ডিব্ৰুগড়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাক গ্ৰেপ্তাৰ

প্ৰতিবাদৰ সময়ত ৰাজহুৱা সম্পত্তি ধ্বংসৰ পৰ্য্যাপ্ত প্ৰমাণ আছে: আৰক্ষী অধীক্ষক

ডিব্ৰুগড়ত নাগৰিকত্ব (সংশোধন) আইনবিৰোধী প্ৰতিবাদত সংঘটিত ধ্বংস আৰু হিংসাত্মক কাণ্ড সংক্ৰান্তত আৰক্ষীয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন নেতাক গ্ৰেপ্তাৰ কৰিছে।

ধৃত বিজু তামুলী সংগঠনটোৰ বৰবৰুৱা আঞ্চলিকৰ সাধাৰণ সম্পাদক। ডিব্ৰুগড় আৰক্ষীয়ে বৰবৰুৱাৰ পৰা বৃহস্পতিবাৰে তেওঁক গ্ৰেপ্তাৰ কৰে।

জিলা আৰক্ষী অধীক্ষক শ্ৰীজিত তিৰাৱিয়ামে জনোৱামতে লোকজনৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত ৰাজহুৱা সম্পত্তি ধ্বংসৰ পৰ্য্যাপ্ত প্ৰমাণ আৰক্ষীৰ হাতত আছে।

আৰক্ষী বিষয়াগৰাকীয়ে জনোৱামতে ধ্বংস আৰু হিংসা সংক্ৰান্তত এতিয়ালৈকে জিলাখনত ৬২ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

“এতিয়ালৈকে ৮০টা গোচৰ পঞ্জীয়ন কৰা হৈছে। ধ্বংস আৰু হিংসাত জৰিতসকলৰ বিৰুদ্ধে আমাৰ ওচৰত পৰ্য্যাপ্ত প্ৰমাণ আছে,” তেওঁ কয়।

কা-বিৰোধী হিংসাত মুখ্য মন্ত্ৰী সোণোৱালৰ গৃহ জিলাখনৰ বিভিন্ন ঠাইত বহু ধ্বংসকাৰ্য্য সংঘটিত হৈছিল। চাবুৱা অঞ্চলত ৰাজহুৱা সম্পত্তিৰ ব্যাপক ক্ষয়ক্ষতি হৈছিল।

পূৰ্বে সংগঠনটোৰ নেতা অখিল গগৈক অসম আৰক্ষীয়ে যোৰহাটত গ্ৰেপ্তাৰ কৰিছিল। পিছত তেওঁক এন আই এই বেআইনী কাৰ্য্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল।

অখিল গগৈকে ধৰি সংগঠনটোৰ আৰু কেইবাজনো নেতা বৰ্তমান কাৰাবন্দী অৱস্থাত আছে।

ইফালে সদৌ অসম ছাত্ৰ সন্থায়ো জিলাখনত কা-বিৰোধী প্ৰতিবাদ অব্যাহত ৰাখিছে। কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক ডিব্ৰুগড়ৰ আৰ কে বি পথত প্ৰতিবাদকাৰীসকলে আজি ক’লা পতাকা দেখুৱায়।