NORTHEAST NOW (Assamese)

নুমলীগড়ৰ তেলগৰমত পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘ

April 5, 2020 2:08 pm · উত্তম শইকীয়া

শনিবাৰে নিশা নুমলীগড়ত বন বিভাগে স্থাপন কৰা এটা লৌহ পিঞ্জৰাত আৱদ্ধ হয় এটা মতা নাহৰফুটুকী বাঘ। গোলাঘাট জিলাৰ নুমলীগড়ৰ তেলগৰম এলেকাৰ আমলখিতলৰ স্থানীয় লোকে দীৰ্ঘদিন ধৰি আপত্তি কৰি অহাত এসপ্তাহৰ আগতে বাঘটো কৰায়ত্ত কৰাৰ বাবে লৌহ পিঞ্জৰা স্থাপন কৰিছিল গোলাঘাটৰ বন বিভাগে ৷

বন বিভাগে স্থাপন কৰা এই লৌহ পিঞ্জৰাত যোৱা নিশা পিঞ্জৰাবদ্ধ হোৱা মতা নাহৰফুটুকী বাঘটোয়ে আমলখিতল আৰু ৪ নং ৰংবং অঞ্চলতো বহু পশুধন হত্যা কৰাৰ উপৰিও যোৱা ২৬ মাৰ্চত চাৰিজন লোককো আক্ৰমণ কৰিছিল বুলি স্থানীয় লোকে বন বিভাগক আপত্তি কৰিছিল ৷

আজি পুৱা বাঘটো পিঞ্জৰাবদ্ধ হোৱাৰ খবৰ পাই ল’কডাউনৰ মাজতো তেলগৰমৰ আমলখিতললৈ নাহৰফুটুকীক চাবলৈ আহে স্থানীয় জনসাধাৰণ। নাহৰফুটুকী বাঘটোয়ে কোনোধৰনৰ আঘাত পোৱা নাই। বাঘটোক পিচত বনাঞ্চলৰ মাজত নি মুকলি কৰি দিয়ে বন বিভাগৰ লোকে।

Related News