২৫ জুনৰ পৰা অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী গ্ৰহণ শ্ৰীভূমি জিলাৰ গৃহৰক্ষী বাহিনীৰ
দীৰ্ঘদিন ধৰি চলি অহা ব্যৱস্থাগত অৱহেলা আৰু অনিশ্চিত সেৱাৰ দৰে পৰিস্থিতিৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে ২৫ জুনৰ পৰা শ্ৰীভূমি জিলাৰ গৃহৰক্ষী বাহিনীৰ জোৱান সকলে অনিৰ্দিষ্টকালীন অনশন আৰম্ভ কৰে।
প্ৰতিবাদ স্থলীত সমবেত হৈ আন্দোলনকাৰী জোৱানসকলে নিজৰ ন্যায়সঙ্গত দাবীসমূহ উত্থাপন কৰে আৰু ন্যায়ৰ বাবে সংগবদ্ধ হোৱাৰ আহ্বান জনায়।
তেওঁলোকৰ প্ৰাথমিক দাবীসমূহ হ’ল-
১) গৃহৰক্ষী আইন, ১৯৪৭, ২০১৯ৰ সংশোধনী।
২) ছমাহৰ চুক্তিবদ্ধ নিযুক্তি ব্যৱস্থা বিলুপ্ত কৰা, আৰু…
৩/ তেওঁলোকৰ নিয়োগ স্থায়ী তথা নিয়মীয়াকৰণ।
প্ৰতিবাদকাৰীসকলে আঙুলিয়াই দিয়ে যে বৰ্তমানৰ নিয়োগ ব্যৱস্থাই তেওঁলোকক চিৰন্তন অনিশ্চয়তাত ৰাখিছে, য’ত ধাৰাবাহিকতা বা আৰ্থিক স্থিতিশীলতাৰ কোনো নিশ্চয়তা নাই। এজন প্ৰতিবাদকাৰীয়ে দৃঢ়তাৰে কয় তেওঁলোকে বিশেষাধিকাৰ বিচৰা নাই, কেৱল সুস্থিৰ নিয়োগ আৰু আইনী স্বীকৃতিৰ মৰ্যাদা বিচাৰিছে।
প্ৰতিবাদকাৰীসকলে এই কথাও সকীয়াই দিছে যে, যদিহে কৰ্তৃপক্ষই তেওঁলোকৰ দাবীসমূহ সম্বোধন নকৰে তেন্তে ৰাজ্যব্যাপী বৃহৎ আন্দোলন গঢ়িতোলা হ’ব বুলি উল্লেখ কৰিছে।