• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰেৱকান্ত মহন্ত, কুমাৰী লাইতোনজম ইবেমপিশক দেৱীলৈ ৰাজ্য চৰকাৰৰ বিষ্ণু ৰাভা বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 14, 2019 2:21 pm
Reba Kanta Mahanta and Kumari Laitonjam Ebampisok Devi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ প্রসিদ্ধ মুখাশিল্পী ৰেৱকান্ত মহন্ত আৰু বিশিষ্ট নৃত্যশিল্পী কুমাৰী লাইতোনজম ইবেমপিশক দেৱীলৈ আগবঢ়োৱা হৈছে ২০১৯ বর্ষৰ বিষ্ণু ৰাভা বঁটা। অসম চৰকাৰে প্রতি বছৰে কলাগুৰু বিষ্ণু প্রসাদ ৰাভাৰ স্মৃতিত ৰাভা দিৱসৰ দিনা দুজনকৈ শিল্পকলাৰ সৈতে জড়িত লোকক এই বঁটা প্রদান কৰি আহিছে।

উল্লেখযোগ্য যে অহা ২০ জুনত ৰাজ্যৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ আৰু গোৱালপাৰা জিলা প্ৰশাসনৰ সহযোগত গোৱালপাৰা জিলাৰ ৰংজুলিৰ তহচিল ময়দানত কেন্দ্রীয়ভাৱে আয়োজন কৰা ৰাভা দিৱসৰ অনুষ্ঠানত দুয়োজন বিশিষ্ট শিল্পীক আনুষ্ঠানিকভাৱে বঁটা প্রদান কৰা হ’ব। মুখ্য মন্ত্রী সর্বানন্দ সোণোৱালে প্রদান কৰিবলগীয়া এই বঁটাৰ সৈতে থাকিব নগদ ২ লাখ টকাৰ লগতে এখন প্রশস্তি পত্র আৰু অংগ বস্ত্র৷

উল্লেখ্য যে ১৯৩৫ চনত জন্মগ্ৰহণ কৰা ৰেৱকান্ত মহন্তই বিগত বহু বছৰৰ পৰাই অসমৰ বিভিন্ন স্থানৰ লগতে কলকাতা, দিল্লী, বৃন্দাবন আদি ঠাইত বৰগীত, সত্ৰীয়া নৃত্য আৰু ভাওনা প্ৰদৰ্শন কৰি আহিছে। ইতিমধ্যে তেওঁ এগৰাকী সুদক্ষ মুখাশিল্পীৰূপে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি লাভ কৰিছে।

ইয়াৰ উপৰি জীৱনজোৰা সাধনাৰ স্বীকৃতিস্বৰূপে তেওঁক ২০১৫ চনত সংগীত নাটক অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল।

আনহাতে ১৯৫২ চনত জন্মগ্ৰহণ কৰা, মণিপুৰী নৃত্যৰ স্নাতকোত্তৰ ডিপ্ল’মাধাৰী নৃত্যশিল্পী কুমাৰী লাইতোনজম ইবেমপিশক দেৱীয়ে ইশ্বেই নৃত্য, কৃষ্ণ নৃত্য, মৈৰাংসাই, নিমাই সন্যাসী, যোগী ভেষ, ৰাসলীলা নৃত্য, নৈতম নৃত্য পৰিৱেশন কৰি মণিপুৰী নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত অৰিহণা যোগাই আহিছে।

উল্লেখ্য যে এইগৰাকী নৃত্যশিল্পীয়ে ১৯৯০ চনত মণিপুৰৰ ৰাজ্যপালৰ সোণৰ পদক, ১৯৯০ চনত টম্বী দেৱী সোণৰ পদক, ১৯৯৮ চনত মণিপুৰী সাহিত্য পৰিষদৰ সোণৰ পদক আৰু ২০১৭ চনত অসম চৰকাৰৰ শিল্পী পেঞ্চন আদি লাভ কৰিবলৈ সক্ষম হৈছে।

বঁটা প্ৰদান অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী নৱ কুমাৰ দলে, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভা উপৰি বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm
এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

September 15, 2025 5:38 pm
অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

September 15, 2025 5:09 pm
১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm
এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

September 15, 2025 5:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd