শিৱসাগৰত ২০২৬ গৰাকী ভূমিহীন লোকৰ মাজত ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আয়োজিত এক ৰাজহুৱা সভাত ভূমিহীন হিতাধিকাৰীলৈ ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কৰা হয়।

অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্ৰ আৰু গড়কাপ্তানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে। মন্ত্ৰীজনে নিজ ভাষণত ভূমিহীন হিতাধিকাৰীলৈ ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণৰ এই প্ৰক্ৰিয়াক অসম চৰকাৰৰ এক যুগান্তকাৰী পদক্ষেপ ৰূপে অভিহিত কৰে।

চৰকাৰে অহা মাৰ্চ মাহৰ ভিতৰত প্ৰায় ৪০,০০০ গৃহহীন লোকক মাটিৰ পট্টা আৰু আৱণ্টন পত্ৰ প্ৰদানৰ এক লক্ষ্য স্থিৰ কৰা বুলি উল্লেখ কৰি তেওঁ এই দিশত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াসকলক আহ্বান জনায়।

চৰকাৰে থলুৱা আৰু খিলঞ্জীয়া লোকৰ অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত গ্ৰহণ কৰা সবল পদক্ষেপ সমূহৰ বাবে আজি ‘আমাৰ মাটি আমাৰ অধিকাৰ’ শ্ল’গানে কাৰ্যকৰী ৰূপ লৈছে বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

জিলা উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়াই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে। চৰকাৰৰ এই পদক্ষেপৰ দ্বাৰা জিলাখনৰ দৰিদ্ৰ ভূমিহীন ৰাইজ যথেষ্ট উপকৃত হ’ব বুলি উপায়ুক্ত গৰাকীয়ে মন্তব্য ৰাখে।

আজিৰ অনুষ্ঠানত ১,৫০৮ গৰাকী হিতাধিকাৰীৰ মাজত ম্যাদী খেৰাজী পট্টা (Periodical Patta) আৰু ৫১৮ গৰাকী হিতাধিকাৰীৰ মাজত আৱণ্টন পত্ৰ (Allotment Certificate) বিতৰণ কৰা হয়। আজি মুঠ ৩,০৬৫ বিঘা ৪ কঠা ৭ লেছা মাটিৰ বাবে ভূমি পট্টা আৰু আৱণ্টন পত্ৰ প্ৰদান কৰা হয়।

অনুষ্ঠানত সমাজ সেৱক ভৱেন মহন, প্ৰাঞ্জল কটকী, সমাজ সেৱিকা সুৰভি ৰাজকুমাৰী, ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব গকুল মোহন হাজৰিকা, জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী, ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত মুন গগৈ, অতিৰিক্ত উপায়ুক্তসকল, নাজিৰাৰ মহকুমাধিপতি, ৰাজহ চক্ৰ বিষয়াসকল, জিলা প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াসকল, হিতাধিকাৰীসকল আৰু সাধাৰণ ৰাইজ উপস্থিত থাকে।