জৈৱিক কৃষি প্ৰসাৰৰ বাবে ৰাজ্যত ১০০খন কৃষি বজাৰ স্থাপন কৰিব চৰকাৰে

জৈৱিক কৃষি প্ৰসাৰৰ বাবে ৰাজ্যখনত ১০০খন জৈৱিক কৃষি বজাৰ স্থাপন কৰিব অসম চৰকাৰে। ১০০খন চহৰত স্থাপন কৰিবলগীয়া এই জৈৱিক কৃষি সামগ্ৰী বিক্ৰীৰ বজাৰসমূহত কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিব পাৰিব।

এই বজাৰ স্থাপনৰ বাবে চহৰৰ পাৰ্শ্বৱৰ্তী এলেকাত ভূমি আৱণ্টনৰ বাবে প্ৰতিগৰাকী উপায়ুক্তক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৃষি বিভাগক প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিয়ে।

বুধবাৰে জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত মুখ্য মন্ত্ৰীয়ে কৃষি বিভাগক নিৰ্দেশ দিয়ে। বৈঠকত কৃষকৰ বাবে প্ৰয়োজনীয় বীজ ৰাজ্যখনতে উৎপাদন কৰাৰ বিষয়টো বিতংভাৱে আলোচনা কৰা হয়।

ইয়াৰ উপৰি ২০০ কোটি টকাৰ প্ৰয়োজনীয় বীজ যাতে ৰাজ্যখনতে উৎপাদন কৰিব পাৰি তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম বীজ নিগমৰ পৰিচালন সঞ্চালকক নিৰ্দেশ দিয়ে।

তেওঁ লগতে কয় যে বীজ যোগানৰ পিছত খেতিয়কে বীদ ৰোপণ কৰাটো নিশ্চিত কৰাৰ বাবে পৰিদৰ্শন ব্যৱস্থাটো শক্তিশালী কৰাৰ লগতে সমগ্ৰ প্ৰক্ৰিয়াটোত কৃষকসকলকো দায়ৱদ্ধ কৰি তুলিব লাগিব।

আজিৰ বৈঠকত কৃষী মন্ত্ৰী অতুল বৰা, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, কৃষি বিভাগৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদ প্ৰমূখ্যে কৃষি বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।