NORTHEAST NOW (Assamese)

ঢাল তৰোৱালহীন নিধিৰাম চৰ্দাৰ অসম পুলিচ

February 12, 2022 3:30 pm · এন ই নাও নিউজ,গুৱাহাটী

ঢাল তৰোৱালহীন নিধিৰাম চৰ্দাৰ অসম পুলিচ। হয়,  আধুনিকীকৰণৰ নামত  অসম আৰক্ষীয়ে যিমানে যি কথা নকওঁক কিয়, প্ৰকৃতাৰ্থত বিভাগটোৰ অৱস্থা এতিয়াও উন্নত হৈ উঠা নাই।

শেহতীয়াকৈ ৰাজ্যসভাৰ মজিয়াত গৃহ বিভাগৰ সংসদীয় কমিটিয়ে দাখিল কৰা প্ৰতিবেদনতেই সেই কথা স্পষ্ট হৈ পৰিছে।

গৃহ বিভাগৰ সংসদীয় কমিটিৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে অসমৰ ১৪১ খন আৰক্ষী থানাত নাই টেলিফোন সংযোগৰো ব্যৱস্থা।

৪খন আৰক্ষী থানাত এখনো গাড়ী।অৰ্থাৎ সেই থানাৰ অন্তৰ্গত অঞ্চলত কিবা অঘটন ঘটিলে আৰক্ষীয়ে খোজকাঢ়ি অথবা আনৰ পৰা বাহন আদি যোগাৰ কৰিহে ঘটনাস্থলীলৈ যাব লাগে।

একেদৰে অসমৰ দৰেই অৰুণাচল প্ৰদেশৰো আৰক্ষী বিভাগৰ পয়ালগা অৱস্থা প্ৰকট হৈছে প্ৰতিবেদন খনত ।

অৰুণাচলৰ ৯১ খন থানাৰ ভিতৰৰে ৫৪ খন থানাত নাই কোনো টেলিফোন সংযোগ। ৪ খন থানাত নাই কোনো গাড়ী।

একেদৰে মেঘালয়ৰ ৭৪ খন থানাৰ ভিতৰৰে ৯ খন থানা নাই আৰু ৬২টা আৰক্ষী চকীত নাই টেলিফোনৰ সংযোগ।

প্ৰতিবেদন খনৰ মতে ভাৰতৰ মুঠ ১৬,৮৮৩ খন থানাৰ ভিতৰত ২৫৭ খন থানাত নাই এখনো বাহন। দেশৰ ৬৩৮ খন থানাত নাই টেলিফোনৰ সযোগ আৰু ১৪৩ খন থানাত নাই ৱায়াৰলেছৰ কোনো সুবিধা।

Related News