দেশৰ মুখ্য ন্যায়াধীশতকৈ বিজেপিৰ সভাপতি অমিত শ্বাহৰ নিৰাপত্তাতহে অধিক গুৰুত্ব দিলে চৰকাৰে : দেবব্ৰত শইকীয়া

Debabrata-Saikia

“দেশৰ মুখ্য ন্যায়াধীশতকৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ নিৰাপত্তাৰ দিশটোত অধিক গুৰুত্ব দিলে ৰাজ্য চৰকাৰে।”

গৃহৰাজ্যতে সপত্নীক কামাখ্যা মন্দিৰ ভ্ৰমণৰ সময়ত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ভিৰত আবদ্ধ হোৱাৰ ঘটনাক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই।

উল্লেখযোগ্য যে, দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে যোৱা ১৭ অক্টোবৰত কামাখ্যা মন্দিৰ ভ্ৰমণৰ সময়ত তেওঁৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি যথোচিত মনোযোগ প্ৰদৰ্শনত ব্যৰ্থতাৰ বাবে কালি ৰাজ্যৰ প্ৰশাসনে গুৱাহাটী (পশ্চিম) উপ আৰক্ষী আয়ুক্ত ভৱৰলাল মীনা আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত কুমাৰ কাঠকটীয়াক নিলম্বন কৰিছিল। তাৰ পাছতেই বিৰোধী দলপতি দেবব্ৰত শইকীয়া বিষয়টোৰ সন্দৰ্ভত সৰৱ হৈ পৰে।

তেওঁ উক্ত ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনোৱাৰ লগতে অভিযোগ কৰি কয়, “উচ্চতম ন্যায়ালয়ৰ এগৰাকী মুখ্য ন্যায়াধীশক নিৰাপত্তাৰ ক্ষেত্ৰত কনিষ্ঠ বিষয়াক দায়িত্ব দিয়েই প্ৰশাসনে দায়িত্ব সামৰিছে।”

এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ ক্ষেত্ৰত আৰক্ষীৰ উচ্চপদস্থ বিষয়া এগৰাকীক দায়িত্ব দিব লাগিছিল বুলি তেওঁ মন্তব্য কৰে।

আনহাতে, নিলম্বিত পশ্চিম গুৱাহাটী উপ আৰক্ষী আয়ুক্ত ভৱৰলাল মীনা আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত প্ৰশান্ত কাঠকটীয়াক নিলম্বন কৰাটো উচিত হোৱা নাই বুলি দাবী কৰি লগতে বিৰোধী দলপতিগৰাকীয়ে লগতে কয়, “তেওঁলোকৰ নিলম্বন চৰকাৰে উঠাই ল’ব লাগে।”

তদুপৰি বিৰোধী দলপতিগৰাকীয়ে অভিযোগ কৰি কয় যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ নিৰাপত্তাৰ দিশটোতকৈ অসম চৰকাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতিহে বেছিকৈ গুৰুত্ব আৰোপ কৰিলে।

উল্লেখযোগ্য যে দেশৰ মুখ্য ন্যায়াধীশৰ পদত আসীন হোৱাৰ পিছত ন্যায়াধীশ ৰঞ্জন গগৈয়ে যোৱা ১৬ অক্তোবৰত প্ৰথমবাৰৰ বাবে তেওঁৰ গৃহ ৰাজ্যলৈ আহিছিল। ৰাজ্য চৰকাৰে তেওঁক বিমান বন্দৰত ৰঙা দলিচা পাৰি ৰাজ্যিক মৰ্য্যাদা দি আদৰিছিল।

কিন্তু মুখ্য ন্যায়াধীশজনে যোৱা ১৭ অক্টোবৰত সপত্নীক কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে যাওঁতে তাত অপ্ৰীতিকৰ পৰিস্থিতিৰ মুখামুখি হৈছিল। একে সময়তে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহেও কামাখ্যা ভ্ৰমণ কৰাত আৰক্ষী শ্বাহৰ নিৰাপত্তাৰ দিশটোক লৈহে অধিক ব্যস্ত হৈ পৰিছিল। ফলত ভিৰৰ মাজত আবদ্ধ হৈ পৰিছিল ন্যায়াধীশ গগৈ। বিশেষকৈ অমিত শ্বাহক লৈ ব্যস্ত বিজেপিৰ সমৰ্থকে সৃষ্টি কৰিছিল অভাৱনীয় পৰিস্থিতি।