ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল : ৰাজ্যৰ বহু জিলাত নতুন উপায়ুক্তক দায়িত্ব প্ৰদান

Transfer-750x375

আজি ৰাজ্য চৰকাৰে জাৰি কৰা এক নিৰ্দেশনা যোগে ৰাজ্যৰ কিছু সংখ্যক আইএএছ আৰু এচিএছ বিষয়াক ৰদ-বদল কৰি জিলাসমূহৰ উপায়ুক্ত হিচাপে বদলি কৰিছে।

অসম চৰকাৰৰ কৰ্মচাৰী (প্ৰশাসন) বিভাগৰ সচিব টি পি বৰগোহাঁই-এ জাৰি কৰা এক নিৰ্দেশনা অনুসৰি, অসম চৰকাৰৰ বিত্ত বিভাগৰ উপ সচিব আয়ুষ গাৰ্গ(আইএএছ)ক বদলি কৰি বাক্সা জিলাৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।

অসম ৰাজ্যিক ৱেৰহাউচিং কৰ্পোৰেচন লিমিটেডৰ পৰিচালনা বিভাগৰ যুটীয়া সচিব, সঞ্চালক আৰু বৰপেটাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত তেজ প্ৰসাদ ভুশাল(আইএএছ)ক বৰপেটাৰ উপায়ুক্ত আৰু ডব্লিউপিটি আৰু বিচিৰ সচিব তথা এআৰএনটি বিভাগ আৰু অসমৰ টিআৰআইৰ সঞ্চালক বিনীতা পেগু(আইএএছ)ক বদলি কৰি চৰাইদেউৰ উপায়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।

হাইলাকান্দিৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা নৰেন্দ্ৰ কুমাৰ শ্বাহ(আইএএছ)ক বদলি কৰি চিৰাঙৰ উপায়ুক্ত আৰু অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত অঞ্চল উন্নয়ন বিভাগ, গৃহ আৰু ৰাজনৈতিক সচিব প্ৰভাতী থাউচেন(আইএএছ)ক দৰং জিলাৰ উপায়ুক্ত ৰূপে নিযুক্তি দিয়া হৈছে।

 

দৰঙৰ অতিৰিক্ত উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডি(আইএএছ)ক ধেমাজি, কৰিমগঞ্জৰ উপায়ুক্ত অন্বামুথন এমপি(আইএএছ)ক ধুবুৰী, চাহ আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ বিভাগৰ সঞ্চালক মীনাক্ষী দাস নাথ(এচিএছ)ক গোৱালপাৰা আৰু শোণিতপুৰৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙ(আইএএছ)ক গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।

 

শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত ৰোহন কুমাৰ ঝা(আইএএছ)ক হাইলাকান্দি, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সচিব তথা সঞ্চালক অশোক কুমাৰ বৰ্মন(এচিএছ)ক যোৰহাট, কাচাৰৰ অতিৰিক্ত উপায়ুক্ত আৰু কাচাৰ সংস্থাপন বিষয়া সুমিত চট্টাৱন(আইএএছ)ক লখিমপুৰ আৰু হাইলাকান্দিৰ উপায়ুক্ত মেঘা নিধি দাহাল(আইএএছ)ক কোকৰাঝাৰ জিলাৰ উপায়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।

লখিমপুৰৰ উপায়ুক্ত খৰ্গেশ্বৰ পেগু(এচিএছ)ক কৰিমগঞ্জ, উচ্চ শিক্ষা বিভাগৰ সচিব গীতিমণি ফুকন(এচিএছ)ক নলবাৰী, উদ্যোগ আৰু বাণিজ্য আৰু দক্ষতা, উদ্যমিতা উন্নয়ন বিভাগৰ পাৱাৰ নাৰ্ছিং চম্ভাজি(আইএএছ)ক তিনিচুকীয়া, কৰিমগঞ্জৰ অতিৰিক্ত উপায়ুক্ত হিভাৰে নিচাং গৌতম(আইএএছ)ক দক্ষিণ শালমৰা মাকাচাৰ জিলাৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।

উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত পবিত্ৰ ৰাম খাউণ্ড(এচিএছ)ক শোণিতপুৰ, নিৰ্বাচন বিভাগৰ উপ সচিব, যুটীয়া কাৰ্যবাহী বিষয়া ডঃ পি উদয় প্ৰবীণ(আইএএছ)ক ওদালগুৰি আৰু উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব উৎপল শইকীয়াক পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে।