মুখ্য মন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে ককিলামুখ-কাৰ্তিক চাপৰি সংযোগী ফেৰী সেৱা

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি যোৰহাট জিলাৰ ককিলামুখত ব্ৰহ্মপুত্ৰ নৈৰে যাতায়াত ব্যৱস্থা সুগম কৰাৰ উদ্দেশ্যৰে ককিলামুখ-কাৰ্তিক চাপৰি সংযোগী পেৰী সেৱা ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে।

উল্লেখ্য যে আভ্যন্তৰীণ জলপৰিবহণ বিভাগে ককিলামুখ-কাৰ্তিক চাপৰিৰ মাজত যাতায়াত ব্যৱস্থা সুগম কৰাৰ উপৰি মলাই চাপৰি পৰিভ্ৰমণৰ ক্ষেত্ৰত পৰ্যটকৰ সুবিধা হোৱাকৈ এই ফেৰী সেৱা শুভাৰম্ভ কৰিছে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোমোৱালে কয় যে ককিলামুখ আৰু কাৰ্তিক চাপৰি সংযোগী ফেৰী সেৱা আৰম্ভ কৰাৰ বাবে অঞ্চলটোৰ জনসাধাৰণে দীৰ্ঘ দিন ধৰি দাবী জনাই আহিছিল।

মুখ্য মন্ত্ৰীয়ে লগতে কয় যে মলাই চাপৰিত পৰ্যটনৰ যথেষ্ট সম্ভাৱনা আছে। ফেৰী সেৱাই এই সম্ভাৱনাক বাস্তৱত পৰিণত কৰিব বুলিও তেওঁ কয়।

মুখ্য মন্ত্ৰীয়ে মলাই চাপৰিক এখন অৰণ্যলৈ ৰূপান্তৰ কৰি আকৰ্ষণীয় পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ বাবে ‍‘অৰণ্য মানৱ’ যাদৱ পায়েঙক ধন্যবাদ জনাই কয় যে এইগৰাকী প্ৰকৃতিপ্ৰেমীৰ বাবে আজি মলাই চাপৰি পৰ্যটকৰ অন্যতম আকৰ্ষণ স্থলীলৈ ৰূপান্তৰিত হৈছে।

মলাই চাপৰিলৈ যাতায়াতৰ সু-ব্যৱস্থা নথকাৰ বিষয়টো চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে স্থানীয় জনসাধাৰণ তথা সাংবাদিকসকলক মুখ্য মন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে।

আজিৰ এই অনুষ্ঠানত বিধায়ক বিমল বৰা, প্ৰকৃতিবিদ যাদৱ পায়েং, যোৰহাট জিলাৰ উপায়ুক্ত, আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ সঞ্চালক প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।