• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অধিক ভয়ংকৰ বিপদৰ দিশে অসম; আৰু টানিব নোৱাৰিব নেকি স্বাস্থ্যমন্ত্ৰীয়ে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 10, 2020 7:49 pm
Himanta Biswa Sarma. (Photo: twitter@himantabiswa)

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ১ লাখ ৩০ হাজাৰ অতিক্ৰম কৰিলে।

ইয়াৰ সমান্তৰালকৈ ৪০০ ৰ দিশে অতিক্ৰম কৰিছে মৃতকৰ সংখ্যা। দৈনিক ১০-১২ টাকৈ মৃতদেহ সৎকাৰ হৈছে মহানগৰীৰ উলুবাৰীৰ শ্মশানত।

প্ৰতিদিনে সৰ্বাধিক ১৫ গৰাকীকৈ লোকে মাৰাত্মক ভাইৰাছৰ কবলত মৃত্যুক আঁকোৱালি লৈছে। লগতে ‘প্ৰতিদিনে ২৫০০ ৰ পৰা ২৭০০ লোক ৰাজ্যত ক’ৰ’নাত আক্ৰান্ত হৈ আছে।

কোভিডৰ বিৰুদ্ধে যুঁজখনত প্ৰথম অৱস্থাৰে পৰা স্বাস্থ্য মন্ত্ৰী হিচাপে বিশেষ তৎপৰতা দেখুৱাই আহিছিল স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

কিছু কিছু দিশত অসমক অন্য ৰাজ্যৰ সৈতে তুলনা কৰি শীৰ্ষত স্থান লাভ কৰা বুলি দাবী কৰিছিল স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

এতিয়া যেন আক্ৰান্তৰ সংখ্যা আৰু মৃতকৰ সংখ্যাৰ ক্ষেত্ৰতো দিল্লী, মুম্বাইক পিছ পেলাই শীৰ্ষত স্থান লাভৰ দিশে গতি কৰিবলৈ আৰম্ভ কৰিছে অসমে।

আজি স্বাস্থ্য মন্ত্ৰীৰ বক্তব্যতে প্ৰকাশ পালে স্বাস্থ্য বিভাগৰ নিয়ন্ত্ৰণৰ বাহিৰত গৈ আছে কোভিড পৰিস্থিতি।

ৰাজ্যৰ কোভিড চিকিৎসালয়সমূহৰ আই.চি.য়ুত বিচনাৰ নাটনি হোৱা আৰম্ভ হৈছে তথা স্বাস্থ্য মন্ত্ৰীগৰাকীৰ মতে এই হাৰত অধিক লক্ষণ থকা ৰোগীৰ সংখ্যা বৃদ্ধি পাই গৈ থাকিলে অক্টোবৰৰ শেষৰ ফালে আই.চি.য়ুৰ অভাৱ ঘটিব।

‘ৰাজ্যত এতিয়া যেনে ক’ৰ’না ৰোগী চিকিৎসালয়লৈ অহা আৰম্ভ কৰিছে তেওঁলোকৰ সৰহসংখ্যককে আই.চি.য়ু আৰু অক্সিজেনৰ প্ৰয়োজন হৈছে। ডিব্ৰুগড় মেডিকেল কলেজত আই.চি.য়ুৰ অভাবৰ কাৰণে প্ৰতিদিনে ২০-২৫ গৰাকী ৰোগীয়ে বহু অসুবিধাৰ সন্মুখীন হৈ আছে।‘ অকপটে সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰি এইদৰে কয় মন্ত্ৰীগৰাকীয়ে।

ইপিনে, GMCH তো আই.চি.য়ুৰ অভাৱ অনুভৱ হোৱা নাই যদিও যিমানখিনি আছিল এইধৰণে কোভিড ৰোগীৰ সংখ্যা বাঢ়ি গৈ থাকিলে অক্টোবৰ মাহৰ প্ৰথমভাগত আইচি.য়ুৰ অভাৱ অনুভৱ কৰিব বুলিও স্বীকাৰ কৰে স্বাস্থ্যমন্ত্ৰীয়ে।

অৱশ্যে, কালাপাহাৰ কোভিড হাস্পতালত নতুনকৈ আইচিয়ু নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে বুলি মন্ত্ৰীয়ে জনায়।

‘এটা সময়ত মৃত্যু প্ৰতিদিনে ২-৪ জন আছিল। কালিৰ দিনটোত ১৮ জনকৈ ব্যক্তিৰ মৃত্যু হৈছে। স্বাভাৱিকভাৱে পৰিৱেশটো জটিল হৈ আছে। প্ৰথমবাৰৰ বাবে যোৱাৰাতি ১৮ গৰাকী লোকৰ মৃত্যু দেখা পাইছো। কোভিডৰ বেদনাদায়ক ৰূপটো লাহে আহে দেখা পাই আছো।‘ হতাশা প্ৰকাশ কৰি মন্ত্ৰীয়ে এইদৰে কয়।

ইপিনে, ডিচেম্বৰৰ পাছত যেন স্বাস্থ্য বিভাগটোৱে হাত দাঙি দিব বা টানিব নোৱাৰা হ’ব তেনে এক কথাই আওপকীয়াকৈ হ’লেও মন্ত্ৰীৰ বক্তব্যত প্ৰকাশ পালে।

তেওঁ কয়, ‘আইচিয়ুটো এনেকুৱা নহয় যে বেড নতুনকৈ লগাব পাৰিব। সকলোৰে এটা সীমা আৰু শেষ আছে। মই ভাবো যে ডিচেম্বৰলৈকে যদি এনেদৰে চলি থাকে তেন্তে সীমা শেষ পাই যাম। তাৰ পাছত আৰু টানিব নোৱাৰিব। তাৰ পিছত এই পৰিস্থিতি হ’ব যে ১০ জনৰ দুৰ্ঘটনা হ’ল দুজনে আইচিয়ু পালে, আঠজনে নাপালে বাবে ঢুকাল। কোভিড দীঘলীয়া হৈ গৈ থাকিলে মৃত্যুৰ সংখ্যা বাঢ়ি গৈ থাকিব।‘

‘প্ৰত্যেক দিনাই গড়ে ২৫০০ ৰোগী চলি আছে। যদি এই সংখ্যা নাবাঢ়ে তেতিয়াও প্ৰতি মাহত ৭৫ হাজাৰকৈ বাঢ়িব। যদি একেবাৰে নাবাঢ়ে বুলি ধৰি লওঁ তেন্তে অসমত ৩০ দিনত দুগুণ হয়। অৰ্থ্যাৎ ১ লাখ ৩০ হাজাৰ আক্ৰান্ত হ’ব। দ্বিতীয় মাহত ২ লাখ ৬৬ হাজাৰ হ’ব।‘ কোভিডৰ অনাগত সময়ৰ ভয়াবহতাৰ দিশটোৰ সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

উল্লেখযোগ্য যে, অন্যান্য ৰাজ্য যেনে দিল্লী,  কেৰেলা, মহাৰাষ্ট্ৰ ইত্যাদি ৰাজ্যসমূহত কোভিড একেবাৰে নোহোৱা নহ’লেও এতিয়া সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ আহিছে। কিন্তু কোভিডৰ আৰম্ভণিৰে পৰা সামাজিক মাধ্যমত প্ৰচাৰ বহুলতা দেখুৱায়ো এজন দক্ষ স্বাস্থ্য মন্ত্ৰীৰ দায়িত্বত কিয় নিয়ন্ত্ৰণৰ বাহিৰত যাবলৈ আৰম্ভ কৰিছে সেয়া নিশ্চয়কৈ লক্ষণীয় হৈ পৰিছে।

অসমৰ এই ভয়ংকৰ বিপদৰ বাবে স্বাস্থ্য মন্ত্ৰী অথবা ৰাজ্য চৰকাৰৰ কিবা ভুল নীতি ৰৈ গৈছে নেকি সেই বুলিও বহুতে প্ৰশ্ন উত্থাপন কৰিবলৈ লৈছে।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd