অসম আৰক্ষীত ৬৬৬২টা পদত নিযুক্তিৰ বাবে চৰকাৰৰ প্ৰস্তুতি

AssamPolice_Recruitment-1024x615

অসম চৰকাৰে আৰক্ষী বিভাগত ইয়াৰ নিৰস্ত্ৰ শাখা/সশস্ত্ৰ শাখাত মুঠ ৬৬৬২ টা কনিষ্টবল পদত নিযুক্তিৰ বাবে যো জা চলাইছে।

উল্লেখ্য যে ২০১৮চনৰ এপ্ৰিলত বিজ্ঞাপন প্ৰকাশ কৰা ৫৪৯৪টা পদৰ সৈতে নতুনকৈ ১১৬৮ টা পদ যোগ কৰি নিয়োগৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

উক্ত পদত আবেদনকাৰী প্ৰাৰ্থীসকলৰ বয়স ১জুলাই,২০১৯ত ২৫ বছৰ হ’ব লাগিব।

শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত নিৰস্ত্ৰ শাখাৰ প্ৰাৰ্থীসকল উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ আৰু সশস্ত্ৰ শাখাৰ বাবে প্ৰাৰ্থী হাইস্কুল শিক্ষান্ত বা দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ’ব লাগিব।

উক্ত পদৰ বাবে প্ৰাৰ্থীসকলে অহা ২০২০ৰ ৬ জানুৱাৰিৰ ভিতৰত আবেদন কৰিব লাগিব।

আনহাতে, যিসকল প্ৰাৰ্থীয়ে যোৱা ২০১৮ৰ এপ্ৰিলত জাৰি কৰা বিজ্ঞাপন অনুসৰি আবেদন পত্ৰ দাখিল কৰিছিল তেওঁলোকে পুনৰ আবেদন কৰাৰ প্ৰয়োজন নাই।

প্ৰাৰ্থী সকলে www.slprbassam.inত অনলাইনযোগে আবেদন কৰিব পাৰিব।

উল্লেখযোগ্য যে যোৱা ২০১৮চনৰ  ৩ এপ্ৰিলত আৰক্ষী বিভাগত ১৩৮৬ জনক কনিষ্টবল পৰ্য্যায়ৰ পদত নিযুক্তি দিয়াৰ পিছত পুনৰ ৫৪৯৪টা পদত নিযুক্তি দিয়াৰ বাবে আৰক্ষী বিভাগে প্ৰস্তুতি চলাইছিল যদিও সেয়া সম্পূৰ্ণ হৈ নুঠিল।

সেয়েহে এইবাৰ তাৰ লগত আৰু ১১৬৮ পদৰ সংযোজন ঘটাই পুনৰ নিযুক্তিৰ প্ৰস্তুতি চলাইছে। ৰাজ্য চৰকাৰৰ এই প্ৰচেষ্টাই ৰাজ্যৰ চাকৰি প্ৰাৰ্থী নিবনুৱাৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।