দেশতকৈ মোমাই ডাঙৰ নহয় : ABVPৰ গহপুৰ শাখাৰ সমূহীয়া পদত্যাগ

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সমিতিয়ে গ্ৰহণ কৰা স্থিতিৰ প্ৰতিবাদত আজি সংগঠনটোৰ পৰা সামূহীকভাৱে পদত্যাক কৰে ABVPৰ গহপুৰ শাখায়ে।

আজি অনুষ্ঠিত এখন সংবাদমেলত ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ বুলি উল্লেখ কৰি ABVP গহপুৰ শাখাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি ৰাজহুৱাভাৱে ঘোষণা কৰে।

সম্পাদক ভাস্কৰজ্যোতি হাজৰিকা আৰু ছয়দুৱাৰ মহাবিদ্যালয় গোটৰ অভিজিত বৰাই স্বাক্ষৰ কৰা এখন প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে তেওঁলোকে কয়, ‘জাতিৰ সংকট-ভাষাৰ সংকটৰ মূহুৰ্তত পোনপ্ৰথমেই আমি অসম –আসমীয়া জাতিক সজাগ হ’বৰ বাবে অনুৰেধ জনাইছোঁ।‘

‘বিজেপি চৰকাৰে অসমীয়া ৰাইজৰ প্ৰতিবাদী কণ্ঠ আওকান কৰি অসম চুক্তি উলংঘাৰ জৰিয়তে যি অসাংবিধানিক জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক আমাৰ ওপৰত জাপি দিব বিচাৰিছে গহপুৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ শাখাৰ তৰফৰ পৰা ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ।‘ তেওঁলোকে কয়।

ইয়াৰ লগতে ABVPৰ ‘অসম প্ৰদেশৰ এই বিলৰ প্ৰতি যি সমৰ্থন আমি তাৰ তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ’ বুলি বিজ্ঞপ্তিটোত প্ৰকাশ।

উল্লেখযোগ্য যে যোৱা ৭ ডিচেম্বৰত কেবৰ সমৰ্থনত গুৱাহাটীত ABVPৰ অসম শাখাই এক সমদল বাহিৰ কৰিছিল। উক্ত সমদলক লৈ সংগথনটোৱে ফে’চবুক আদি সামাজিক মাধ্যমত যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল।

গুৱাহাটীৰ ৰাজপথৰ উক্ত সমদলৰ এদিন পিছতে ৮ ডিচেম্বৰত বিধেয়কখনৰ বিৰোধিতা কৰি দিল্লীত ABVPৰ উত্তৰ-পূব কোষৰ ১২গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সংগঠনটোৰ পৰা ওলাই আহে।