বিষয়া আৰু উচ্চ বৰ্গৰ কৰ্মচাৰী বাদ! : পিছে চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে পিন্ধিব লাগিব খাদী পোছাক

index.jpga

জাতিৰ পিতা মহাত্মা গান্ধী আৰু তেখেতৰ খাদী আন্দোলনৰ প্রতি উপযুক্ত শ্ৰদ্ধা জ্ঞাপন কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে চতুৰ্থবৰ্গৰ পুৰুষ আৰু মহিলা কৰ্মচাৰীক এড়ি ছার্ট আৰু এড়ি চাদৰ প্রদানৰ বাবে যি সিদ্ধান্ত গ্ৰহণ কৰিছিল তাক পৰ্যায়ক্ৰমে বাস্তৱায়িত কৰিব।

প্রথম পৰ্যায়ত চলিত মাহত এই সিদ্ধান্ত কাৰ্যকৰী কৰা হ’ব। শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেখেতৰ চৰকাৰী আৱাসগৃহত অনুষ্ঠিত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সৈতে হোৱা এক বৈঠকত এই কথা ঘোষণা কৰে।

বৈঠকত পৌৰোহিত্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ আহ্বানৰ প্রতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক এড়ী বস্ত্ৰ প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।

পোছাক যোগান ধৰা প্রক্ৰিয়াটো তৰান্বিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আত্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে এলানি পদক্ষেপ গ্ৰহণ কৰিছে।

যমুখ্যমন্ত্ৰীয়ে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তক এই আঁচনিখন দ্ৰুতাভাৱে তথা সফল ভাবে ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়ে।

তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক খাদী পোছাক উপহাৰ হিচাপে প্রদান কৰিবলৈ ৰাজ্য চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ ফলত ৰাজ্যৰ খাদী উদ্যোগটো অধিক শক্তিশালী হৈ পৰিব।

এই পদক্ষেপে স্থানীয় শিপিনীসকলক উপকৃত কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্রথম পৰ্যায়ত এই আঁচনিখন ৰূপায়ণৰ বাবে ৮০ হাজাৰ খাদী ছাট আৰু চাদৰ প্রয়োজন হ’ব।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে খাদী উদ্যোগ আমাৰ গৌৰৱ। এই উদ্যোগৰ বিকাশ সাধনে আত্মনিৰ্ভৰশীলতাৰ দিশত আমাক আগুৱাই নিয়াৰ লগতে প্রতিগৰাকী পুৰুষ আৰু মহিলা সৱলীকৰণ দিশত সহায়ক হৈ উঠিব।

অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ কাম-কাজ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীয়ে ব’ৰ্ডক অধিক শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে খাদী কাপোৰ বিক্ৰীৰ বাবে অধিক বিপণী মুকলি কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব।

খাদী উদ্যোগৰ বিকাশ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই শিল্পৰ বিকাশ সাধনৰ জৰিয়তে জাতিৰ পিতাগৰাকীৰ প্রতি উপযুক্ত শ্ৰদ্ধা জ্ঞাপন কৰিব লাগিব।

আজিৰ এই বৈঠকত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্ত, অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতা, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰ আৰু অন্যন্য শীৰ্ষসকল উপস্থিত থাকে।