যোৱা বছৰৰ মে মাহৰ পৰা ৰাজ্যখনত আৰক্ষীৰ দ্বাৰা সংঘটিত ভুৱা সংঘৰ্ষৰ অভিযোগ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত বিতং শপতনামা দাখিল কৰাত পুনৰ ব্যৰ্থ হৈছে অসম চৰকাৰ।
যোৱা ২৯ জুলাইত গোচৰটোৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ এক খণ্ড বিচাৰপীঠে নিৰ্দেশ দিছিল যে সচিব (গৃহ) বা অতিৰিক্ত সচিব (গৃহ)ৰ দ্বাৰা এক বিতং শপতনামা দাখিল কৰা উচিত।
লগতে পঢ়ক: চেমখৰ বিতৰ্কই জোকাৰিছে ৰাজ্য: আইমী বৰুৱাৰ বিৰুদ্ধে সমগ্ৰ ডিমাছা জনজাতিক অপমানৰ অভিযোগ
বিচাৰপীঠে অসমৰ এডভোকেট জেনেৰেল দেৱজিৎ শইকীয়াক ছয় সপ্তাহৰ ভিতৰত বিতং শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।
কিন্তু অসম চৰকাৰে এই সময়ছোৱাত আদালতত শপতনামা দাখিল কৰাত ব্যৰ্থ হৈছে।
বৃহস্পতিবাৰে গোচৰটোৰ শুনানিৰ সময়ত এডভোকেট জেনেৰেল দেৱজিৎ শইকীয়াই আদালতক জনায় যে চৰকাৰে শুকুৰবাৰৰ ভিতৰত শপতনামা দাখিল কৰিব।
আদালতে ১৪ নৱেম্বৰত বিষয়টোৰ পুনৰ শুনানি ল’ব।
যোৱা বছৰৰ মে মাহৰ পৰা জিম্মাৰ পৰা পলাই যাবলৈ চেষ্টা কৰা অৱস্থাত আৰক্ষীৰ গুলীত কমেও ৫৪ জন অভিযুক্তৰ মৃত্যু হৈছিল আৰু ১০০ ৰো অধিক আহত হৈছিল।
লগতে পঢ়ক: গুৱাহাটীত উপস্থিত ভাৰত-দক্ষিণ আফ্ৰিকাৰ দল: দৰ্শন লাভৰ আশাত ভিৰ অনুৰাগীৰ
গোচৰটোৰ আবেদনকাৰী উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আৰিফ জোৱাদ্দাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত দাখিল কৰিছিল যে ২০২১ চনৰ মে মাহৰ পৰা ৰাজ্যখনত ৮০ টা ভুৱা সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছিল আৰু ইয়াৰ ফলত ২৮ জন লোকৰ মৃত্যু হৈছিল আৰু ৪৮ জন আহত হৈছিল।