২০১৯-২০ বৰ্ষৰ শিল্পী পেন্সন আৰু সাহিত্যিক পেন্সন প্ৰাপকৰ নাম ঘোষণা চৰকাৰৰ

Hembhai

হেমভাই। ফাইল ফটো।

প্ৰতি বছৰে স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত কৰাৰ দৰে এইবাৰো অসম চৰকাৰে ৰাজ্যৰ নিৰ্বাচিত শিল্পী আৰু আৰু সাহিত্যিকক পেন্সন দিয়াৰ বাবে ২০১৯-২০ বৰ্ষৰ প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে।

চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ে কৰা ঘোষণ মতে, মুঠ ১২৫জনক শিল্পী পেন্সনৰ বাবে নিৰ্বাচন কৰা হৈছে। এওঁলোকক চৰকাৰে মাহে ৮ হাজাৰকৈ টকা পেন্সন দিব আৰু এইটো স্বাধীনতা দিৱসৰ দিনটোৰ পৰাই কাৰ্য্যকৰী হ’ব।

শিল্পীলৈ পেন্সনৰ উপৰি প্ৰয়াত ২০জন শিল্পীৰ পৰিয়াললৈ এককালীন সাহায্য আৰু ১৪জন প্ৰয়াত শিল্পীৰ পৰিয়াললৈ পৰিয়াল পেন্সন আগ বঢ়াইছে।

এককালীন সাহায্যৰ পৰিমাণ ৫০ হাজাৰ টকা আৰু প্ৰয়াত শিল্পীজনৰ নিকটতম আত্মীয়ই এই টকা লাভ কৰিব।

আনপিনে প্ৰয়াত শিল্পীৰ ১৪টা পৰিয়ালে মাগে ৪ হাজাৰকৈ টকাৰ পেন্সন লাভ কৰিব।

চৰকাৰে ঘোষণাটোত কয়, ৰাজ্যৰ কলা আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ অনবদ্য অৱদান আগ বঢ়োৱা বিভিন্নজন ব্যক্তি আৰু তেওঁলোকৰ পৰিয়াললৈ এই পেন্সন আৰু সাহায্য আগ বঢ়োৱা হৈছে।

অৱশ্যে ডিজিটেল ইণ্ডিয়াৰ শ্ল’গান দিয়া চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ ৱেবছাইটত এই সম্পৰ্কীয় কোনো তথ্য পোৱা নাযায়। ৱেবছাইটটো ভ্ৰমণ কৰিলে ২০১৬-২০১৭ চনৰ তালিকাখনহে দেখা যায়।

জ্যোতিষ শিকদাৰ, হেমভাই, শান্তিছায়া শইকীয়াকে ধৰি ৪৩জনলৈ সাহিত্যিক পেন্সন

২০১৯-২০ বৰ্ষত মুঠ ৪৩ জন ব্যক্তিক সাহিত্যিক পেন্সন দিয়াৰ বাবে নিৰ্বাচন কৰা হৈছে। এওঁলোকক মাহে ৮ হাজাৰকৈ টকা দিয়া হ’ব আৰু সেয়া ১৫ আগষ্টৰ দিনটোৰ পৰাই কাৰ্য্যকৰী হ’ব।

সাহিত্যিক পেন্সনৰ বাবে নিৰ্বাচিতসকল-

কাছাৰৰ অঞ্জু এনদৌ; দৰঙৰ গোবিন্দ ৰাম ভৰালী, টংকেশ্বৰ দেৱী; ডিব্ৰুগড়ৰ প্ৰসেনজিৎ কুমাৰ গোস্বামী, ভীমকান্ত বৰুৱা; গোৱালপাৰাৰ জ্ঞানশংকৰ খাখলাৰী, লিষ্টিৰাম ৰাভা; হোজাইৰ খৰ্গ বাহাদুৰ নেপালী; যোৰহাটৰ যোগমায়া গগৈ, দীপাঞ্জলী বৰা, সোণাৰাম শৰ্মা, শান্তিছায়া শইকীয়া; কামৰূপ মহানগৰৰ পৰিণীতা বুজৰবৰুৱা, হেমভাই, প্ৰফুল্ল কুমাৰ দত্ত, লক্ষ্মীন্দ্ৰ কুমাৰ সিনহা, ধীৰেশ্বৰ ডেকা, অনিতা নিংগমবাম, উত্তম বৰুৱা, জ্যোতিষ শিকদাৰ, লীলাৱতী শইকীয়া বৰা, ৰূপম বৰুৱা, ড০ বীণু বৰুৱা, শশী ফুকন, কীৰ্তিকমল ভূঞা; কামৰূপ গ্ৰাম্যৰ নৃপেন্দ্ৰ কুমাৰ ভাগৱতী, সুৰেশ শৰ্মা; কাৰ্বি আংলঙৰ ধনেশ্বৰ ইংতি; লখিমপুৰৰ পূৰ্ণানন্দ ভূঞা; মৰিগাঁৱৰ সত্যহাস দাস; নলবাৰীৰ মামনি ডেকা, গোলোক পাঠক, খগেন ডেকা; নগাঁৱৰ মোলান লস্কৰ; বৰপেটাৰ টিকেন নাথ, নিৰুপমা বৰুৱা, মনোৰমা ভূঞা; শোণিতপুৰৰ ললিত বৰুৱা, তিনিচুকীয়াৰ ৰূপেশ্বৰী গোহাঁই; ওদালগুৰিৰ বিষ্ণু শৰ্মা, ক্ষীতেশ্বৰ শৰ্মা, দেৱৰাজ সাপকটা আৰু অমৃত বসুমতাৰী।