৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰে আয়োজন কৰিছে হাতে লিখা ৰচনা প্ৰতিযোগিতা। বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জনাই অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ মূল বিষয় হৈছে ‘যদি মই সৈনিক হওঁ’।
হাতে লিখা ৰচনা পঠিওৱাৰ শেষ সময়সীমা ১৫ আগষ্ট।
ছাত্ৰ-ছাত্ৰীসকলে নিজ পচন্দ অনুসৰি অসমীয়া বা ইংৰাজী ভাষাত ৰচনা লিখিব পাৰিব। ৰচনা ৩০০ শব্দৰ ওপৰত হ’ব নোৱাৰিব। প্ৰতিযোগী সকলে সম্পূৰ্ণ স্পষ্ট ৰূপত পৃষ্ঠা নম্বৰো লিখিব লাগিব।
ৰচনা লিখাৰ পূৰ্বে প্ৰতিযোগী সকলে নিজৰ নাম, ঠিকনা, যোগাযোগ নম্বৰৰ উপৰি কোন শ্ৰেণীত পঢ়ি আছে সেই বিষয়ে উল্লেখ কৰাটো প্ৰয়োজনীয়।
ৰচনা দাখিল কৰাৰ বাবে প্ৰতিযোগী সকলে মাইগভ আছাম( MyGov Assam) ৱেবছাইটত যাব লাগিব। ৱেবছাইটত গৈ কাৰ্য শিতানত থকা হাতে লিখা ৰচনা প্ৰতিযোগিতাত ক্লিক কৰি কমেণ্ট শাখাত স্কেন কপিটো জমা দিব পাৰিব।
চৰকাৰে বাচনি কৰি উলিওৱা পাঁচগৰাকী শীৰ্ষ প্ৰতিযোগীক অসম চৰকাৰৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল স্বাক্ষৰিত প্রশংসামূলক প্ৰমাণপত্ৰ প্ৰদান কৰিব।