সাংবাদিক পেঞ্চন ৮হাজাৰ টকাৰ পৰা ১০হাজাৰ টকালৈ বৃদ্ধি অসম চৰকাৰৰ
বৃহস্পতিবাৰে জনসংযোগ বিভাগৰ মন্ত্রী পীযুষ হাজৰিকাই আপকু, আছাম ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নেলিষ্ট, আছাম ফটো জাৰ্নেলিষ্ট এছ’চিয়েছন আৰু ইলেকট্ৰ’নিক মিডিয়া ফ’ৰাম, অসমৰ প্ৰতিনিধি সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
এই বৈঠকত আলোচনাৰ মাধ্যমেৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক সকলৰ বিয়োগৰ পাছত পৰিয়াললৈ এককালীন সাহায্য, সাংবাদিক পেঞ্চন আদি বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
এই বৈঠকত গ্ৰহণ কৰা বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেইটি হৈছে অসম চৰকাৰৰ সাংবাদিক পেঞ্চন ৮ হাজাৰৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব।
সেইদৰে, এতিয়াৰে পৰা অকালতে মৃত্যুবৰণ কৰা সাংবাদিকৰ পৰিয়ালে স্বাভাৱিক মৃত্যুৰ ক্ষেত্ৰটো পাব এককালীন সাহায্য।
এই সাহায্য এক লাখৰ পৰা তিনি লাখ টকালৈ বৃদ্ধি কৰা হ’ব।