত গাঁওবাসীৰ মোবাইল ফোনবোৰ জব্দ কৰা হৈছিল আৰু সকলো পোহৰ নুমুৱাই এন্ধাৰত বৈঠক অনুষ্ঠিত কৰা হৈছিল। এই বৈঠকতে বিজেপিক ভোট নিদিলে উচ্ছেদ কৰাৰ ভাবুকি প্ৰদান কৰা হৈছিল। 

শেহতীয়াকৈ বনভূমি অবন্য কাৰ্য্যকলাপৰ বাবে ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়াৰ এক গোচৰত এম কে যাদৱৰ চমন জাৰি কৰিছিল ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে। 

উল্লেখযোগ্য যে ১৯ ফেব্ৰুৱাৰীত এম কে যাদৱাই পি চি চি এফ আৰু বন বাহিনীৰ মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰিছিল যদিও পৰৱৰ্তী সময়ত অসম চৰকাৰে বিষয়াগৰাকীক বিশেষ মুখ্য সচিব (বন) হিচাপে পুনৰ নিয়োগ কৰিছিল।

উল্লেখ কৰা প্ৰয়োজন নাই যে শুকুৰবাৰে দ্বিতীয় পৰ্যায়ৰ ভোটৰগ্ৰহণ অনুষ্ঠিত হোৱা কৰিমগঞ্জ লোকসভা সমষ্টিত কংগ্ৰেছৰ পৰা হাফিজ ৰছিদ আহমেদ চৌধুৰী আৰু বিজেপিৰ পৰা সাংসদ কৃপানাথ মাল্লাই প্ৰতিদ্বন্দ্বিতা কৰিছে।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd