আজিৰ পৰা ৰাজ্যত বন্ধ গাহৰি মাংসৰ বিক্ৰী; কিয় এই সিদ্ধান্ত মন্ত্ৰী অতুল বৰাৰ ?

মন্ত্ৰী অতুল বৰাৰ ফাইল ফটো

আজিৰ পৰা ৰাজ্যত বন্ধ কৰা হৈছে গাহৰি মাংস বিক্ৰী। কৃষি মন্ত্ৰী অতুল বৰাই ঘোষণা কৰিছে এই কথা।

খানাপাৰাস্থিত পশু চিকিৎসালয়ত এক সংবাদমেল সম্বোধন কৰি গাহৰি মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে কৃষি ও পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই।

সংবাদমেলত বৰাই কয় ‘আজিৰে পৰা গাহৰি মাংসৰ বিক্ৰী কৰা দোকানসমূহ বন্ধ কৰিবলৈ কোৱা হৈছে। লখিমপুৰ, ধেমাজি, বিশ্বনাথ চাৰিআলি, যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড়ত বহুসংখ্যক গাহৰি মৃত্যুমুখত পৰিছে। মুঠ ১৯৬৪ টা গাহৰি এই জিলাসমূহত মৃত্যুমুখথ পৰিছে।’

‘এই সময়ত সাধাৰণতে ছোৱাইন ফিভাৰ হয়, ইনজেক্সন দিয়া হৈছিল যদিও বহু গাহৰি আৰোগ্য হোৱা নাই। গতিকে সন্দেহ হৈছে কিবা ভাইৰাছ বা বীজাণুৱে আক্ৰমণ কৰিছে নেকি? ইতিমধ্যে মৃত গাহৰিৰ নমুনা ভূপাললৈ প্ৰেৰণ কৰা হৈছে।‘

ইয়াৰোপৰি, এই দিনকেইটাত এঠাইৰ পৰা আন ঠাইলৈ গাহৰি সৰবৰাহৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ আৰু কয় ‘যোৱা সময়ছোৱাত আমাৰ বিভাগে পশু চিকিৎসা মহাবিদ্যালয়ৰ লগত লগ লাগি এই ৰোগ চিনাক্ত কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰতিখন জিলালৈকে পাঁচজনীয়া একোটাকৈ চিকিৎসকৰ দল প্ৰেৰণ কৰা হৈছিল আৰু তেওঁলোকে চেম্প’ল সংগ্ৰহ কৰিছে। আজিও মুখ্য মন্ত্ৰীৰ বাসগৃহত গাহৰি মৃত্যু সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়।‘

আলোচনাৰ পাছতে গাহৰি মাংস বিক্ৰী আৰু জীৱন্ত গাহৰি সৰবৰাহৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ কথা ঘোষণা কৰে।

ইয়াৰোপৰি গাহৰি ফাৰ্মৰ সংস্পৰ্শলৈ অহা লোক অন্য গাহৰি ফাৰ্মলৈ আহ-যাহ কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত জনায়।