বাগিচাসমূহত কোভিড১৯ সংক্ৰমণ আৰম্ভ হ’লে চৰকাৰ আৰু বাগিচা কৰ্তৃপক্ষ জগৰীয়া হ’বঃ আছা

index

কৰ’না সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত ৰাজ্যখনৰ সকলো স্তৰৰ লোকক জাতি-ধৰ্ম নিৰ্বিশেষে সকলোকে সমান ব্যৱহাৰ কৰা অতি আৱশ্যক৷

কাৰণ এই মহামাৰীৰ সংক্ৰমণ যিকোনো এক বিশেষ শ্ৰেণীৰ লোকৰ ওচৰত সীমাবদ্ধহৈ নাথাকে৷

তেনেস্থলত শেহতীয়াকৈ পোৱা তথ্যনুযায়ী, চৰকাৰে বহিৰাজ্যত থকা শ্ৰমিকসকলক নিজ ৰাজ্যলৈ ঘূৰাই অনাৰ ব্যবস্থা কৰিছে৷

‘চৰকাৰৰ এনে পদক্ষেপক আমি আদৰণি জনাইছোঁ৷ কিন্তু, উদ্বেগজনক বিষয়টো হৈছে, বহিৰাজ্যেৰ পৰা আসমলৈ আনিবলৈ লোৱা বাগিচা অঞ্চলৰ শ্ৰমিক শ্ৰেণীৰ লোকক চৰকাৰীভাবে সুবিধা উপলব্ধ হোৱাকৈ কোৱাৰেনতাইন কৰি ৰখাৰ কোনো ইচ্ছা নাই৷

বাগিচা অঞ্চলৰ শ্ৰমিকক বহিঃৰাজ্যৰ পৰা আনি বাগিচা পৰিচালকৰ তত্ত্বাৱধানত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷

বহি ৰাজ্যেৰ পৰা অনা শ্ৰমিক কৰুণা সংক্ৰমিত হয়, তেন্তে বাগিচা সমূহৰ অৱস্থা দেখোন বহুত বেয়ালৈ গতি কৰিব’ এইবুলি সদৌ আদিবাসী ছাত্ৰ সন্থা অসমে কয়।

তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক ৰামানুজ লাকৰা, ৰাজেশ কৰ্ম্মকাৰ, বুদ্ধিনাথ প্ৰজাপতি আৰু কেন্দ্ৰ সমিতিৰ উপসভাপতি লৰেন্স নাগে চৰকাৰৰ এনে বৈষম্য মূলক আচৰণক তীব্ৰ নিন্দা কৰি সংবাদমাধ্যমলৈ এক প্ৰেছ বাৰ্তা যোগে উদ্ধেগ প্ৰকাশ কৰিছে৷

আছাই কয় চৰকাৰে বহিঃৰাজ্যৰ পৰা অনা যিকোনো শ্ৰমিকক সম্পূৰ্ণ চৰকাৰী ব্যৱস্থামতে কোৱাৰেন্টাইন কৰি সুস্থ প্ৰমাণিত হ’লেহে বাগিচাত প্ৰৱেশ অনুমতি দিব লাগে।

অন্যথা এতিয়ালৈকে Covid-19 ৰ গ্ৰাসৰ পৰা মুক্তহৈ থকা বাগিচাসমূহত সংক্ৰমণ আৰম্ভ হলে ৰাজ্য চৰকাৰ আৰু বাগিচা কৰ্তৃপক্ষ জগৰীয়া হ’ব।

প্ৰেছ বাৰ্তাটোত স্পষ্টকৈ উল্লেখ কৰিছে আছাই৷ এইক্ষেত্ৰত চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।