কৰ’না চিকিৎসাক লৈ একাংশই অপপ্ৰচাৰ চলাইছে, ই সম্পূৰ্ণ ৰাজনৈতিক: হিমন্ত বিশ্ব শৰ্মা

ক’ভিড টেষ্টৰ নিগেটিভ, পজিটিভ বিসংগতিক বাতৰি কাকত, টেলিভিছনৰ বানান ভুলৰ লগত তুলনা

HBS press meet

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কয় যে ৰাজ্যত কৰ’না চিকিৎসাক লৈ একাংশই অপপ্ৰচাৰ চলাইছে আৰু ই সম্পূৰ্ণ ৰাজনৈতিক।

তেওঁ কয় যে পজিটিভ ৰোগীক নিগেটিভ আৰু নিগেটিভক পজিটিভ কৰা হৈছে বুলি এচামে প্ৰচাৰ চলাই আছে।

“ইমানখিনি কাম কৰোতে কোনোবাখিনিত ডাটা এণ্ট্ৰি কৰাত ভুল হ’ব পাৰে। কিন্তু এনে পৰিস্থিতিত তেনে সৰু সৰু ভুলবোৰক লৈ কৰা অধিক প্ৰচাৰে ক্ষতিহে কৰিব,” ৰাজ্যত বৰ্তমানলৈকে ৪ লাখতকৈ অধিক লোকৰ ক’ভিড টেষ্ট কৰা হৈছে বুলি সদৰী কৰি শৰ্মাই কয়।

“অত্যন্ত দুখৰে কওঁ এইবিলাক প্ৰচাৰৰ বাবে মানুহ পৰীক্ষা কৰাবলৈ হস্পিতাললৈ নহা হ’ব।”

শেহতীয়াকৈ কৰ’নাৰ পজিটিভ, নিগেটিভ ৰিজাল্টক লৈ বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈ আহিছিল। তদুপৰি ছ’চিয়েল মিডিয়াত ইয়াক লৈ সৰৱ চৰ্চা চলিছিল।

ক’ভিড টেষ্টৰ ক্ষেত্ৰত হোৱা ভুলক বাতৰি কাকত আৰু টেলিভিছনত হোৱা বানানৰ ভুলৰ দৰে বুলি তেওঁ মন্তব্য কৰে।

“কাৰোবাৰ বাতৰি কাকতৰ বানান ভুল নহয় জানো, টেলিভিছন স্ক্ৰীনত ভুল নহয় জানো? যিকেইটা টেলিভিছনে ভাবিছে অপপ্ৰচাৰৰ পৰা টি আৰ পি ল’ম তেওঁলোকৰ মালিক-কৰ্মচাৰীৰো কৰ’না হৈ যাব পাৰে,” তেওঁ কয়।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে বৰ্তমানলৈ ৰাজ্যৰ ভিন্ন স্থানত কৰা ক’ভিড টেষ্টত কিমানটা ভুল হৈছে সেই তথ্য সংবাদমেলত দাঙি ধৰে।

তেওঁ জনোৱা মতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ২৬,৭০৮গৰাকী লোকৰ টেষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত তিনিটা ৰিপ’ৰ্ট ভুলকৈ ওলাইছিল।

জে এম চি এইচত ৮৯,৫০৮গৰাকী লোকক কৰা হৈছে ক’ভিড টেষ্ট। ইয়াৰ ভিতৰত এটা ৰিপ’ৰ্ট ভুলকৈ ওলাইছিল।

জি এম ছি এইচত ৭৭ হাজাৰ টেষ্টৰ ভিতৰত ৪০টা ভুলকৈ ওলাইছিল।

শিলচৰ মেডিকেল কলেজ হস্পিটেলত ৩৮,১২৫গৰাকী লোকক টেষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত এটাও ৰিজাল্ট ভুলকৈ অহা নাই।

তেজপুৰ মেডিকেল কলেজ হস্পিটেলত ৪১,১০৭গৰাকী লোকক টেষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত এটা ৰিপৰ্ট ভুলকৈ ওলাইছিল।

বৰপেটা মেডিকেল কলেজ হস্পিটেলত ৫১,৪৪৯গৰাকী লোকক টেষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত এটাও ৰিজাল্ট ভুলকৈ অহা নাই।

লাহোৱালত ৩৮,৬৪২গৰাকী লোকক কৰা হৈছে টেষ্ট। ইয়াৰ ভিতৰত তিনিটা ৰিপ’ৰ্ট ভুলকৈ ওলাইছিল।

ডিফুত ৮,০০০গৰাকী লোকক টেষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত তিনিটা ৰিপ’ৰ্ট ভুলকৈ ওলাইছিল।

অপপ্ৰচাৰত বিশ্বাস কৰিব নালাগে বুলি জনসাধাৰণক আহ্বান জনাই তেওঁ কয়, “মহানগৰবাসীয়ে ভয় খাব নালাগে, এইবোৰ ৰাজনৈতিক। এনেধৰণৰ চমকপ্ৰদ আৰু অবিস্মৰণীয় মানৱ সেৱা কোনেও কৰিব নোৱাৰে।”

ইপিনে, বৰ্তমান আই চি ইউত থকা ৰোগীৰ সংখ্যা দাঙি ধৰি তেওঁ কয়, “জিএমচিএইচৰ আইচিইউত ২৫গৰাকী, এমএমচিত ৫গৰাকী, এছএমচিত ৫গৰাকী, ডিব্ৰুগড়ত ২গৰাকী, যোৰহাটত ১গৰাকী আৰু বৰপেটাত এগৰাকী লোক আছে।”

ইয়াৰোপৰি, অক্সিজেন আৰু ভেণ্টিলেটৰতো ২০ৰো অধিক লোক আছে বুলি তেওঁ কয়।

তেওঁ জনোৱা অনুসৰি ভেণ্টিলেশ্যন নোহোৱাকৈ আইচিইউত আছে ৩২গৰাকী ৰোগী।

অক্সিজেন লৈ আছে ১৫গৰাকী লোক।

তেওঁ লগতে জনাই যে যোৱা দহ দিনত কামৰূপ মেট্ৰত সৰ্বাধিক ২৭৪১গৰাকী লোক আক্ৰান্ত হৈছে।

আনহাতে লক্ষণ নাথাকিলে ক’ভিড ৰোগীক ঘৰতে কুৱাৰেণ্টিন কৰি ৰাখিব পাৰিব বুলি থকা আই চি এম আৰৰ নিয়ম অসমত মনা নহয় বুলি তেওঁ প্ৰকাশ কৰে।

“ICMRৰ নিয়ম আমি নামানো। কোনো ৰোগীক হ’ম কুৱাৰেন্টাইন কৰিলে কাষৰ বা লগৰ আবাসিকসকলে যি হুলস্থূল লগাব, সেইটো কণ্ট্ৰ’ল কৰা মোৰ দ্বাৰা সম্ভৱ নহ’ব। ইয়াৰোপৰি, লেট্ৰিন, বাথৰুম ব্যৱহাৰৰ ক্ষেত্ৰতো অসুবিধা হ’ব,” তেওঁ কয়।